--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোৱা হয় যে টেষ্ট ক্ৰিকেট অনিশ্চয়তাৰ খেল। পাঁচোটাকৈ দিন খেলপথাৰত সংগ্ৰাম কৰাৰ পাছতো মেচখন ফলাফলহীনভাৱে ড্ৰ’ হ’ব পাৰে। কিন্তু এক ৰাণত জয়লাভ কৰাটো নিঃসন্দেহে বিৰল।

নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত আজি এটা টেষ্ট চিৰিজৰ সমাপ্তি হয়। শেষৰখন মেচত নিউজিলেণ্ডে ৰোমাঞ্চকৰ জয়লাভ কৰে। দুখনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচত ইতিপূৰ্বে ইংলেণ্ডে জয়লাভ কৰিছিল। শৃংখলাটোত পৰাস্ত হোৱাৰ পৰা বাচিবলৈ  নিউজিলেণ্ডে এইখন মেচত বিজয়ী হৈ সমতা স্থাপন কৰাটো অত্যন্ত প্ৰয়োজন হৈছিল। সেয়া সম্ভৱ হৈ পৰিল মাত্ৰ এক ৰাণৰ বাবে।

নিউজিলেণ্ডৰ ৱেলিংটনত খেলা মেচখনৰ অন্তিম দিনা ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন আছিল ২৫৮ ৰাণ। কিন্তু দলটোৱে ২৫৬ ৰাণ কৰি অল আউট হয়। সেই সময়ত ক্ৰিজত আছিল ইংলেণ্ডৰ জেমছ এণ্ডাৰছনে। ৬ টা বলত ৪ ৰাণ কৰি থকা এণ্ডাৰছনে দলক বিজয় প্ৰদান কৰিব বুলি সকলো নিশ্চিত আছিল। কিন্তু নিউজিলেণ্ডৰ মিডিয়াম পেচাৰ নেইল ৱেগনাৰৰ এটা বল খেলিবলৈ গৈ এণ্ডাৰছনে ভুল কৰে। টম বাণ্ডেলৰ হাতৰ মুঠিত এটা কেচ আৱদ্ধ হয়। ফলস্বৰূপে এণ্ডাৰছন আউট হয়। লগে লগে ইংলেণ্ডৰ ইনিংছ শেষ হয় আৰু নিউজিলেণ্ড বিজয়ী হয়।

নিউজিলেণ্ড বিজয়ী হোৱাৰ পাছতে মেচখনক লৈ তীব্ৰ চৰ্চা চলিছে। ১৯৯৩ চনৰ ২৩ জানুৱাৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ এক ৰাণত বিজয়ী হৈছিল ৱেষ্ট ইণ্ডিজ। এডিলেইডত অনুষ্ঠিত হোৱা মেচখনৰ ত্ৰিশ বছৰৰ পিছত পুনৰ এবাৰ এই বিৰল ঘটনা সংঘটিত হ’ল ক্ৰিকেটৰ খেলপথাৰত।

ইয়াৰ পূৰ্বে ইংলেণ্ডে প্রথম ইনিংছত ৪৩৫ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰিছিল। দলটোৰ এই শক্তিশালী স্থিতিৰ মূলতে আছিল জ’ ৰুট (১৫৩) আৰু হেৰী ব্ৰুকৰ (১৭৬) দূৰ্দান্ত শতকীয় ইনিংছ। নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে ৪টাকৈ উইকেট দখল কৰে।

ইংলেণ্ডৰ ইনিংছৰ পাছত নিউজিলেণ্ডে বেটিং কৰিবলৈ নামে। কিন্তু ২০৯ ৰাণতে দলটো অল আউট হৈ যায়।  টেইল এণ্ডাৰ বেটাৰ টীম ছাউদীৰ (৭৩) বাদে আন কোনো বেটাৰে বিশেষ বৰঙণি আগবঢ়াব নোৱাৰিলে।  ফলত ফলো অন কৰিবলৈ পুনৰ ইনিংছ আৰম্ভ কৰে। অধিনায়ক কেন উইলিয়ামছনৰ দূৰ্দান্ত শতকৰ (১৩২) সহায়ত সংগ্ৰহ কৰে ৪৮৩ ৰান। পাঁচটা উইকেট লাভ কৰে ইংলেণ্ডৰ জেক লীচে।

নিউজিলেণ্ডে বান্ধি দিয়া ২৫৮ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ইংলেণ্ডৰো বেটিং বিপৰ্যয় আৰম্ভ হয়। জ’ ৰুটৰ (৯৫) বাদে আন কোনো বেটাৰে বিশেষ অৰিহণা আগবঢ়াব নোৱাৰিলে। ফলত দলক বিজয় লাভ কৰোৱাৰ দায়িত্ব পৰে টেইল এণ্ডাৰ বেটাৰসকলৰ ওপৰত। ধীৰে ধীৰে অগ্ৰসৰো হৈছিল বিজয়ৰ দিশে। কিন্তু জেমছ এণ্ডাৰছন আউট হোৱাৰ পাছতে মাত্ৰ এক ৰাণৰ ব্যৱধানত পৰাস্ত হ’বলগা হয় ইংলেণ্ড।

এই জয়েৰে শৃংখলাটো ড্ৰ’ হয়। মেচখনত মেন অৱ দ্যা মেচ লাভ কৰে নিউজিলেণ্ডৰ কেন উইলিয়ামছনে। আনহাতে, মেন অৱ দ্যা চিৰিজ লাভ কৰে ইংলেণ্ডৰ হেৰী ব্ৰুকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement