--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোৱা হয় যে টেষ্ট ক্ৰিকেট অনিশ্চয়তাৰ খেল। পাঁচোটাকৈ দিন খেলপথাৰত সংগ্ৰাম কৰাৰ পাছতো মেচখন ফলাফলহীনভাৱে ড্ৰ’ হ’ব পাৰে। কিন্তু এক ৰাণত জয়লাভ কৰাটো নিঃসন্দেহে বিৰল।

নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত আজি এটা টেষ্ট চিৰিজৰ সমাপ্তি হয়। শেষৰখন মেচত নিউজিলেণ্ডে ৰোমাঞ্চকৰ জয়লাভ কৰে। দুখনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচত ইতিপূৰ্বে ইংলেণ্ডে জয়লাভ কৰিছিল। শৃংখলাটোত পৰাস্ত হোৱাৰ পৰা বাচিবলৈ  নিউজিলেণ্ডে এইখন মেচত বিজয়ী হৈ সমতা স্থাপন কৰাটো অত্যন্ত প্ৰয়োজন হৈছিল। সেয়া সম্ভৱ হৈ পৰিল মাত্ৰ এক ৰাণৰ বাবে।

নিউজিলেণ্ডৰ ৱেলিংটনত খেলা মেচখনৰ অন্তিম দিনা ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন আছিল ২৫৮ ৰাণ। কিন্তু দলটোৱে ২৫৬ ৰাণ কৰি অল আউট হয়। সেই সময়ত ক্ৰিজত আছিল ইংলেণ্ডৰ জেমছ এণ্ডাৰছনে। ৬ টা বলত ৪ ৰাণ কৰি থকা এণ্ডাৰছনে দলক বিজয় প্ৰদান কৰিব বুলি সকলো নিশ্চিত আছিল। কিন্তু নিউজিলেণ্ডৰ মিডিয়াম পেচাৰ নেইল ৱেগনাৰৰ এটা বল খেলিবলৈ গৈ এণ্ডাৰছনে ভুল কৰে। টম বাণ্ডেলৰ হাতৰ মুঠিত এটা কেচ আৱদ্ধ হয়। ফলস্বৰূপে এণ্ডাৰছন আউট হয়। লগে লগে ইংলেণ্ডৰ ইনিংছ শেষ হয় আৰু নিউজিলেণ্ড বিজয়ী হয়।

নিউজিলেণ্ড বিজয়ী হোৱাৰ পাছতে মেচখনক লৈ তীব্ৰ চৰ্চা চলিছে। ১৯৯৩ চনৰ ২৩ জানুৱাৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ এক ৰাণত বিজয়ী হৈছিল ৱেষ্ট ইণ্ডিজ। এডিলেইডত অনুষ্ঠিত হোৱা মেচখনৰ ত্ৰিশ বছৰৰ পিছত পুনৰ এবাৰ এই বিৰল ঘটনা সংঘটিত হ’ল ক্ৰিকেটৰ খেলপথাৰত।

ইয়াৰ পূৰ্বে ইংলেণ্ডে প্রথম ইনিংছত ৪৩৫ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰিছিল। দলটোৰ এই শক্তিশালী স্থিতিৰ মূলতে আছিল জ’ ৰুট (১৫৩) আৰু হেৰী ব্ৰুকৰ (১৭৬) দূৰ্দান্ত শতকীয় ইনিংছ। নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে ৪টাকৈ উইকেট দখল কৰে।

ইংলেণ্ডৰ ইনিংছৰ পাছত নিউজিলেণ্ডে বেটিং কৰিবলৈ নামে। কিন্তু ২০৯ ৰাণতে দলটো অল আউট হৈ যায়।  টেইল এণ্ডাৰ বেটাৰ টীম ছাউদীৰ (৭৩) বাদে আন কোনো বেটাৰে বিশেষ বৰঙণি আগবঢ়াব নোৱাৰিলে।  ফলত ফলো অন কৰিবলৈ পুনৰ ইনিংছ আৰম্ভ কৰে। অধিনায়ক কেন উইলিয়ামছনৰ দূৰ্দান্ত শতকৰ (১৩২) সহায়ত সংগ্ৰহ কৰে ৪৮৩ ৰান। পাঁচটা উইকেট লাভ কৰে ইংলেণ্ডৰ জেক লীচে।

নিউজিলেণ্ডে বান্ধি দিয়া ২৫৮ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ইংলেণ্ডৰো বেটিং বিপৰ্যয় আৰম্ভ হয়। জ’ ৰুটৰ (৯৫) বাদে আন কোনো বেটাৰে বিশেষ অৰিহণা আগবঢ়াব নোৱাৰিলে। ফলত দলক বিজয় লাভ কৰোৱাৰ দায়িত্ব পৰে টেইল এণ্ডাৰ বেটাৰসকলৰ ওপৰত। ধীৰে ধীৰে অগ্ৰসৰো হৈছিল বিজয়ৰ দিশে। কিন্তু জেমছ এণ্ডাৰছন আউট হোৱাৰ পাছতে মাত্ৰ এক ৰাণৰ ব্যৱধানত পৰাস্ত হ’বলগা হয় ইংলেণ্ড।

এই জয়েৰে শৃংখলাটো ড্ৰ’ হয়। মেচখনত মেন অৱ দ্যা মেচ লাভ কৰে নিউজিলেণ্ডৰ কেন উইলিয়ামছনে। আনহাতে, মেন অৱ দ্যা চিৰিজ লাভ কৰে ইংলেণ্ডৰ হেৰী ব্ৰুকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু