--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাটাৰত হ’বলগা আসন্ন ফিফা বিশ্বকাপৰ বাবে দল ঘোষণা কৰিলে পাঁচবাৰৰ বিশ্ববিজয়ী ব্ৰাজিলে। সোমবাৰে ঘোষণা কৰা দলটোত ২৬জনকৈ খেলুৱৈক ৰখা হৈছে।

দলটোত কেইবাজনো তাৰকা খেলুৱৈয়ে স্থান লাভ কৰিছিল। বিশ্বকাপৰ বাবে ব্ৰাজিলৰ মূল ভৰসা হৈছে- নেইমাৰ, ডানি এলভিছ, কাচেমিৰো, ভিনিচিয়াছ, গেব্ৰিয়েল জিচুচৰ দৰে তাৰকাসকল।

তাৰকাৰে দলটো ভৰি থাকিলেও বাদ পৰিছে ক’টিনহ’ আৰু ৰবাৰ্ট’ ফাৰমিন’ৰ দৰে তাৰকা। শাৰিৰীক অসুস্থতাৰ বাবেই তেওঁলোকক বাদ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ২০ বছৰধৰি বিশ্বকাপ বিজয় কৰিবলৈ সক্ষম হোৱা নাই ব্ৰাজিল। ২০০২ চনতে শেষবাৰৰ বাবে জাৰ্মানীৰ বিৰুদ্ধে বিজয়সাব্যষ্ট কৰিছিল দলটোৱে।

কিন্তু দলটোৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰি অহা দুৰ্দান্ত ক্ৰীড়াশৈলীয়ে ব্ৰাজিলক এইবাৰ বিশ্বকাপৰ বাবে অন্যতম দাবীদাৰ হিচাপে ফুটবলপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে।

এইবাৰ বিশ্বকাপত ব্ৰাজিলে ছাৰ্বিয়া, চুইজাৰলেণ্ড আৰু কেমেৰুণৰ স’তে গ্ৰুপ জিত স্থান লাভ কৰিছে।

বিশ্বকাপৰ বাবে ঘোষিত দলটোঃ

গ’লকীপাৰঃ এলিছন, এডাৰছন, ৱেভাৰটন

ডিফেণ্ডাৰঃ ডানি এলভিছ, ডানিল’, এলেক্স চান্দ্ৰ’, এলেক্স টেল্লেছ, ব্ৰেমেৰ, মাৰকুইনহ’ছ, থিয়াগ’ ছিলভা, এডাৰ মিলিটাও

মিডফিল্ডাৰঃ কাছেমিৰ’, ফাবিনহ’, ফ্ৰেড, এভাৰ্টন ৰিবেইৰ’, ব্ৰুন’ গুইমাৰেছ, লুকাছ পাকুৱেটা

ফৰৱাৰ্ডঃ নেইমাৰ, ভিনিচিয়াছ জুনিয়ৰ, ৰিচাৰ্লিছন, ৰাফিনহা, ৰড্ৰিগ’, এণ্টনী, গেব্ৰিয়েল জিছুছ, গেব্ৰিয়েল মাৰ্টিনেল্লী, পেড্ৰ’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক