--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সংসাৰত যেন ফাঁট মেলিছে। শেহতীয়াকৈ খবৰ বিয়পি পৰিছে যে অতি সোনকালেই ডিভোৰ্চ হ’ব এই তাৰকা দম্পতীৰ। দুয়োৰে মাজত দূৰত্ব বাঢ়িছে আৰু দুয়োৰে মাজত বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। 

২০১০ চনৰ ১২ এপ্ৰিলত ছানিয়া আৰু ছোৱেইব বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰেমৰ বাবেই চিৰ বৈৰী পাকিস্তানৰ বোৱাৰী হৈছিলগৈ ভাৰতীৰ জীয়ৰী ছানিয়া। কিন্তু সেই প্ৰেম যেন প্ৰেম হৈ থকা নাই। বৈবাহিক জীৱনৰ ১২ বছৰ পাৰ কৰাৰ পাছত ছানিয়া আৰু ছোৱেইবৰ সংসাৰ ভঙাৰ উপক্ৰম হৈছে। 

দুয়োৰে ইজহান মিৰ্জা মালিক নামৰ এটি পুত্ৰ সন্তান আছে। ২০১৮ চনত ছানিয়া-ছোৱেইবৰ জীৱনলৈ আহিছিল ইজহান। এটি পুত্ৰ সন্তানৰ সৈতে সুখী সংসাৰেই গঢ়ি তুলিছিল দুয়ো, কিন্তু হঠাতে যেন ছন্দপতন ঘটিল। এতিয়ালৈকে তেওঁলোকৰ মাজত হোৱা বিভাজনৰ আঁৰৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। পাকিস্তানৰ সংবাদ মাধ্যমে এই তাৰকা দম্পতী বিগত কিছুদিনৰ পৰা পৃথকে বসবাস কৰি থকা বুলিও প্ৰকাশ কৰিছে।

শেহতীয়াকৈ ছানিয়া মিৰ্জাৰ এটা ইনষ্টা ষ্ট’ৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছানিয়া মিৰ্জাই নিজৰ ছ’চিয়েল মিডিয়াত এটা ৰহস্যময় ইনষ্টা ষ্ট’ৰী শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, "ভঙা হৃদয় ক'লৈ যায়? আল্লাহক বিচাৰি যায়।" এই পোষ্টটোক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। ছানিয়া মিৰ্জাৰ হৃদয় কিয় ভাঙিল তাৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে বহু লোকেই। এই প’ষ্টটোৱে তেওঁলোকৰ সংসাৰখন যে ঠিকে চলি থকা নাই তাৰে যেন উমান দিলে।

তেওঁলোকৰ মাজত বিচ্ছেদৰ বাতৰি প্ৰকাশ পাইছে যদিও ছানিয়া আৰু ছোৱেইবে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ছানিয়া মিৰ্জাই শ্বেয়াৰ কৰা এইটোৱেই প্ৰথম ৰহস্যময় পোষ্ট নহয়। কেইদিনমান আগতে তেওঁ পুত্ৰৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল। য'ত লিখা আছিল, "The moments that get me through the toughest days."







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক