--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সংসাৰত যেন ফাঁট মেলিছে। শেহতীয়াকৈ খবৰ বিয়পি পৰিছে যে অতি সোনকালেই ডিভোৰ্চ হ’ব এই তাৰকা দম্পতীৰ। দুয়োৰে মাজত দূৰত্ব বাঢ়িছে আৰু দুয়োৰে মাজত বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। 

২০১০ চনৰ ১২ এপ্ৰিলত ছানিয়া আৰু ছোৱেইব বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰেমৰ বাবেই চিৰ বৈৰী পাকিস্তানৰ বোৱাৰী হৈছিলগৈ ভাৰতীৰ জীয়ৰী ছানিয়া। কিন্তু সেই প্ৰেম যেন প্ৰেম হৈ থকা নাই। বৈবাহিক জীৱনৰ ১২ বছৰ পাৰ কৰাৰ পাছত ছানিয়া আৰু ছোৱেইবৰ সংসাৰ ভঙাৰ উপক্ৰম হৈছে। 

দুয়োৰে ইজহান মিৰ্জা মালিক নামৰ এটি পুত্ৰ সন্তান আছে। ২০১৮ চনত ছানিয়া-ছোৱেইবৰ জীৱনলৈ আহিছিল ইজহান। এটি পুত্ৰ সন্তানৰ সৈতে সুখী সংসাৰেই গঢ়ি তুলিছিল দুয়ো, কিন্তু হঠাতে যেন ছন্দপতন ঘটিল। এতিয়ালৈকে তেওঁলোকৰ মাজত হোৱা বিভাজনৰ আঁৰৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। পাকিস্তানৰ সংবাদ মাধ্যমে এই তাৰকা দম্পতী বিগত কিছুদিনৰ পৰা পৃথকে বসবাস কৰি থকা বুলিও প্ৰকাশ কৰিছে।

শেহতীয়াকৈ ছানিয়া মিৰ্জাৰ এটা ইনষ্টা ষ্ট’ৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছানিয়া মিৰ্জাই নিজৰ ছ’চিয়েল মিডিয়াত এটা ৰহস্যময় ইনষ্টা ষ্ট’ৰী শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, "ভঙা হৃদয় ক'লৈ যায়? আল্লাহক বিচাৰি যায়।" এই পোষ্টটোক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। ছানিয়া মিৰ্জাৰ হৃদয় কিয় ভাঙিল তাৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে বহু লোকেই। এই প’ষ্টটোৱে তেওঁলোকৰ সংসাৰখন যে ঠিকে চলি থকা নাই তাৰে যেন উমান দিলে।

তেওঁলোকৰ মাজত বিচ্ছেদৰ বাতৰি প্ৰকাশ পাইছে যদিও ছানিয়া আৰু ছোৱেইবে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ছানিয়া মিৰ্জাই শ্বেয়াৰ কৰা এইটোৱেই প্ৰথম ৰহস্যময় পোষ্ট নহয়। কেইদিনমান আগতে তেওঁ পুত্ৰৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল। য'ত লিখা আছিল, "The moments that get me through the toughest days."







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু