--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন সন্দৰ্ভত বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ শেহতীয়া স্থিতিৰ চৰ্চাৰ মাজতে আজি ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোৰ নৱনিযুক্ত সভাপতি কল্যাণ চৌবেয়ে ফিফা অধ্যক্ষ গিয়ানি ইনফাণ্টিনোৰ সৈতে দোহাত এক বৈঠকত মিলিত হয়। বৈঠকৰ পিছতে চৌবেই ইনফাণ্টিনোক ভাৰতীয় ফুটবলৰ বাবে পোষণ কৰা উৎসাহৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমগ্ৰ বিশ্বত ফুটবলৰ বিকাশত ফিফাৰ ভূমিকাৰ বাবে প্ৰশংসা কৰে।

ভাৰতত ক্ৰীড়াৰ প্ৰচাৰত কৰা সহায়ৰ বাবে ফিফাৰ সমৰ্থন অতি প্ৰশংসনীয় আৰু অত্যাৱশ্যকীয় বুলি মন্তব্য কৰি চৌবেয়ে ফিফা আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে ভাৰতীয় ফুটবলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত ৰূপত তুলি ধৰাৰ উদ্দেশ্যে একেলগে কাম কৰাৰ বাবে অপেক্ষা কৰি আছো বুলি উল্লেখ কৰে।

আগন্তুক ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ  কৰিছে ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোৱে। দেশৰ তিনিখন চহৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ১১ অক্টোবৰত ৩০ অক্টোবৰলৈকে চলিব। প্ৰথম অৱস্থাত ফিফাৰ নিলম্বনৰ পাছত প্ৰতিযোগিতাখন ভাৰতত আয়োজনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰিছিল যদিও ইয়াৰ কিছুদিন পাছতে ফিফাই নিলম্বন প্ৰত্যাহাৰ কৰাৰ লগে লগে প্ৰতিযোগিতাখন দেশত অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰে।

উল্লেখ্য যে যোৱা ১৫ আগষ্টত ফিফাই তৃতীয় পক্ষৰ হস্তক্ষেপত ক্ষুণ্ণ হৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বিত কৰিছিল। ফিফাৰ নিলম্বনে ভাৰতে আন্ত:ৰাষ্ট্ৰীয় ফুটবলত অংশগ্ৰহণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আহি পৰাৰ লগতে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ১৭ অনুৰ্ধ মহিলা বিশ্বকাপ ভাৰতৰ পৰা স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আহি পৰিছিল। 

অৱশ্যে পিছত ফুটবল সংস্থাটোৱে ভাৰতীয় ফুটবলৰ প্ৰশাসনিক কৰ্তৃত্ব পুনৰ নিজৰ হাতলৈ অনাৰ পিছত ফিফাই এই নিলম্বন প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পাছতে হোৱা ফিফা কমিটি বাচনিৰ নিৰ্বাচনত কিংবদন্তী ভাৰতীয় ফুটবলাৰ বাইচুং ভূটীয়াক পৰাস্ত কৰি কল্যাণ চৌবেই সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু