--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন সন্দৰ্ভত বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ শেহতীয়া স্থিতিৰ চৰ্চাৰ মাজতে আজি ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোৰ নৱনিযুক্ত সভাপতি কল্যাণ চৌবেয়ে ফিফা অধ্যক্ষ গিয়ানি ইনফাণ্টিনোৰ সৈতে দোহাত এক বৈঠকত মিলিত হয়। বৈঠকৰ পিছতে চৌবেই ইনফাণ্টিনোক ভাৰতীয় ফুটবলৰ বাবে পোষণ কৰা উৎসাহৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমগ্ৰ বিশ্বত ফুটবলৰ বিকাশত ফিফাৰ ভূমিকাৰ বাবে প্ৰশংসা কৰে।

ভাৰতত ক্ৰীড়াৰ প্ৰচাৰত কৰা সহায়ৰ বাবে ফিফাৰ সমৰ্থন অতি প্ৰশংসনীয় আৰু অত্যাৱশ্যকীয় বুলি মন্তব্য কৰি চৌবেয়ে ফিফা আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে ভাৰতীয় ফুটবলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত ৰূপত তুলি ধৰাৰ উদ্দেশ্যে একেলগে কাম কৰাৰ বাবে অপেক্ষা কৰি আছো বুলি উল্লেখ কৰে।

আগন্তুক ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ  কৰিছে ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোৱে। দেশৰ তিনিখন চহৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ১১ অক্টোবৰত ৩০ অক্টোবৰলৈকে চলিব। প্ৰথম অৱস্থাত ফিফাৰ নিলম্বনৰ পাছত প্ৰতিযোগিতাখন ভাৰতত আয়োজনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰিছিল যদিও ইয়াৰ কিছুদিন পাছতে ফিফাই নিলম্বন প্ৰত্যাহাৰ কৰাৰ লগে লগে প্ৰতিযোগিতাখন দেশত অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰে।

উল্লেখ্য যে যোৱা ১৫ আগষ্টত ফিফাই তৃতীয় পক্ষৰ হস্তক্ষেপত ক্ষুণ্ণ হৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বিত কৰিছিল। ফিফাৰ নিলম্বনে ভাৰতে আন্ত:ৰাষ্ট্ৰীয় ফুটবলত অংশগ্ৰহণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আহি পৰাৰ লগতে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ১৭ অনুৰ্ধ মহিলা বিশ্বকাপ ভাৰতৰ পৰা স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আহি পৰিছিল। 

অৱশ্যে পিছত ফুটবল সংস্থাটোৱে ভাৰতীয় ফুটবলৰ প্ৰশাসনিক কৰ্তৃত্ব পুনৰ নিজৰ হাতলৈ অনাৰ পিছত ফিফাই এই নিলম্বন প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পাছতে হোৱা ফিফা কমিটি বাচনিৰ নিৰ্বাচনত কিংবদন্তী ভাৰতীয় ফুটবলাৰ বাইচুং ভূটীয়াক পৰাস্ত কৰি কল্যাণ চৌবেই সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ