--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এক সুখবৰ। এছিয়া কাপত পৰাজয়ৰ পিছত ভাগি পৰা ভাৰতীয় ক্ৰিকেটপ্ৰেমীক সকাহ দি  টি-২০ বিশ্বকাপৰ পূৰ্বে সুস্থ হৈ উঠিছে ক্ৰিকেটৰ বলিং মেৰুদণ্ড যশপ্ৰীত বুমৰাহ। বুমৰাহৰ লগতে আঘাতৰ পৰা সুস্থ হৈ উঠিছে আন এগৰাকী পেচাৰ হৰ্ষল পেটেলো। দুয়োগৰাকী পেচাৰ ইতিমধ্যে ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

এক ক্ৰিকেট ৱেবছাইটৰ মতে, বুমৰাহ আৰু হৰ্ষলে শনিবাৰে বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সূত্ৰ মতে, বুমৰাহ আৰু হৰ্ষল পেটেলে ১০০ শতাংশ ফিটনেছৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ চিকিৎসা দলে আগন্তুক অষ্ট্ৰেলিয়া শৃংখলাৰ পূৰ্বে দল বাছনিৰ বাবে দুয়োগৰাকীকে ফিটনেছ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। 

বিচিচিআইৰ সূত্ৰ অনুসৰি, আগন্তুক টি-২০ বিশ্বকাপৰ বাবে বুমৰাহ আৰু হৰ্ষল দলত অন্তৰ্ভুক্ত হোৱা প্ৰায় নিশ্চিত। অৱশ্যে, তাৰ পূৰ্বে অষ্ট্ৰেলিয়া শৃংখলাত পেচাৰদ্বয়ৰ চূড়ান্ত ফিটনেছ পৰীক্ষা কৰা হ'ব। উল্লেখ্য যে দুয়োগৰাকী বলাৰ আঘাতৰ বাবে এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰত আছিল।

এছিয়া কাপত ভাৰতৰ পৰাজয়ৰ অন্যতম কাৰণ হিচাপে ক্ৰিকেট বিশেষজ্ঞ সকলে বলিং বিভাগক চিহ্নিত কৰিছিল। বিশেষকৈ ডেথ বলিঙত ভাৰতীয় বলাৰে যথেষ্ট ৰান খৰচ কৰিছিল। এতিয়া বুমৰাহ আৰু হৰ্ষল পেটেলৰ প্ৰত্যাৱৰ্তনে এই সমস্যাটো সমাধান কৰিব বুলি আশা কৰা হৈছে। 

অৱশ্যে বুমৰাহ আৰু হৰ্ষল পেটেল বিশ্বকাপৰ পূৰ্বে ফিট হৈ উঠিছে যদিও ভাৰতীয় দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ ৰবীন্দ্ৰ জাদেজা টি-২০ বিশ্বকাপত খেলাৰ সম্ভাৱনা প্ৰায় কম। আঁঠুৰ আঘাতৰ বাবে জাদেজা কমেও ৩-৪ মাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব। শেহতীয়াকৈ বিচিচিআইৰ এক সূত্ৰই জাদেজাৰ শীঘ্ৰেই এক আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব বুলি প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ