--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এক সুখবৰ। এছিয়া কাপত পৰাজয়ৰ পিছত ভাগি পৰা ভাৰতীয় ক্ৰিকেটপ্ৰেমীক সকাহ দি  টি-২০ বিশ্বকাপৰ পূৰ্বে সুস্থ হৈ উঠিছে ক্ৰিকেটৰ বলিং মেৰুদণ্ড যশপ্ৰীত বুমৰাহ। বুমৰাহৰ লগতে আঘাতৰ পৰা সুস্থ হৈ উঠিছে আন এগৰাকী পেচাৰ হৰ্ষল পেটেলো। দুয়োগৰাকী পেচাৰ ইতিমধ্যে ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

এক ক্ৰিকেট ৱেবছাইটৰ মতে, বুমৰাহ আৰু হৰ্ষলে শনিবাৰে বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সূত্ৰ মতে, বুমৰাহ আৰু হৰ্ষল পেটেলে ১০০ শতাংশ ফিটনেছৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ চিকিৎসা দলে আগন্তুক অষ্ট্ৰেলিয়া শৃংখলাৰ পূৰ্বে দল বাছনিৰ বাবে দুয়োগৰাকীকে ফিটনেছ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। 

বিচিচিআইৰ সূত্ৰ অনুসৰি, আগন্তুক টি-২০ বিশ্বকাপৰ বাবে বুমৰাহ আৰু হৰ্ষল দলত অন্তৰ্ভুক্ত হোৱা প্ৰায় নিশ্চিত। অৱশ্যে, তাৰ পূৰ্বে অষ্ট্ৰেলিয়া শৃংখলাত পেচাৰদ্বয়ৰ চূড়ান্ত ফিটনেছ পৰীক্ষা কৰা হ'ব। উল্লেখ্য যে দুয়োগৰাকী বলাৰ আঘাতৰ বাবে এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰত আছিল।

এছিয়া কাপত ভাৰতৰ পৰাজয়ৰ অন্যতম কাৰণ হিচাপে ক্ৰিকেট বিশেষজ্ঞ সকলে বলিং বিভাগক চিহ্নিত কৰিছিল। বিশেষকৈ ডেথ বলিঙত ভাৰতীয় বলাৰে যথেষ্ট ৰান খৰচ কৰিছিল। এতিয়া বুমৰাহ আৰু হৰ্ষল পেটেলৰ প্ৰত্যাৱৰ্তনে এই সমস্যাটো সমাধান কৰিব বুলি আশা কৰা হৈছে। 

অৱশ্যে বুমৰাহ আৰু হৰ্ষল পেটেল বিশ্বকাপৰ পূৰ্বে ফিট হৈ উঠিছে যদিও ভাৰতীয় দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ ৰবীন্দ্ৰ জাদেজা টি-২০ বিশ্বকাপত খেলাৰ সম্ভাৱনা প্ৰায় কম। আঁঠুৰ আঘাতৰ বাবে জাদেজা কমেও ৩-৪ মাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব। শেহতীয়াকৈ বিচিচিআইৰ এক সূত্ৰই জাদেজাৰ শীঘ্ৰেই এক আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব বুলি প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু