--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ কঠোৰ শাস্তি হ’ব পাৰে। এইদৰে ফিফাই সকীয়াই দিছে। সেই দেশৰ ফুটবল সংগঠনত ক’ৰ্টৰ হস্তক্ষেপৰ বাবে ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থাটোৱে ক্ষতিগ্ৰস্ত হৈছে। গতিকে তেওঁলোকে এই সতৰ্কবাণী দিলে। যদি কোনো কাৰণত ব্ৰাজিলক নিলম্বিত কৰা হয় তেন্তে ২০২৬ চনৰ বিশ্বকাপ খেলাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ফিফাই ব্ৰাজিলৰ ফুটবল সংস্থাটোক এখন পত্ৰযোগে কয় যে ৰাষ্ট্ৰপতি এডনাল্ডো ৰড্ৰিগেজক অপসাৰণৰ প্ৰচেষ্টা বন্ধ কৰিব লাগিব। এতিয়া কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। এই নিৰ্দেশনাৰ পিছতো যদিহে ৰড্ৰিগেজক খৰখেদাকৈ আঁতৰাই দিয়া হয় তেন্তে ব্ৰাজিলৰ ফুটবল এছ’চিয়েশ্যনে শাস্তিৰ সন্মুখীন হ’ব পাৰে।

ৰিঅ’ ডি জেনেইৰ’ৰ এখন আদালতে ৰড্ৰিগেজ আৰু তেওঁৰ বাকী কমিটীসকলক অপসাৰণ কৰে, কাৰণ বেনিয়ামে যোৱা বছৰ ব্ৰাজিলৰ ফুটবল কনফেডাৰেচনত নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই নিৰ্দেশৰ বিৰুদ্ধে ৰড্ৰিগেজে উচ্চ ন্যায়ালয়লৈ গৈছিল। কিন্তু তাতো নিম্ন আদালতৰ নিৰ্দেশ মানি চলিছে।

ফুটবলৰ সংগঠনত চৰকাৰ, আদালত বা তৃতীয় পক্ষৰ কোনো ধৰণৰ হস্তক্ষেপ ফিফাই সহ্য নকৰে। কিবা ধৰণৰ সমস্যা হ’লে তেওঁলোকে ফুটবল সংস্থাটোক সেই সমস্যা সমাধানৰ নিৰ্দেশ দিছে। যদি নহয় তেন্তে ব্ৰাজিলে হয়তো ডাঙৰ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিব লাগিব।

ফিফা আৰু কনমেবলে (দক্ষিণ আমেৰিকান ফুটবল কনফেডাৰেচন) কয় যে তেওঁলোকে এখন কমিটী গঠন কৰিছে। সেই কমিটীয়ে বিষয়টো চাব। ৮ জানুৱাৰীত ব্ৰাজিললৈ যাব কমিটীৰ সদস্যসকল। তাত থকা ফুটবল সংস্থাটোৰ বিষয়াসকলৰ সৈতে কথা পাতিব। অভিযোগটো চাব। ফিফাই ব্ৰাজিলৰ ফুটবল এছ’চিয়েশ্যনক কোনো ধৰণৰ সিদ্ধান্ত লোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। তৃতীয় পক্ষৰ হস্তক্ষেপ যাতে নহয় তাৰ বাবেও ইয়াক নিশ্চিত কৰিবলৈ কোৱা হৈছে। যদি তেনেকুৱা হয় তেন্তে ফিফাই কঠোৰ ব্যৱস্থা ল’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু