--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত মল্লযুঁজাৰু বজৰঙ্গ পুনিয়া৷ দেওবাৰে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ স্বীকৃতি বাদ দিয়াৰ পিছতে ন্যায় নোপোৱালৈকে পদ্মশ্ৰী বঁটা পুনৰ নলয় বুলি কয়।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি বজৰঙ্গ পুনিয়াই কয় যে “মই পদ্মশ্ৰী ঘূৰাই নলওঁ। ন্যায় পোৱাৰ পাছতহে ভাবিম।আমাৰ ভনীয়েকহঁতৰ সন্মানতকৈ কোনো পুৰস্কাৰ ডাঙৰ নহয় আমি প্ৰথমে ন্যায় পোৱা উচিত।”

উল্লেখ্য যে, বজৰঙ্গ পুনিয়াই ব্ৰীজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ বুলি বিবেচিত সঞ্জয় সিংক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি পদলৈ নিৰ্বাচিত কৰাৰ প্ৰতিবাদত পদ্মশ্ৰী ঘূৰাই দিছিল।

শুকুৰবাৰে (২২ ডিচেম্বৰ) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি প্ৰতিবাদ পত্ৰ জমা দিবলৈ চেষ্টা কৰিছিল। অৱশ্যে দিল্লীলৈ যোৱাৰ পথত আৰক্ষীয়ে তেওঁক ৰখাই দিয়ে। ইয়াৰ পাছত বজৰঙ্গে পদ্মশালৰ আখৰৰ ওপৰত নিজৰ পদ্মশ্ৰী পদকটো ফুটপাথত ৰাখে।

ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰঙ্গ পুনিয়াই নিজৰ এক্স হেণ্ডেলৰ পৰা বিবৃতি প্ৰকাশ কৰি কয় যে, “মই মোৰ পদ্মশ্ৰী সন্মান প্ৰধানমন্ত্ৰীলৈ ঘূৰাই দিছো। এয়া ক’বলৈ মোৰ চিঠি মাথোঁ। এয়া মোৰ বক্তব্য।

চিঠিখনত পুনিয়াই বিজেপিৰ সাংসদ ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলে কৰা প্রতিবাদ, সঞ্জয় সিঙৰ নির্বাচনী জয় আৰু এজন মন্ত্রীৰ পৰা লাভ কৰা আশ্বাসৰ কথা উল্লেখ কৰিছিল আৰু শেষত পদশ্ৰী ঘূৰাই দিয়াৰ কথা কৈছিল৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে (২১ ডিচেম্বৰ) মল্লযুঁজাৰু সাক্ষী মালিকে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছিল যে তেওঁ মল্লযুঁজ এৰিছে, ব্রীজ ভূষণৰ ঘনিষ্ঠ সঞ্জয় সিঙৰ বাছনিৰ বিৰুদ্ধে৷ সাক্ষী মালিকৰ লগতে বহু মহিলা মল্লযুঁজাৰুৱে সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন শোষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ব্রীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত কেইবাদিনো ধৰি মল্লযুঁজাৰুসকলে ধৰ্ণা প্রদর্শন কৰিছিল৷

স্মৰ্তব্য যে দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ডব্লিউ এফ আই স্থগিত ৰাখিছিল। ইয়াৰ লগতে মন্ত্ৰালয়ে কয় যে নতুন সংস্থাটোৱে পূৰ্বৰ বিষয়াসকলৰ নিয়ন্ত্ৰণত কাম কৰি আছে যিটো ৰাষ্ট্ৰীয় ক্ৰীড়া সংহিতা অনুসৰি নহয়। ২১ ডিচেম্বৰত ডব্লিউ এফ আইৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল য’ত ব্রীজ ভূষণৰ ঘনিষ্ঠ সঞ্জয় সিং আৰু তেওঁৰ পেনেলে বিপুল ব্যৱধানত জয়লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক