--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত মল্লযুঁজাৰু বজৰঙ্গ পুনিয়া৷ দেওবাৰে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ স্বীকৃতি বাদ দিয়াৰ পিছতে ন্যায় নোপোৱালৈকে পদ্মশ্ৰী বঁটা পুনৰ নলয় বুলি কয়।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি বজৰঙ্গ পুনিয়াই কয় যে “মই পদ্মশ্ৰী ঘূৰাই নলওঁ। ন্যায় পোৱাৰ পাছতহে ভাবিম।আমাৰ ভনীয়েকহঁতৰ সন্মানতকৈ কোনো পুৰস্কাৰ ডাঙৰ নহয় আমি প্ৰথমে ন্যায় পোৱা উচিত।”

উল্লেখ্য যে, বজৰঙ্গ পুনিয়াই ব্ৰীজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ বুলি বিবেচিত সঞ্জয় সিংক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি পদলৈ নিৰ্বাচিত কৰাৰ প্ৰতিবাদত পদ্মশ্ৰী ঘূৰাই দিছিল।

শুকুৰবাৰে (২২ ডিচেম্বৰ) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি প্ৰতিবাদ পত্ৰ জমা দিবলৈ চেষ্টা কৰিছিল। অৱশ্যে দিল্লীলৈ যোৱাৰ পথত আৰক্ষীয়ে তেওঁক ৰখাই দিয়ে। ইয়াৰ পাছত বজৰঙ্গে পদ্মশালৰ আখৰৰ ওপৰত নিজৰ পদ্মশ্ৰী পদকটো ফুটপাথত ৰাখে।

ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰঙ্গ পুনিয়াই নিজৰ এক্স হেণ্ডেলৰ পৰা বিবৃতি প্ৰকাশ কৰি কয় যে, “মই মোৰ পদ্মশ্ৰী সন্মান প্ৰধানমন্ত্ৰীলৈ ঘূৰাই দিছো। এয়া ক’বলৈ মোৰ চিঠি মাথোঁ। এয়া মোৰ বক্তব্য।

চিঠিখনত পুনিয়াই বিজেপিৰ সাংসদ ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলে কৰা প্রতিবাদ, সঞ্জয় সিঙৰ নির্বাচনী জয় আৰু এজন মন্ত্রীৰ পৰা লাভ কৰা আশ্বাসৰ কথা উল্লেখ কৰিছিল আৰু শেষত পদশ্ৰী ঘূৰাই দিয়াৰ কথা কৈছিল৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে (২১ ডিচেম্বৰ) মল্লযুঁজাৰু সাক্ষী মালিকে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছিল যে তেওঁ মল্লযুঁজ এৰিছে, ব্রীজ ভূষণৰ ঘনিষ্ঠ সঞ্জয় সিঙৰ বাছনিৰ বিৰুদ্ধে৷ সাক্ষী মালিকৰ লগতে বহু মহিলা মল্লযুঁজাৰুৱে সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন শোষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ব্রীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত কেইবাদিনো ধৰি মল্লযুঁজাৰুসকলে ধৰ্ণা প্রদর্শন কৰিছিল৷

স্মৰ্তব্য যে দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ডব্লিউ এফ আই স্থগিত ৰাখিছিল। ইয়াৰ লগতে মন্ত্ৰালয়ে কয় যে নতুন সংস্থাটোৱে পূৰ্বৰ বিষয়াসকলৰ নিয়ন্ত্ৰণত কাম কৰি আছে যিটো ৰাষ্ট্ৰীয় ক্ৰীড়া সংহিতা অনুসৰি নহয়। ২১ ডিচেম্বৰত ডব্লিউ এফ আইৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল য’ত ব্রীজ ভূষণৰ ঘনিষ্ঠ সঞ্জয় সিং আৰু তেওঁৰ পেনেলে বিপুল ব্যৱধানত জয়লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু