--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোকে ফিট হৈ থকাৰ মন্ত্ৰ দিয়া লাৰিছা বৰ্জেছৰ অকাল মৃত্যু। ৩৩ বছৰ বয়সতে এই পৃথিৱীক বিদায় জনালে লাৰিছাই। ব্ৰাজিলৰ ফিটনেছ ইনফ্লুৱেন্সাৰ লাৰিছা বৰ্জেছৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিব পৰা গৈছে।

দুবাৰকৈ হাৰ্ট এটেকৰ বলি হৈছিল লাৰিছা। প্ৰায় এসপ্তাহ ধৰি চিকিৎসালয়ত জীৱন ৰক্ষাৰ যুঁজ দি লাৰিছাই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে পৰিয়ালে।

পৰিয়ালটোৱে কয় যে মাত্ৰ ''৩৩ বছৰ বয়সত এনে এগৰাকী দয়ালু আৰু প্ৰভাৱশালী ব্যক্তিক হেৰুৱাই পেলোৱাটো এক ডাঙৰ শ্বক। আমাৰ হৃদয় ভাঙি গৈছে। এই ক্ষতি আমি কেতিয়াও পাহৰিব নোৱাৰিম। "লাৰিছা মনোমোহা ব্যক্তিত্বৰ বাবে পৰিচিত আছিল, সদায় চৌপাশৰ লোকৰ বাবে তেওঁ হাঁহি কঢ়িয়াই আনিছিল। তেওঁৰ উপস্থিতিয়ে যিকোনো পৰিৱেশক আলোকিত কৰিছিল।'' 

দৰাচলতে ২০ আগষ্টত লাৰিছা বৰ্জেছ গ্ৰেমাডো ভ্ৰমণ কৰিবলৈ গৈ আছিল, তেতিয়া তেওঁৰ হাৰ্ট এটেক হৈছিল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ সময়ত তাই ক’মালৈ গৈছিল। পিছত পুনৰ হাৰ্ট এটেকত আক্ৰান্ত হয় আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়।

বৰ্জেছৰ মৃত্যুৰ পিছত গ্ৰেমাডোৰ অসামৰিক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰতিনিধি গুস্তাভো বাৰ্চেলছে জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল পোৱাৰ পিছত তদন্ত আৰম্ভ হ’ব। তেওঁ মত প্ৰকাশ কৰিছিল যে বৰ্জেছে হয়তো মৃত্যুৰ পূৰ্বে মদ আৰু ড্ৰাগছ সেৱন কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন