--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোকে ফিট হৈ থকাৰ মন্ত্ৰ দিয়া লাৰিছা বৰ্জেছৰ অকাল মৃত্যু। ৩৩ বছৰ বয়সতে এই পৃথিৱীক বিদায় জনালে লাৰিছাই। ব্ৰাজিলৰ ফিটনেছ ইনফ্লুৱেন্সাৰ লাৰিছা বৰ্জেছৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিব পৰা গৈছে।

দুবাৰকৈ হাৰ্ট এটেকৰ বলি হৈছিল লাৰিছা। প্ৰায় এসপ্তাহ ধৰি চিকিৎসালয়ত জীৱন ৰক্ষাৰ যুঁজ দি লাৰিছাই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে পৰিয়ালে।

পৰিয়ালটোৱে কয় যে মাত্ৰ ''৩৩ বছৰ বয়সত এনে এগৰাকী দয়ালু আৰু প্ৰভাৱশালী ব্যক্তিক হেৰুৱাই পেলোৱাটো এক ডাঙৰ শ্বক। আমাৰ হৃদয় ভাঙি গৈছে। এই ক্ষতি আমি কেতিয়াও পাহৰিব নোৱাৰিম। "লাৰিছা মনোমোহা ব্যক্তিত্বৰ বাবে পৰিচিত আছিল, সদায় চৌপাশৰ লোকৰ বাবে তেওঁ হাঁহি কঢ়িয়াই আনিছিল। তেওঁৰ উপস্থিতিয়ে যিকোনো পৰিৱেশক আলোকিত কৰিছিল।'' 

দৰাচলতে ২০ আগষ্টত লাৰিছা বৰ্জেছ গ্ৰেমাডো ভ্ৰমণ কৰিবলৈ গৈ আছিল, তেতিয়া তেওঁৰ হাৰ্ট এটেক হৈছিল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ সময়ত তাই ক’মালৈ গৈছিল। পিছত পুনৰ হাৰ্ট এটেকত আক্ৰান্ত হয় আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়।

বৰ্জেছৰ মৃত্যুৰ পিছত গ্ৰেমাডোৰ অসামৰিক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰতিনিধি গুস্তাভো বাৰ্চেলছে জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল পোৱাৰ পিছত তদন্ত আৰম্ভ হ’ব। তেওঁ মত প্ৰকাশ কৰিছিল যে বৰ্জেছে হয়তো মৃত্যুৰ পূৰ্বে মদ আৰু ড্ৰাগছ সেৱন কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস