--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত বজাৰৰ পৰা ফল-মূল কিনি থাকোঁতে বিভিন্ন ফল-মূলৰ লগত এটা সৰু ষ্টীকাৰ লগোৱা হয়। বহুতে ভাবে যে ফলৰ ওপৰত থকা এই ষ্টিকবোৰ সম্ভৱতঃ গুণগত মানৰ সূচক। আনকি, কিছুমানে ভাবে, এই ফলবোৰ হয়তো বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয়। কিন্তু আচলতে কি?

‘ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া’ বা ‘এফএছএছএআই’ত কোৱা হৈছে, এনে ষ্টীকাৰ বিশ্বৰ বিভিন্ন দেশত ফলৰ গুণাগুণ, মূল্য আৰু প্ৰক্ৰিয়া বুজিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতত তেনে কোনো নিয়ম একেবাৰেই নাই। বৰং এনে ষ্টিকাৰ ব্যৱহাৰ কৰা হয় কেৱল ফলৰ দোষবোৰ ঢাকিবলৈ বা আন ফলবোৰতকৈ ফলটো ভাল বুলি প্ৰমাণ কৰিবলৈ। বহু সময়ত গ্ৰাহকক এনে ষ্টীকাৰ দেখুৱাই অধিক দাম বিচৰা হয়।

কেৱল ভাৰতেই নহয়, ষ্টীকাৰৰ জৰিয়তে গ্ৰাহকক বিপথে পৰিচালিত কৰাটো আন বহু দেশতো হ’ব পাৰে। গতিকে বিশেষজ্ঞসকলে কয় যে কেৱল তাৰ ওপৰত থকা ষ্টীকাৰটো দেখিয়েই ফলটো ভাল বুলি ভবাৰ কোনো কাৰণ নাই।

তদুপৰি ফলৰ ওপৰত ব্যৱহাৰ কৰা ষ্টীকাৰৰ ওপৰতো বিশেষ নিয়ন্ত্ৰণ নাই বুলিও বিশেষজ্ঞসকলে কয়। সেয়ে একাংশ বিশেষজ্ঞই ভাবে যে এই ধৰণৰ আঠাত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যই ফল আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

কিন্তু পৃথিৱীৰ সকলো দেশতে ষ্টীকাৰ অৰ্থহীন নহয়। ষ্টীকাৰত যদি চাৰিটা সংখ্যৰ ক’ড থাকে তেন্তে  ফল উৎপাদনত সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে বুলি আইএফপিএছে কয়। যদি সংখ্যটো পাঁচটা ক’ডৰ আৰু প্ৰথম সংখ্যাটো ৮ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল যে উৎপাদনটো ‘জিনীয়ভাৱে পৰিৱৰ্তিত’। আৰু যদি পাঁচ সংখ্যাৰ ক’ডটো ৯ ৰে আৰম্ভ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ফলটো খেতি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু