--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত বজাৰৰ পৰা ফল-মূল কিনি থাকোঁতে বিভিন্ন ফল-মূলৰ লগত এটা সৰু ষ্টীকাৰ লগোৱা হয়। বহুতে ভাবে যে ফলৰ ওপৰত থকা এই ষ্টিকবোৰ সম্ভৱতঃ গুণগত মানৰ সূচক। আনকি, কিছুমানে ভাবে, এই ফলবোৰ হয়তো বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয়। কিন্তু আচলতে কি?

‘ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া’ বা ‘এফএছএছএআই’ত কোৱা হৈছে, এনে ষ্টীকাৰ বিশ্বৰ বিভিন্ন দেশত ফলৰ গুণাগুণ, মূল্য আৰু প্ৰক্ৰিয়া বুজিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতত তেনে কোনো নিয়ম একেবাৰেই নাই। বৰং এনে ষ্টিকাৰ ব্যৱহাৰ কৰা হয় কেৱল ফলৰ দোষবোৰ ঢাকিবলৈ বা আন ফলবোৰতকৈ ফলটো ভাল বুলি প্ৰমাণ কৰিবলৈ। বহু সময়ত গ্ৰাহকক এনে ষ্টীকাৰ দেখুৱাই অধিক দাম বিচৰা হয়।

কেৱল ভাৰতেই নহয়, ষ্টীকাৰৰ জৰিয়তে গ্ৰাহকক বিপথে পৰিচালিত কৰাটো আন বহু দেশতো হ’ব পাৰে। গতিকে বিশেষজ্ঞসকলে কয় যে কেৱল তাৰ ওপৰত থকা ষ্টীকাৰটো দেখিয়েই ফলটো ভাল বুলি ভবাৰ কোনো কাৰণ নাই।

তদুপৰি ফলৰ ওপৰত ব্যৱহাৰ কৰা ষ্টীকাৰৰ ওপৰতো বিশেষ নিয়ন্ত্ৰণ নাই বুলিও বিশেষজ্ঞসকলে কয়। সেয়ে একাংশ বিশেষজ্ঞই ভাবে যে এই ধৰণৰ আঠাত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যই ফল আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

কিন্তু পৃথিৱীৰ সকলো দেশতে ষ্টীকাৰ অৰ্থহীন নহয়। ষ্টীকাৰত যদি চাৰিটা সংখ্যৰ ক’ড থাকে তেন্তে  ফল উৎপাদনত সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে বুলি আইএফপিএছে কয়। যদি সংখ্যটো পাঁচটা ক’ডৰ আৰু প্ৰথম সংখ্যাটো ৮ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল যে উৎপাদনটো ‘জিনীয়ভাৱে পৰিৱৰ্তিত’। আৰু যদি পাঁচ সংখ্যাৰ ক’ডটো ৯ ৰে আৰম্ভ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ফলটো খেতি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ