--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানে উৰিব পৰা হোভাৰবাইক উদ্ভাৱনৰ পিছত এইবাৰ উৰিব পৰা চাৰিচকীয়া বাহনৰো সফল পৰীক্ষণ সম্ভৱ হৈ উঠিল। অৱশ্যে উৰিব পৰা চাৰিচকীয়া বাহন জাপানে নহয়, চীনে সাজি উলিয়াইছে । কল্প বিজ্ঞানৰ কাহিনীও যেন এনে উৰিব পৰা বাহনৰ ওচৰত হাৰ মানি যাব।

শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেট্ৰয়েটত এখন উৰণীয়া বাইকৰ প্ৰদৰ্শনী হৈছিল। আৰু ইয়াৰ মাজতে  চীনত উৰণীয়া গাড়ীৰ পৰীক্ষণ সফলতাৰে সম্পন্ন  কৰা হৈছে। চীনৰ চিচুয়ান প্ৰদেশৰ চেংডুৰ দক্ষিণ-পশ্চিম জিয়াওটং বিশ্ববিদ্যালয়ৰ  গৱেষকসকলে এখন "উৰণীয়া" চাৰিচকীয়া  বাহনৰ পৰীক্ষা সম্পন্ন কৰিছে। চীনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান ছিনহুয়া সংবাদ সংস্থাই এই কথা প্ৰকাশ কৰিছে। 

উৰিব পৰা এই গাড়ীবোৰে পথৰ পৰা বহু ওপৰেৰে উৰি যাব পাৰে।  বুলেট ট্ৰেইনৰ দৰেই এনে বাহনতো  চুম্বক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। তেনে চুম্বক প্ৰযুক্তিৰ সহায়তেই বাহনসমূহ শূন্যত ভাঁহি থাকিব পাৰে। গৱেষকসকলে শেহতীয়াকৈ এনে ধৰণৰ উৰিব পৰা আঠখন চেডান বাহনৰ  পৰীক্ষণ সম্পন্ন কৰিছে। গৱেষকসকলে এই গাড়ীবোৰ 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত  পৰীক্ষণ কৰিছিল। 

আঠখন গাড়ীৰ ভিতৰত এখনে প্ৰতি ঘণ্টা সৰ্বাধিক ২৩০ কিলোমিটাৰ গতিত যাত্ৰা কৰিবলৈ সক্ষম হয়।   ইফালে এই বাহনখনৰ নিৰ্মাতা তথা বিশ্ববিদ্যালয়খনৰ অধ্যাপক ডেং জিগাঙৰ মতে এনে ধৰণৰ উৰণীয়া গাড়ী চলাবলৈ চুম্বকীয় প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ফলত শক্তিৰ ব্যৱহাৰ কম হ'ব। তদুপৰি এনে বাহন  পৰিৱেশ-অনুকূল বুলিও তেওঁ কয়। 

দৰাচলতে জাপান, চীন আৰু দক্ষিণ কোৰিয়াত  একেই চুম্বকীয় প্ৰযুক্তি ব্যৱহাৰ কৰি ৰে’ল চলি আছে। ১৯৮০ ৰ দশকৰ পৰা এই প্ৰযুক্তি ব্যৱহাৰ কৰি ৰে’ল চলাই থকা হৈছে।  এই প্ৰযুক্তিটো প্ৰথমবাৰৰ বাবে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। একেটা প্ৰযুক্তি ব্যৱহাৰ কৰি শেহতীয়াকৈ চীনৰ শ্যানডং প্ৰদেশত এখন বুলেট ট্ৰেইন মুকলি কৰা হৈছে, যি প্ৰতি ঘণ্টাত সৰ্বাধিক ৬০০ কিলোমিটাৰ গতিবেগত চলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী