--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানে উৰিব পৰা হোভাৰবাইক উদ্ভাৱনৰ পিছত এইবাৰ উৰিব পৰা চাৰিচকীয়া বাহনৰো সফল পৰীক্ষণ সম্ভৱ হৈ উঠিল। অৱশ্যে উৰিব পৰা চাৰিচকীয়া বাহন জাপানে নহয়, চীনে সাজি উলিয়াইছে । কল্প বিজ্ঞানৰ কাহিনীও যেন এনে উৰিব পৰা বাহনৰ ওচৰত হাৰ মানি যাব।

শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেট্ৰয়েটত এখন উৰণীয়া বাইকৰ প্ৰদৰ্শনী হৈছিল। আৰু ইয়াৰ মাজতে  চীনত উৰণীয়া গাড়ীৰ পৰীক্ষণ সফলতাৰে সম্পন্ন  কৰা হৈছে। চীনৰ চিচুয়ান প্ৰদেশৰ চেংডুৰ দক্ষিণ-পশ্চিম জিয়াওটং বিশ্ববিদ্যালয়ৰ  গৱেষকসকলে এখন "উৰণীয়া" চাৰিচকীয়া  বাহনৰ পৰীক্ষা সম্পন্ন কৰিছে। চীনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান ছিনহুয়া সংবাদ সংস্থাই এই কথা প্ৰকাশ কৰিছে। 

উৰিব পৰা এই গাড়ীবোৰে পথৰ পৰা বহু ওপৰেৰে উৰি যাব পাৰে।  বুলেট ট্ৰেইনৰ দৰেই এনে বাহনতো  চুম্বক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। তেনে চুম্বক প্ৰযুক্তিৰ সহায়তেই বাহনসমূহ শূন্যত ভাঁহি থাকিব পাৰে। গৱেষকসকলে শেহতীয়াকৈ এনে ধৰণৰ উৰিব পৰা আঠখন চেডান বাহনৰ  পৰীক্ষণ সম্পন্ন কৰিছে। গৱেষকসকলে এই গাড়ীবোৰ 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত  পৰীক্ষণ কৰিছিল। 

আঠখন গাড়ীৰ ভিতৰত এখনে প্ৰতি ঘণ্টা সৰ্বাধিক ২৩০ কিলোমিটাৰ গতিত যাত্ৰা কৰিবলৈ সক্ষম হয়।   ইফালে এই বাহনখনৰ নিৰ্মাতা তথা বিশ্ববিদ্যালয়খনৰ অধ্যাপক ডেং জিগাঙৰ মতে এনে ধৰণৰ উৰণীয়া গাড়ী চলাবলৈ চুম্বকীয় প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ফলত শক্তিৰ ব্যৱহাৰ কম হ'ব। তদুপৰি এনে বাহন  পৰিৱেশ-অনুকূল বুলিও তেওঁ কয়। 

দৰাচলতে জাপান, চীন আৰু দক্ষিণ কোৰিয়াত  একেই চুম্বকীয় প্ৰযুক্তি ব্যৱহাৰ কৰি ৰে’ল চলি আছে। ১৯৮০ ৰ দশকৰ পৰা এই প্ৰযুক্তি ব্যৱহাৰ কৰি ৰে’ল চলাই থকা হৈছে।  এই প্ৰযুক্তিটো প্ৰথমবাৰৰ বাবে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। একেটা প্ৰযুক্তি ব্যৱহাৰ কৰি শেহতীয়াকৈ চীনৰ শ্যানডং প্ৰদেশত এখন বুলেট ট্ৰেইন মুকলি কৰা হৈছে, যি প্ৰতি ঘণ্টাত সৰ্বাধিক ৬০০ কিলোমিটাৰ গতিবেগত চলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু