--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমৰ জীয়ৰীয়ে তাঁতশালত ফুল বাচিবও পাৰে, ৰণত অস্ত্ৰ চাননা কৰিবও পাৰে৷ অতীতে সেই কথা সোঁৱৰাই যায়৷ আৰু আজিও ম্লান হোৱা নাই অসমীয়া নাৰীৰ এই গৌৰৱ গাঁথা৷ শেহতীয়াকৈ অসমবাসীক গৌৰৱ কৰিবলৈ এক সুযোগ দিছে অসমৰ জীয়ৰী পল্লৱী দাসে৷ অসমৰ জীয়ৰী পল্লৱী দাস নিৰ্বাচিত হৈছে পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনলৈ৷ 

গুৱাহাটীৰ উজানবজাৰৰ জীয়ৰী পল্লৱী দাসে পেৰিছত ১৮-২২ চেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৭৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এষ্ট্ৰ’ন’টিকেল কংগ্ৰেছত গৱেষণা পত্ৰ পাঠ কৰাৰ সুযোগ লাভ কৰিছে৷ তেওঁৰ গৱেষণা পত্ৰৰ বিষয় হৈছে - “Implementing New Features in Cimon Robot for Providing Therapeutic Assistance to Astronauts in Situations of Extreme Stress and Depression ”

উল্লেখযোগ্য যে, বিশ্বৰ ৯৭ খন দেশৰ ৪৮০০ খন গৱেষণা পত্ৰ প্ৰেৰণ কৰাসকলৰ ভিতৰত মাত্ৰ ৭৭৮ জনকহে Interactive Presentation ৰ বাবে  নিৰ্বাচন কৰা হৈছে৷ অসমৰ বাবে এইয়া যথেষ্ট গৌৰৱৰ বিষয়৷ মূলতঃ মহাকাশত থকা অৱস্থাত মহাকাশচাৰীৰ মানসিক স্বাস্থ্যক  লৈ তেওঁৰ গৱেষণা পত্ৰখন প্ৰস্তুত কৰা হৈছে৷ গুৰুত্বপূৰ্ণ কথা যে, মহাকাশচাৰীৰ মানসিক অৱস্থাটোৰ বিষয়ে অধ্যয়ন চলোৱা হ’ব ৰবটৰ জৰিয়তে৷ 

অসম গৌৰৱ পল্লৱী দাস গুৱাহাটী মহানগৰীৰ উজানবজাৰৰ ৰাজবাৰী নিৱাসী৷ তেওঁ হীৰা দাস আৰু প্ৰণৱ কুমাৰ দাসৰ কন্যা। গুৱাহাটী ক্লাৱৰ চেইন্ট মেৰিজ হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ এয়াৰ ক্ৰাফট মেইন্টেনেন্স ইঞ্জিনীয়াৰিঙত ডিগ্ৰী লৈ Cyient Ltdত ক্ৰাফট ডিজাইন ইঞ্জিনীয়াৰ হিচাপে বয়িং বিমানৰ নক্সা প্ৰস্তুত কৰ্তা হিচাপে কৰ্মৰত হৈ আছিল৷

২০২২ চনত আই এ চিৰ গৱেষণা পত্ৰিকাত তেওঁ নিজৰ গৱেষণা প্ৰবন্ধ লিখাৰ সুযোগ লাভ কৰিছিল। গুৱাহাটীৰ পৰা পেৰিছলৈ পল্লৱীৰ এই যাত্ৰাই অনুপ্ৰাণিত কৰিব বহুতকে৷  অসমীয়া নাৰীৰ আদৰ্শ স্বৰূপ৷পল্লৱীৰ এই যাত্ৰা দীঘলীয়া হওঁক৷মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানে উপকৃত কৰক সকলোকে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু