--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমৰ জীয়ৰীয়ে তাঁতশালত ফুল বাচিবও পাৰে, ৰণত অস্ত্ৰ চাননা কৰিবও পাৰে৷ অতীতে সেই কথা সোঁৱৰাই যায়৷ আৰু আজিও ম্লান হোৱা নাই অসমীয়া নাৰীৰ এই গৌৰৱ গাঁথা৷ শেহতীয়াকৈ অসমবাসীক গৌৰৱ কৰিবলৈ এক সুযোগ দিছে অসমৰ জীয়ৰী পল্লৱী দাসে৷ অসমৰ জীয়ৰী পল্লৱী দাস নিৰ্বাচিত হৈছে পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনলৈ৷ 

গুৱাহাটীৰ উজানবজাৰৰ জীয়ৰী পল্লৱী দাসে পেৰিছত ১৮-২২ চেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৭৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এষ্ট্ৰ’ন’টিকেল কংগ্ৰেছত গৱেষণা পত্ৰ পাঠ কৰাৰ সুযোগ লাভ কৰিছে৷ তেওঁৰ গৱেষণা পত্ৰৰ বিষয় হৈছে - “Implementing New Features in Cimon Robot for Providing Therapeutic Assistance to Astronauts in Situations of Extreme Stress and Depression ”

উল্লেখযোগ্য যে, বিশ্বৰ ৯৭ খন দেশৰ ৪৮০০ খন গৱেষণা পত্ৰ প্ৰেৰণ কৰাসকলৰ ভিতৰত মাত্ৰ ৭৭৮ জনকহে Interactive Presentation ৰ বাবে  নিৰ্বাচন কৰা হৈছে৷ অসমৰ বাবে এইয়া যথেষ্ট গৌৰৱৰ বিষয়৷ মূলতঃ মহাকাশত থকা অৱস্থাত মহাকাশচাৰীৰ মানসিক স্বাস্থ্যক  লৈ তেওঁৰ গৱেষণা পত্ৰখন প্ৰস্তুত কৰা হৈছে৷ গুৰুত্বপূৰ্ণ কথা যে, মহাকাশচাৰীৰ মানসিক অৱস্থাটোৰ বিষয়ে অধ্যয়ন চলোৱা হ’ব ৰবটৰ জৰিয়তে৷ 

অসম গৌৰৱ পল্লৱী দাস গুৱাহাটী মহানগৰীৰ উজানবজাৰৰ ৰাজবাৰী নিৱাসী৷ তেওঁ হীৰা দাস আৰু প্ৰণৱ কুমাৰ দাসৰ কন্যা। গুৱাহাটী ক্লাৱৰ চেইন্ট মেৰিজ হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ এয়াৰ ক্ৰাফট মেইন্টেনেন্স ইঞ্জিনীয়াৰিঙত ডিগ্ৰী লৈ Cyient Ltdত ক্ৰাফট ডিজাইন ইঞ্জিনীয়াৰ হিচাপে বয়িং বিমানৰ নক্সা প্ৰস্তুত কৰ্তা হিচাপে কৰ্মৰত হৈ আছিল৷

২০২২ চনত আই এ চিৰ গৱেষণা পত্ৰিকাত তেওঁ নিজৰ গৱেষণা প্ৰবন্ধ লিখাৰ সুযোগ লাভ কৰিছিল। গুৱাহাটীৰ পৰা পেৰিছলৈ পল্লৱীৰ এই যাত্ৰাই অনুপ্ৰাণিত কৰিব বহুতকে৷  অসমীয়া নাৰীৰ আদৰ্শ স্বৰূপ৷পল্লৱীৰ এই যাত্ৰা দীঘলীয়া হওঁক৷মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানে উপকৃত কৰক সকলোকে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ