--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ মাৰাঠা মন্দিৰ। শ্বাহৰুখ অনুৰাগীৰ বাবে এক তীৰ্থস্থান। ১৯৯৫ চনত শ্বাহৰুখ খানক চিনেমাপ্ৰেমীসকলৰ লগত চিনাকি কৰাই দিয়া ছবি 'দিলৱালে দুলহনিয়া লে জায়েংগে’ আজিও মাৰাঠা মন্দিৰত প্ৰদৰ্শিত হৈ আছে। যোৱা ২৮ বছৰে প্ৰতিদিনে পুৱা ১১.৩০ বজাত শ্বাহৰুখৰ অনুৰাগীসকলে তেওঁৰ জীৱনৰ এখন চৰ্চিত ছবি চাবলৈ ভিৰ কৰে। 

এইবছৰ সেই পৰম্পৰা ভংগ কৰি প্ৰথমে আৰম্ভ হ’ল ‘পাথান’ৰ শ্ব’, তাৰ পিছত ‘জোৱান’, আৰু বছৰৰ শেষত ‘ডাংকি’ৰ শ্ব’। কিন্তু হঠাৎ শ্বাহৰুখৰ ‘ডাংকি’ ছবিখনে বক্স অফিচত ‘পাথান’ বা ‘জোৱান’ৰ দৰে ব্যৱসায় কৰিব নোৱাৰাৰ বাবে মাৰাঠা মন্দিৰৰ পৰা আঁতৰাই দিয়া হ’ল। প্ৰভাসৰ ছবি ‘ছালাৰ’ই সেই স্থানত শ্ব’ বৃদ্ধি কৰে।

নব্বৈৰ দশকৰ পৰাই শ্বাহৰুখ এই হলৰ সৈতে জড়িত হৈ আছে। এইবাৰ শ্বাহৰুখৰ ছবিখন আঁতৰাই ‘ছালাৰ’ৰ শ্ব’ বৃদ্ধি কৰা হ’ল। ৰাজকুমাৰ হিৰানীৰ ছবিখনক পৰাস্ত কৰিলে প্ৰশান্ত নীলৰ ‘ছালাৰ’। বক্স অফিচৰ ৰিপ’ৰ্টৰ ক্ষেত্ৰত এই ছবিখন ডাংকীতকৈ বহু আগবাঢ়ি আছে। মুক্তিৰ দিনটোত ‘ছালাৰ’ই ১০০ কোটি টকা অতিক্ৰম কৰিলে।

কেৱল মাৰাঠা মন্দিৰেই নহয় মুম্বাইৰ কেইবাজনো একক পৰ্দাৰ মালিকে ‘ডাংকি’ৰ শ্ব’ হ্ৰাস কৰি ‘ছালাৰ’ৰ শ্ব’ বৃদ্ধি কৰিছে। এই সিদ্ধান্তৰ কাৰণ ঠিক কি? কেৱল ব্যৱসায়িক সফলতা আছিল নে আন কিবা কাৰণ আছিল সেয়া জনা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement