--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ মাৰাঠা মন্দিৰ। শ্বাহৰুখ অনুৰাগীৰ বাবে এক তীৰ্থস্থান। ১৯৯৫ চনত শ্বাহৰুখ খানক চিনেমাপ্ৰেমীসকলৰ লগত চিনাকি কৰাই দিয়া ছবি 'দিলৱালে দুলহনিয়া লে জায়েংগে’ আজিও মাৰাঠা মন্দিৰত প্ৰদৰ্শিত হৈ আছে। যোৱা ২৮ বছৰে প্ৰতিদিনে পুৱা ১১.৩০ বজাত শ্বাহৰুখৰ অনুৰাগীসকলে তেওঁৰ জীৱনৰ এখন চৰ্চিত ছবি চাবলৈ ভিৰ কৰে। 

এইবছৰ সেই পৰম্পৰা ভংগ কৰি প্ৰথমে আৰম্ভ হ’ল ‘পাথান’ৰ শ্ব’, তাৰ পিছত ‘জোৱান’, আৰু বছৰৰ শেষত ‘ডাংকি’ৰ শ্ব’। কিন্তু হঠাৎ শ্বাহৰুখৰ ‘ডাংকি’ ছবিখনে বক্স অফিচত ‘পাথান’ বা ‘জোৱান’ৰ দৰে ব্যৱসায় কৰিব নোৱাৰাৰ বাবে মাৰাঠা মন্দিৰৰ পৰা আঁতৰাই দিয়া হ’ল। প্ৰভাসৰ ছবি ‘ছালাৰ’ই সেই স্থানত শ্ব’ বৃদ্ধি কৰে।

নব্বৈৰ দশকৰ পৰাই শ্বাহৰুখ এই হলৰ সৈতে জড়িত হৈ আছে। এইবাৰ শ্বাহৰুখৰ ছবিখন আঁতৰাই ‘ছালাৰ’ৰ শ্ব’ বৃদ্ধি কৰা হ’ল। ৰাজকুমাৰ হিৰানীৰ ছবিখনক পৰাস্ত কৰিলে প্ৰশান্ত নীলৰ ‘ছালাৰ’। বক্স অফিচৰ ৰিপ’ৰ্টৰ ক্ষেত্ৰত এই ছবিখন ডাংকীতকৈ বহু আগবাঢ়ি আছে। মুক্তিৰ দিনটোত ‘ছালাৰ’ই ১০০ কোটি টকা অতিক্ৰম কৰিলে।

কেৱল মাৰাঠা মন্দিৰেই নহয় মুম্বাইৰ কেইবাজনো একক পৰ্দাৰ মালিকে ‘ডাংকি’ৰ শ্ব’ হ্ৰাস কৰি ‘ছালাৰ’ৰ শ্ব’ বৃদ্ধি কৰিছে। এই সিদ্ধান্তৰ কাৰণ ঠিক কি? কেৱল ব্যৱসায়িক সফলতা আছিল নে আন কিবা কাৰণ আছিল সেয়া জনা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান