--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি দীপাৱলী। পোহৰৰ উৎসৱ দীপাৱলী ফটকাৰ সলনি পোহৰ আৰু ৰঙেৰে পালন কৰাৰ পৰামৰ্শ দিয়া হয়। কাৰণ শব্দ আৰু ধোঁৱাৰ ফলত বায়ুৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে আৰু বিশেষজ্ঞসকলৰ মতে বায়ুৰ একিউআইৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে ছাল, চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

১. এলাৰ্জীৰ সমস্যা বৃদ্ধি কৰে-

প্ৰদূষণৰ ফলত এলাৰ্জীৰ সমস্যা বৃদ্ধি হ’ব পাৰে। ছালৰ বিষ, ৰঙা ফোহা আদি হ’বলৈ আৰম্ভ কৰে। কিছুমান মানুহৰ ছালখন অতি সংবেদনশীল। কোনো বিশেষ বস্তুৰ সংস্পৰ্শলৈ আহিলে খজুৱতি, জ্বলা-পোৰা, ফোহা আদি হোৱা দেখা যায়। ধোঁৱাও তেনে এক সংবেদনশীল বস্তু, ইয়াত থকা কাৰ্বনৰ কণাবোৰে বায়ুত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হয়। এলাৰ্জীৰ বাবে কিছুমান মানুহৰ সেই ঠাইত বিষ, খজুৱতি, ফোহা, ফোহাৰ পৰা পানী ওলোৱা, ঘাঁ আদি সমস্যা হয়।

২. চকুৰ ক্ষতি কৰিব পাৰে-

দীপাৱলীত ফটকাক লৈ মানুহে অসাৱধানতা অৱলম্বন কৰে। বহু সময়ত জোৰেৰে ফটকা ফটাৰ ফলত হাত আৰু আঙুলিত আঘাত পায়। ফটকাত থকা ৰাসায়নিক পদাৰ্থৰ বাবে চকুত ধোঁৱা সোমাই যায়। ইয়াৰ ফলত চকু জ্বলা-পোৰা আৰু ৰঙা হ’বলৈ আৰম্ভ কৰে। ফটকাৰ ফলত হোৱা আঘাতৰ ফলত চকুত ঘাঁ হ’ব পাৰে, চকুৰ ছানি পৰি ক্ষতি হ’ব পাৰে।

 এইসমূহ সাৱধানতা অৱলম্বন কৰক-

ফটকা জ্বলোৱাৰ সময়ত অসাৱধান নহ’ব। শিশুৱে কৰা আতচবাজীৰ সময়ত জ্যেষ্ঠসকলে নজৰত ৰাখিব লাগে। শিশুক কেতিয়াও ডাঙৰ শব্দৰ ফটকা দিব নালাগে। শৰীৰৰ পৰা আঁতৰত ফটকা জ্বলাব লাগে। আতচবাজীৰ কৰা ঠাইৰ পৰা সামান্যতম স্ফুলিংগত জুই লাগিব পৰা সামগ্ৰী দূৰত ৰাখিব লাগে।

দিল্লীত ফটকা বিক্ৰী নিষিদ্ধ কৰা হৈছে-

দিল্লীত ফটকা, আতচবাজী ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াক উলংঘা কৰি ধৰা পৰিলে ২০০ টকা জৰিমনা আৰু ৬ মাহৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক