--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি দীপাৱলী। পোহৰৰ উৎসৱ দীপাৱলী ফটকাৰ সলনি পোহৰ আৰু ৰঙেৰে পালন কৰাৰ পৰামৰ্শ দিয়া হয়। কাৰণ শব্দ আৰু ধোঁৱাৰ ফলত বায়ুৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে আৰু বিশেষজ্ঞসকলৰ মতে বায়ুৰ একিউআইৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে ছাল, চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

১. এলাৰ্জীৰ সমস্যা বৃদ্ধি কৰে-

প্ৰদূষণৰ ফলত এলাৰ্জীৰ সমস্যা বৃদ্ধি হ’ব পাৰে। ছালৰ বিষ, ৰঙা ফোহা আদি হ’বলৈ আৰম্ভ কৰে। কিছুমান মানুহৰ ছালখন অতি সংবেদনশীল। কোনো বিশেষ বস্তুৰ সংস্পৰ্শলৈ আহিলে খজুৱতি, জ্বলা-পোৰা, ফোহা আদি হোৱা দেখা যায়। ধোঁৱাও তেনে এক সংবেদনশীল বস্তু, ইয়াত থকা কাৰ্বনৰ কণাবোৰে বায়ুত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হয়। এলাৰ্জীৰ বাবে কিছুমান মানুহৰ সেই ঠাইত বিষ, খজুৱতি, ফোহা, ফোহাৰ পৰা পানী ওলোৱা, ঘাঁ আদি সমস্যা হয়।

২. চকুৰ ক্ষতি কৰিব পাৰে-

দীপাৱলীত ফটকাক লৈ মানুহে অসাৱধানতা অৱলম্বন কৰে। বহু সময়ত জোৰেৰে ফটকা ফটাৰ ফলত হাত আৰু আঙুলিত আঘাত পায়। ফটকাত থকা ৰাসায়নিক পদাৰ্থৰ বাবে চকুত ধোঁৱা সোমাই যায়। ইয়াৰ ফলত চকু জ্বলা-পোৰা আৰু ৰঙা হ’বলৈ আৰম্ভ কৰে। ফটকাৰ ফলত হোৱা আঘাতৰ ফলত চকুত ঘাঁ হ’ব পাৰে, চকুৰ ছানি পৰি ক্ষতি হ’ব পাৰে।

 এইসমূহ সাৱধানতা অৱলম্বন কৰক-

ফটকা জ্বলোৱাৰ সময়ত অসাৱধান নহ’ব। শিশুৱে কৰা আতচবাজীৰ সময়ত জ্যেষ্ঠসকলে নজৰত ৰাখিব লাগে। শিশুক কেতিয়াও ডাঙৰ শব্দৰ ফটকা দিব নালাগে। শৰীৰৰ পৰা আঁতৰত ফটকা জ্বলাব লাগে। আতচবাজীৰ কৰা ঠাইৰ পৰা সামান্যতম স্ফুলিংগত জুই লাগিব পৰা সামগ্ৰী দূৰত ৰাখিব লাগে।

দিল্লীত ফটকা বিক্ৰী নিষিদ্ধ কৰা হৈছে-

দিল্লীত ফটকা, আতচবাজী ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াক উলংঘা কৰি ধৰা পৰিলে ২০০ টকা জৰিমনা আৰু ৬ মাহৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু