--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংসদ ভৱনক আটাইতকৈ সুৰক্ষিত স্থান বুলি কোৱা হয়। সেয়ে সংসদ ভৱনৰ নিৰাপ্তাৰ প্ৰতি লক্ষ্য ৰাখি সংসদৰ ভিতৰত বা বাহিৰত কোনো ব্যক্তিকে ছবি তোলাৰো অনুমতি দিয়া নহয়। কিন্তু ইমান খিনি জনাৰ পিছতো  অভিনেত্ৰী কংগনা ৰাণাৱটে সংসদ ভৱনৰ চৌহদৰ ভিতৰত তেওঁৰ ছবি 'ইমাৰ্জেন্সী'ৰ  দৃশ্যগ্ৰহণৰ বাবে লোকসভা সচিবালয়ৰ পৰা অনুমতি বিচাৰিছে। 

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  ৰাণাৱটৰ পত্ৰখন বিবেচনাধীন হৈ আছে। সূত্ৰটোৱে লগতে কয় যে কংগনাই তেনে  অনুমতি পোৱাৰ সম্ভাৱনা নাই।  লোকসভা সচিবালয়লৈ লিখা এখন পত্ৰত ৰাণাৱটে তেওঁক সংসদ চৌহদৰ ভিতৰত  'ইমাৰ্জেন্সী' চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ কথাকলৈ বহুতৰে মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। কংগনা গেৰুৱা বিজেপিৰ একান্ত ভক্ত বুলি ইতিমধ্যে প্ৰমাণ হৈছে। সেয়ে তেওঁক তেনে অনুমতি দিয়া হ’ব পাৰে বুলিও বহুতে ধাৰণা কৰিছে।

সাধাৰণতেব্যক্তিগত প্ৰতিষ্ঠানবোৰক সংসদ চৌহদৰ ভিতৰত দৃশ্যগ্ৰহণ বা ভিডিঅ' বনোৱাৰ অনুমতি দিয়া নহয়। অৱশ্যে  যদি কোনো চৰকাৰী কামৰ বাবে গুশ্বুটিং কৰিবলগীয়া  হয় তেন্তে সেয়া   বেলেগ বিষয়। মুখ্যতঃ দূৰদৰ্শন আৰু সংসদ টিভিক সংসদৰ ভিতৰত কাৰ্যসূচীৰ দৃশ্যগ্ৰহণৰ অনুমতি দিয়া হয়।

উল্লেখ্য কমগনাৰ  'ইমাৰ্জেন্সী' ছবি খনৰ  দৃশ্যগ্ৰহণ এই বছৰৰ জুন মাহত আৰম্ভ হৈছিল। ছবিখন ৰাণাৱটে নিজেই পৰিচালনা কৰিছে। ইয়াৰ বাহিৰেও, তেওঁ নিজেই ছবিখনৰ চিত্ৰ নাট্যকাৰ  আৰু প্ৰযোজকো। তেওঁ ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে।  ইন্দিৰা গান্ধীয়ে১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু