--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংসদ ভৱনক আটাইতকৈ সুৰক্ষিত স্থান বুলি কোৱা হয়। সেয়ে সংসদ ভৱনৰ নিৰাপ্তাৰ প্ৰতি লক্ষ্য ৰাখি সংসদৰ ভিতৰত বা বাহিৰত কোনো ব্যক্তিকে ছবি তোলাৰো অনুমতি দিয়া নহয়। কিন্তু ইমান খিনি জনাৰ পিছতো  অভিনেত্ৰী কংগনা ৰাণাৱটে সংসদ ভৱনৰ চৌহদৰ ভিতৰত তেওঁৰ ছবি 'ইমাৰ্জেন্সী'ৰ  দৃশ্যগ্ৰহণৰ বাবে লোকসভা সচিবালয়ৰ পৰা অনুমতি বিচাৰিছে। 

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  ৰাণাৱটৰ পত্ৰখন বিবেচনাধীন হৈ আছে। সূত্ৰটোৱে লগতে কয় যে কংগনাই তেনে  অনুমতি পোৱাৰ সম্ভাৱনা নাই।  লোকসভা সচিবালয়লৈ লিখা এখন পত্ৰত ৰাণাৱটে তেওঁক সংসদ চৌহদৰ ভিতৰত  'ইমাৰ্জেন্সী' চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ কথাকলৈ বহুতৰে মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। কংগনা গেৰুৱা বিজেপিৰ একান্ত ভক্ত বুলি ইতিমধ্যে প্ৰমাণ হৈছে। সেয়ে তেওঁক তেনে অনুমতি দিয়া হ’ব পাৰে বুলিও বহুতে ধাৰণা কৰিছে।

সাধাৰণতেব্যক্তিগত প্ৰতিষ্ঠানবোৰক সংসদ চৌহদৰ ভিতৰত দৃশ্যগ্ৰহণ বা ভিডিঅ' বনোৱাৰ অনুমতি দিয়া নহয়। অৱশ্যে  যদি কোনো চৰকাৰী কামৰ বাবে গুশ্বুটিং কৰিবলগীয়া  হয় তেন্তে সেয়া   বেলেগ বিষয়। মুখ্যতঃ দূৰদৰ্শন আৰু সংসদ টিভিক সংসদৰ ভিতৰত কাৰ্যসূচীৰ দৃশ্যগ্ৰহণৰ অনুমতি দিয়া হয়।

উল্লেখ্য কমগনাৰ  'ইমাৰ্জেন্সী' ছবি খনৰ  দৃশ্যগ্ৰহণ এই বছৰৰ জুন মাহত আৰম্ভ হৈছিল। ছবিখন ৰাণাৱটে নিজেই পৰিচালনা কৰিছে। ইয়াৰ বাহিৰেও, তেওঁ নিজেই ছবিখনৰ চিত্ৰ নাট্যকাৰ  আৰু প্ৰযোজকো। তেওঁ ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে।  ইন্দিৰা গান্ধীয়ে১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক