--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত 'পাঠান'ক লৈ তীব্ৰ বিতৰ্ক চলি আছে ।আনকি মধ্য প্ৰদেশ বিধানসভাতো 'পাঠান' বোলছবিখনক লৈ বিতৰ্ক হৈছে।ৰাজ্য খনৰ বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগতেই অধ্যক্ষই নিজেই ছবি খনকলৈ প্ৰশ্ন উত্থাপন কৰিছে। 

শ্বাহৰুখ খানৰ নতুন চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ছবি খনৰ  বৰ্জনৰ দাবীও অধিক শক্তিশালী হৈ পৰিছে। আজিৰে পৰা আৰম্ভ হোৱা মধ্য প্ৰদেশ  বিধানসভাৰ শীতকালীন অধিৱেশনত 'পাঠান'কলৈ  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মধ্য প্ৰদেশ বিধানসভাৰ  অধ্যক্ষই শ্বাহৰুখ খানক সুধিছে, "শ্বাহৰুখে তেওঁৰ জীয়েকৰ সৈতে বহি এই ছবিখন উপভোগ কৰিব  পাৰিবনে?" 

উল্লেখ্য ছবি খনৰ বিতৰ্ক 'বেচৰাম ৰং' শীৰ্ষক গীতটোৰ পৰাই  আৰম্ভ হৈছে। মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই কৈছিল যে ছবিখন "বেয়া উদ্দেশ্যৰে" নিৰ্মাণ কৰা হৈছিল। যদি দৃশ্যবোৰ সংশোধন কৰা নহয়, মধ্য প্ৰদেশত 'পাঠান' নিষিদ্ধ কৰা হ'ব বুলিও তেওঁ হুংকাৰ দিছিল। 


মধ্য প্ৰদেশৰ লগতে  দেশৰ বিভিন্ন প্ৰান্তত'পাঠানকলৈ প্ৰতিবাদৰ  জুই জ্বলি আছে। দীপিকা পাডুকোনে  গেৰুৱা বিকিনি পিন্ধি কৰা নৃত্যই  সমালোচনাৰ ধুমুহা বোৱাইছে। বিধানসভাৰ অধ্যক্ষ গিৰীশ গৌতমে এখোজ আগুৱাই গৈ সুধিছে, "শ্বাহৰুখে তেওঁৰ জীয়েকৰ সৈতে বহি এই ছবিখন উপভোগ কৰিব  পাৰিবনে?"

অৱশ্যে, কেৱল গেৰুৱা শিবিৰে নহয়, কংগ্ৰেছকে ধৰি কিছুমান সোঁপন্থী ৰাজনৈতিক দলেও 'পাঠান'ৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ  দাবী জনাইছে। কেইবাটাও মুছলমান সংগঠনৰ দাবীতো  একে ধৰণৰ অনুভূতিৰ প্ৰতিধ্বনি অনুভূত হৈছে। ইপিনে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ বিবেক তানখাই 'পাঠান' বৰ্জনৰ দাবীৰ বিৰোধিতা  কৰিছে। 

তেওঁৰ মতে "চিনেমাখন ভাল হৈছে  নে নাই, সেয়া চেঞ্চৰ বোৰ্ডৰ  সিদ্ধান্ত। যদি কোনোবাই কোনো সমস্যা অনুভৱ কৰিছে, তেওঁ চেঞ্চৰ বোৰ্ডলৈ লিখিব লাগে। যদি সঁচাকৈয়ে কোনো 'অশ্লীল' বা 'আপত্তিজনক' দৃশ্য থাকে, চেঞ্চৰ বোৰ্ডে সেইবোৰ আঁতৰাবলৈ সিদ্ধান্ত ল'ব। মই আনে এই বিষয়ে চিন্তা কৰাৰ কোনো কাৰণ দেখা নাই। ''











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক