--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত 'পাঠান'ক লৈ তীব্ৰ বিতৰ্ক চলি আছে ।আনকি মধ্য প্ৰদেশ বিধানসভাতো 'পাঠান' বোলছবিখনক লৈ বিতৰ্ক হৈছে।ৰাজ্য খনৰ বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগতেই অধ্যক্ষই নিজেই ছবি খনকলৈ প্ৰশ্ন উত্থাপন কৰিছে। 

শ্বাহৰুখ খানৰ নতুন চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ছবি খনৰ  বৰ্জনৰ দাবীও অধিক শক্তিশালী হৈ পৰিছে। আজিৰে পৰা আৰম্ভ হোৱা মধ্য প্ৰদেশ  বিধানসভাৰ শীতকালীন অধিৱেশনত 'পাঠান'কলৈ  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মধ্য প্ৰদেশ বিধানসভাৰ  অধ্যক্ষই শ্বাহৰুখ খানক সুধিছে, "শ্বাহৰুখে তেওঁৰ জীয়েকৰ সৈতে বহি এই ছবিখন উপভোগ কৰিব  পাৰিবনে?" 

উল্লেখ্য ছবি খনৰ বিতৰ্ক 'বেচৰাম ৰং' শীৰ্ষক গীতটোৰ পৰাই  আৰম্ভ হৈছে। মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই কৈছিল যে ছবিখন "বেয়া উদ্দেশ্যৰে" নিৰ্মাণ কৰা হৈছিল। যদি দৃশ্যবোৰ সংশোধন কৰা নহয়, মধ্য প্ৰদেশত 'পাঠান' নিষিদ্ধ কৰা হ'ব বুলিও তেওঁ হুংকাৰ দিছিল। 


মধ্য প্ৰদেশৰ লগতে  দেশৰ বিভিন্ন প্ৰান্তত'পাঠানকলৈ প্ৰতিবাদৰ  জুই জ্বলি আছে। দীপিকা পাডুকোনে  গেৰুৱা বিকিনি পিন্ধি কৰা নৃত্যই  সমালোচনাৰ ধুমুহা বোৱাইছে। বিধানসভাৰ অধ্যক্ষ গিৰীশ গৌতমে এখোজ আগুৱাই গৈ সুধিছে, "শ্বাহৰুখে তেওঁৰ জীয়েকৰ সৈতে বহি এই ছবিখন উপভোগ কৰিব  পাৰিবনে?"

অৱশ্যে, কেৱল গেৰুৱা শিবিৰে নহয়, কংগ্ৰেছকে ধৰি কিছুমান সোঁপন্থী ৰাজনৈতিক দলেও 'পাঠান'ৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ  দাবী জনাইছে। কেইবাটাও মুছলমান সংগঠনৰ দাবীতো  একে ধৰণৰ অনুভূতিৰ প্ৰতিধ্বনি অনুভূত হৈছে। ইপিনে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ বিবেক তানখাই 'পাঠান' বৰ্জনৰ দাবীৰ বিৰোধিতা  কৰিছে। 

তেওঁৰ মতে "চিনেমাখন ভাল হৈছে  নে নাই, সেয়া চেঞ্চৰ বোৰ্ডৰ  সিদ্ধান্ত। যদি কোনোবাই কোনো সমস্যা অনুভৱ কৰিছে, তেওঁ চেঞ্চৰ বোৰ্ডলৈ লিখিব লাগে। যদি সঁচাকৈয়ে কোনো 'অশ্লীল' বা 'আপত্তিজনক' দৃশ্য থাকে, চেঞ্চৰ বোৰ্ডে সেইবোৰ আঁতৰাবলৈ সিদ্ধান্ত ল'ব। মই আনে এই বিষয়ে চিন্তা কৰাৰ কোনো কাৰণ দেখা নাই। ''











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু