--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব। ইতিমধ্যে বৰপুত্ৰ আকাশ আৰু কন্যা ঈষা বিবাহপাশত আৱদ্ধ হৈছে। অনন্ত আম্বানীৰ মাতৃ তথা মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী প্ৰায়ে তেওঁৰ ষ্টাইল আৰু ফেশ্বনৰ বাবে শিৰোনামত থাকে। পুত্ৰক বিয়া পাতি দিবলৈ সাজু হোৱা নীতা আম্বানীয়ে ৩৮ বছৰ পূৰ্বে নিজে কইনা হৈছিল। ১৯৮৫ চনত মুকেশ আম্বানীৰ সৈতে বিয়াত বহিছিল নীতা। ইয়াত নীতা আম্বানী আৰু মুকেশ আম্বানীৰ বিবাহৰ ফটো চাওক...

নীতা আম্বানী আৰু মুকেশ আম্বানীৰ প্ৰেম কাহিনী এখন চিনেমাতকৈ কম নহয়। ৩৮ বছৰ পূৰ্বে আম্বানী পৰিয়ালৰ বোৱাৰী হোৱা নীতাই সৰুৰে পৰা শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আকৰ্ষিত আছিল। মাতৃয়ে সদায় বিচাৰিছিল কন্যা নীতা চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাটো। নীতা আম্বানীয়ে অৱশ্যে শিক্ষকতা আৰু ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয়।
This Was Nita Ambani's 'Only Condition' To Marry Mukesh Ambani | HerZindagi
শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আকৰ্ষিত নীতা আম্বানীয়ে এবাৰ নৱৰাত্ৰিৰ দিনা আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত অংশ লৈছিল। য’ত ধীৰুভাই আম্বানী আৰু কোকিলাবেনো আহিছিল, এই অনুষ্ঠানত নাচি থকা নীতাক দেখি ধীৰুভাই আৰু কোকিলাবেন বৰ আপ্লুত হৈছিল। নীতাৰ তথ্যপাতি গোটাই পাছত ধীৰুভাইয়ে নীতাৰ ঘৰলৈ ফোন কৰে।

এটা সাক্ষাৎকাৰত নীতাই কৈছিল যে নীতা আম্বানীয়ে সেই ফোনটো ৰিচিভ কৰিছিল। ফোনটোৰ সিটো মূৰত ধীৰুভাই আম্বানী আছে বুলি শুনি নীতাই বিশ্বাস কৰিব নোৱাৰি ফোনটো কাটি দিয়ে। এবাৰ নহয় দুবাৰ এই কাম কৰিলে নীতাই। তৃতীয়বাৰৰ বাবে ফোনটো পাই তেওঁ পতিয়ন গৈছিল।
Mukesh Ambani & Nita Ambani Love story With Wedding Pictures. | Nita ambani,  Wedding pictures, Rare pictures

মুকেশ আম্বানীয়ে নীতাক বিয়াৰ বাবে অতি বিচিত্ৰ শৈলীত প্ৰস্তাৱ দিছিল। মুকেশ আৰু নীতা গাড়ীত ড্ৰাইভ কৰিবলৈ ওলাই গৈছিল। তেনেতে চিগনেলত গাড়ীখন ৰৈ গ’ল, য’ত মুকেশে নীতাক বিয়া কৰাব নেকি বুলি সুধিলে। তাৰপাছত চিগনেলত সেউজীয়া লাইট জ্বলি উঠিল আৰু পাছফালৰ সকলো বাহনে হৰ্ণ বজাবলৈ ধৰিলে, নীতাই গাড়ী চলাবলৈ ক’লে, কিন্তু মুকেশ আম্বানীয়ে দৃঢ়প্ৰতিজ্ঞ হৈ ক’লে যে নীতাৰ উত্তৰ শুনিহে তেওঁ গাড়ী চলাব। তেতিয়া নীতাই বিয়াৰ বাবে সন্মতি প্ৰকাশ কৰে।
The Mukesh Ambani And Nita Ambani Marriage
মুকেশ আম্বানীক বিয়া কৰাই নীতাই গৃহিণী হৈয়ো নানা কাম চম্ভালিবলৈ সিদ্ধান্ত লয়। এই কাৰণেই বৰ্তমান নীতা আম্বানীক পৃথিৱীৰ শক্তিশালী নাৰীৰ ভিতৰত গণ্য কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল