--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব। ইতিমধ্যে বৰপুত্ৰ আকাশ আৰু কন্যা ঈষা বিবাহপাশত আৱদ্ধ হৈছে। অনন্ত আম্বানীৰ মাতৃ তথা মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী প্ৰায়ে তেওঁৰ ষ্টাইল আৰু ফেশ্বনৰ বাবে শিৰোনামত থাকে। পুত্ৰক বিয়া পাতি দিবলৈ সাজু হোৱা নীতা আম্বানীয়ে ৩৮ বছৰ পূৰ্বে নিজে কইনা হৈছিল। ১৯৮৫ চনত মুকেশ আম্বানীৰ সৈতে বিয়াত বহিছিল নীতা। ইয়াত নীতা আম্বানী আৰু মুকেশ আম্বানীৰ বিবাহৰ ফটো চাওক...

নীতা আম্বানী আৰু মুকেশ আম্বানীৰ প্ৰেম কাহিনী এখন চিনেমাতকৈ কম নহয়। ৩৮ বছৰ পূৰ্বে আম্বানী পৰিয়ালৰ বোৱাৰী হোৱা নীতাই সৰুৰে পৰা শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আকৰ্ষিত আছিল। মাতৃয়ে সদায় বিচাৰিছিল কন্যা নীতা চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাটো। নীতা আম্বানীয়ে অৱশ্যে শিক্ষকতা আৰু ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয়।
This Was Nita Ambani's 'Only Condition' To Marry Mukesh Ambani | HerZindagi
শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আকৰ্ষিত নীতা আম্বানীয়ে এবাৰ নৱৰাত্ৰিৰ দিনা আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত অংশ লৈছিল। য’ত ধীৰুভাই আম্বানী আৰু কোকিলাবেনো আহিছিল, এই অনুষ্ঠানত নাচি থকা নীতাক দেখি ধীৰুভাই আৰু কোকিলাবেন বৰ আপ্লুত হৈছিল। নীতাৰ তথ্যপাতি গোটাই পাছত ধীৰুভাইয়ে নীতাৰ ঘৰলৈ ফোন কৰে।

এটা সাক্ষাৎকাৰত নীতাই কৈছিল যে নীতা আম্বানীয়ে সেই ফোনটো ৰিচিভ কৰিছিল। ফোনটোৰ সিটো মূৰত ধীৰুভাই আম্বানী আছে বুলি শুনি নীতাই বিশ্বাস কৰিব নোৱাৰি ফোনটো কাটি দিয়ে। এবাৰ নহয় দুবাৰ এই কাম কৰিলে নীতাই। তৃতীয়বাৰৰ বাবে ফোনটো পাই তেওঁ পতিয়ন গৈছিল।
Mukesh Ambani & Nita Ambani Love story With Wedding Pictures. | Nita ambani,  Wedding pictures, Rare pictures

মুকেশ আম্বানীয়ে নীতাক বিয়াৰ বাবে অতি বিচিত্ৰ শৈলীত প্ৰস্তাৱ দিছিল। মুকেশ আৰু নীতা গাড়ীত ড্ৰাইভ কৰিবলৈ ওলাই গৈছিল। তেনেতে চিগনেলত গাড়ীখন ৰৈ গ’ল, য’ত মুকেশে নীতাক বিয়া কৰাব নেকি বুলি সুধিলে। তাৰপাছত চিগনেলত সেউজীয়া লাইট জ্বলি উঠিল আৰু পাছফালৰ সকলো বাহনে হৰ্ণ বজাবলৈ ধৰিলে, নীতাই গাড়ী চলাবলৈ ক’লে, কিন্তু মুকেশ আম্বানীয়ে দৃঢ়প্ৰতিজ্ঞ হৈ ক’লে যে নীতাৰ উত্তৰ শুনিহে তেওঁ গাড়ী চলাব। তেতিয়া নীতাই বিয়াৰ বাবে সন্মতি প্ৰকাশ কৰে।
The Mukesh Ambani And Nita Ambani Marriage
মুকেশ আম্বানীক বিয়া কৰাই নীতাই গৃহিণী হৈয়ো নানা কাম চম্ভালিবলৈ সিদ্ধান্ত লয়। এই কাৰণেই বৰ্তমান নীতা আম্বানীক পৃথিৱীৰ শক্তিশালী নাৰীৰ ভিতৰত গণ্য কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক