--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া শ্বাহৰুখ খানৰ ছবি 'পাঠান'কলৈ উত্তেজনা বিয়পি পৰিছে৷ বহু ৰাজ্যত 'পাঠান' প্ৰদৰ্শন কৰিলে ছবিঘৰ জ্বলাই দিয়াৰো ভাবুকি দিয়া হৈছে৷ কেৱল সেয়াই নহয়, অসমকে ধৰি বহু ৰাজ্যত 'পাঠান'ৰ পোষ্টাৰ আদি জ্বলাই দিয়া হৈছে৷  ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব 'পাঠান'-এ  ।

মাজত মাত্ৰ  কেইদিনমান বাকী। ছবিখনকলৈ  বিতৰ্ক বন্ধ হোৱা নাই৷  এইবাৰ গুজৰাটৰ এজন যুৱকে ছবিগৃহৰ মালিকসকলক ভাবুকি দিছে।যুৱকজনে এইবুলি ভাবুকি দিছে যে ছবিখন গুজৰাটৰ ছবিগৃহত প্ৰদৰ্শিত হ’লে ছবিঘৰত  জুই লগাই দিয়া হ’ব৷   ভাবুকি প্ৰদান কৰা  ৩৩ বছৰীয়া যুৱকজনক  ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ 

যুৱকজনে ভাবুকি দিয়া  ভিডিঅ'টো সামাজিক মাধ্যমত পোষ্ট কৰিছিল। ভিডিঅ'টোত তেওঁ ছবিগৃহৰ  মালিকসকলক স্পষ্টভাৱে ভাবুকি দিছিল যে যদি 'পাঠান'  ছবিখন দেখুওৱা হয়, তেন্তে জুই লাগিব। ভিডিঅ'টো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ 

এই যুৱকজনৰ নাম ছানি শ্বাহ, ওৰফে তৌজী। আৰক্ষীৰ মতে তেওঁৰ ভাবুকিৰ ফলত সাম্প্ৰদায়িক হিংসা হ'ব পাৰে। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিয়নো তেওঁ হিংসাত ইন্ধন যোগাই আছে। আৰক্ষীয়ে জনোৱা অনুসৰি, ছানী শ্বাহ কৰ্ণী সেনাৰ এজন প্ৰাক্তন সদস্য। আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ মোবাইল ফোনটো জব্দ কৰিছে। উল্সেখ্য ইয়াৰ পূৰ্বে  গুজৰাটতবজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। দীপিকা পাডুকন, শ্বাহৰুখ খান আৰু জন আব্ৰাহাম অভিনীত ছবিখন ২৫ জানুৱাৰীত মুক্তি পাব। সিদ্ধাৰ্থ আনন্দৰ ছবি খনৰ  বাবে আগতীয়া টিকট বিক্ৰী ইতিমধ্যে আৰম্ভ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়