--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে  ভাৰতীয় বায়ুসেনাই এইবাৰ সীমান্তত 'প্ৰলয়' শীৰ্ষক সামৰিক  অনুশীলন চলোৱাৰ সিদ্ধান্ত লৈছে৷এই অনুশীলনে ভাৰতীয় বায়ুসেনাৰ শক্তি পুনৰ বাৰ প্ৰমাণ কৰিব। উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হ'বলগীয়া 'প্ৰলয়' শীৰ্ষক এই নতুন অনুশীলনত ভাৰতীয় বায়ু সেনাৰ সকলো শক্তিশালী অস্ত্ৰ-শস্ত্ৰ লগত লৈ যোৱা হৈছে। 

বিশেষ ড্ৰোন গোটেও অনুশীলনত ভাগ ল’ব৷ জানিব পৰা মতে ৰাফেল যুদ্ধ বিমানো  এই বিশেষ অনুশীলনত থাকিব।  এই বছৰ বায়ু সেনাই এনে  কমাণ্ড-লেভেল ড্ৰিল আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ 

উল্লেখ্য চীনৰ সৈতে সীমান্তৰ এটা ডাঙৰ অংশ উত্তৰ-পূৰ্বাঞ্চলত সংলগ্ন হৈ  আছে। ভাৰতীয় বায়ু সেনাই সীমান্তৰ এক বৃহৎ এলেকা নিজৰ  তত্বাৱধান ৰাখিছে। শ্বিলঙত অৱস্থিত বায়ু সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে চীনৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি আহিছে। 

বায়ু সেনাৰ এছ-৪০০ যুদ্ধ বিমানে উক্ত অনুশীলনত ভাগ ল’ব বুলিও জানিব পৰা গৈছে৷   ভাৰতীয় বায়ু সেনাই উত্তৰ-পূবৰ ৰাজ্যসমূহক অধিক সুৰক্ষিত ৰাখিবলৈ ছিকিম আৰু শিলিগুৰি কৰিডৰত বিশেষ ড্ৰোন স্কোয়াড্ৰন মোতায়েন কৰিছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য চীনে উত্তৰ-পূবৰ অৰুণাচলত প্ৰায়ে আগ্ৰাসন চলাবলৈ চেষ্টা চলাই আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক