--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে  ভাৰতীয় বায়ুসেনাই এইবাৰ সীমান্তত 'প্ৰলয়' শীৰ্ষক সামৰিক  অনুশীলন চলোৱাৰ সিদ্ধান্ত লৈছে৷এই অনুশীলনে ভাৰতীয় বায়ুসেনাৰ শক্তি পুনৰ বাৰ প্ৰমাণ কৰিব। উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হ'বলগীয়া 'প্ৰলয়' শীৰ্ষক এই নতুন অনুশীলনত ভাৰতীয় বায়ু সেনাৰ সকলো শক্তিশালী অস্ত্ৰ-শস্ত্ৰ লগত লৈ যোৱা হৈছে। 

বিশেষ ড্ৰোন গোটেও অনুশীলনত ভাগ ল’ব৷ জানিব পৰা মতে ৰাফেল যুদ্ধ বিমানো  এই বিশেষ অনুশীলনত থাকিব।  এই বছৰ বায়ু সেনাই এনে  কমাণ্ড-লেভেল ড্ৰিল আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ 

উল্লেখ্য চীনৰ সৈতে সীমান্তৰ এটা ডাঙৰ অংশ উত্তৰ-পূৰ্বাঞ্চলত সংলগ্ন হৈ  আছে। ভাৰতীয় বায়ু সেনাই সীমান্তৰ এক বৃহৎ এলেকা নিজৰ  তত্বাৱধান ৰাখিছে। শ্বিলঙত অৱস্থিত বায়ু সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে চীনৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি আহিছে। 

বায়ু সেনাৰ এছ-৪০০ যুদ্ধ বিমানে উক্ত অনুশীলনত ভাগ ল’ব বুলিও জানিব পৰা গৈছে৷   ভাৰতীয় বায়ু সেনাই উত্তৰ-পূবৰ ৰাজ্যসমূহক অধিক সুৰক্ষিত ৰাখিবলৈ ছিকিম আৰু শিলিগুৰি কৰিডৰত বিশেষ ড্ৰোন স্কোয়াড্ৰন মোতায়েন কৰিছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য চীনে উত্তৰ-পূবৰ অৰুণাচলত প্ৰায়ে আগ্ৰাসন চলাবলৈ চেষ্টা চলাই আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে