--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমৰ্থকসকলে ফুলৰ মালা পিন্ধি জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈছিল। কিন্তু কংগ্ৰেছ বিধায়কগৰাকীয়ে তাৰ পৰিৱৰ্তে বেলেগ ধৰণেৰে জন্মদিন পালন কৰিলে। মালা পিন্ধাৰ সলনি ডিঙিত সাপ মেৰিয়াই ল’লে বিধায়কগৰাকীয়ে। তেওঁৰ এই কাৰ্য্যত সকলোৱে স্তম্ভিত হৈ পৰিল।

মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ কংগ্ৰেছ বিধায়ক বাবু জাণ্ডেল। শুকুৰবাৰ আছিল তেওঁৰ জন্মদিন। সেই উপলক্ষে তেওঁক অভিনন্দন জনাবলৈ ঘৰলৈ আহিছিল দলীয় কৰ্মী-সমৰ্থক। কোনোবাই বিধায়কক সম্ভাষণ জনাবলৈ ফুলৰ থোপা, কোনোবাই মালা লৈ আহিছিল। কিন্তু বিধায়কজনে ইতিমধ্যে তেওঁৰ ঘৰলৈ এজন সাপৱালাক মাতিছিল।

যেতিয়া সকলোৱে মালা পিন্ধাই তেওঁক সম্ভাষণ জনাবলৈ ব্যস্ত হৈ পৰিল, তেতিয়া বিধায়কজনে মালা পিন্ধিবলৈ অস্বীকাৰ কৰিলে। তেতিয়াও কোনেও বুজিব পৰা নাছিল বিধায়কজনৰ কি হ’ল! কিয় তেওঁ মালা পিন্ধিব নিবিচাৰে? ইয়াৰ পিছত কৰ্মী সমৰ্থকসকলৰ আগত বিষয়টো ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিল। ভিৰৰ মাজৰ পৰা বিধায়কজনে সাপৱালাক মাতিলে। সাপৱালাই হাতত ঢাকি থোৱা টোপোলা এটা লৈ আছিল। টোপোলাৰ পৰা সাপডাল উলিয়াই আনে। নিৰ্দেশ অনুযায়ী সেই সাপডালকে বিধায়ক গৰাকীৰ ডিঙিত মেৰিয়াই দিয়ে। সকলোৱে আতংকত চকু দুটা মুদি দিলেস কিন্তু বিধায়কজন অবিচলিত হৈ থাকিল।

কিয় এনেদৰে সাপ মেৰিয়াই জন্মদিন উদযাপন কৰিছে সেয়াও তেওঁ সংবাদ মাধ্যমক বুজাই দিলে। তেওঁ ক’লে, “মই মোৰ জন্মদিনটো আড়ম্বৰভাৱে নহয়, অতি সহজভাৱে উদযাপন কৰিব বিচাৰিছিলো। মই জীৱ-জন্তু ভাল পাওঁ। মোৰ বাৰীত এজোপা জেচমিন গছ আছে। কেতিয়াবা তালৈ সাপ আহে। ভগৱান শিৱৰো ডিঙিত এটা সাপ আছে। তেওঁৰ প্ৰতি সন্মানৰ বাবেই মই এনেদৰে মোৰ জন্মদিন উদযাপন কৰিলোঁ।” সাধাৰণ ৰাইজৰ পৰা ৰাজনৈতিক মহললৈকে বিধায়কগৰাকীৰ এই কাণ্ড চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব