--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমৰ্থকসকলে ফুলৰ মালা পিন্ধি জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈছিল। কিন্তু কংগ্ৰেছ বিধায়কগৰাকীয়ে তাৰ পৰিৱৰ্তে বেলেগ ধৰণেৰে জন্মদিন পালন কৰিলে। মালা পিন্ধাৰ সলনি ডিঙিত সাপ মেৰিয়াই ল’লে বিধায়কগৰাকীয়ে। তেওঁৰ এই কাৰ্য্যত সকলোৱে স্তম্ভিত হৈ পৰিল।

মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ কংগ্ৰেছ বিধায়ক বাবু জাণ্ডেল। শুকুৰবাৰ আছিল তেওঁৰ জন্মদিন। সেই উপলক্ষে তেওঁক অভিনন্দন জনাবলৈ ঘৰলৈ আহিছিল দলীয় কৰ্মী-সমৰ্থক। কোনোবাই বিধায়কক সম্ভাষণ জনাবলৈ ফুলৰ থোপা, কোনোবাই মালা লৈ আহিছিল। কিন্তু বিধায়কজনে ইতিমধ্যে তেওঁৰ ঘৰলৈ এজন সাপৱালাক মাতিছিল।

যেতিয়া সকলোৱে মালা পিন্ধাই তেওঁক সম্ভাষণ জনাবলৈ ব্যস্ত হৈ পৰিল, তেতিয়া বিধায়কজনে মালা পিন্ধিবলৈ অস্বীকাৰ কৰিলে। তেতিয়াও কোনেও বুজিব পৰা নাছিল বিধায়কজনৰ কি হ’ল! কিয় তেওঁ মালা পিন্ধিব নিবিচাৰে? ইয়াৰ পিছত কৰ্মী সমৰ্থকসকলৰ আগত বিষয়টো ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিল। ভিৰৰ মাজৰ পৰা বিধায়কজনে সাপৱালাক মাতিলে। সাপৱালাই হাতত ঢাকি থোৱা টোপোলা এটা লৈ আছিল। টোপোলাৰ পৰা সাপডাল উলিয়াই আনে। নিৰ্দেশ অনুযায়ী সেই সাপডালকে বিধায়ক গৰাকীৰ ডিঙিত মেৰিয়াই দিয়ে। সকলোৱে আতংকত চকু দুটা মুদি দিলেস কিন্তু বিধায়কজন অবিচলিত হৈ থাকিল।

কিয় এনেদৰে সাপ মেৰিয়াই জন্মদিন উদযাপন কৰিছে সেয়াও তেওঁ সংবাদ মাধ্যমক বুজাই দিলে। তেওঁ ক’লে, “মই মোৰ জন্মদিনটো আড়ম্বৰভাৱে নহয়, অতি সহজভাৱে উদযাপন কৰিব বিচাৰিছিলো। মই জীৱ-জন্তু ভাল পাওঁ। মোৰ বাৰীত এজোপা জেচমিন গছ আছে। কেতিয়াবা তালৈ সাপ আহে। ভগৱান শিৱৰো ডিঙিত এটা সাপ আছে। তেওঁৰ প্ৰতি সন্মানৰ বাবেই মই এনেদৰে মোৰ জন্মদিন উদযাপন কৰিলোঁ।” সাধাৰণ ৰাইজৰ পৰা ৰাজনৈতিক মহললৈকে বিধায়কগৰাকীৰ এই কাণ্ড চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস