--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰৰ মৃত্যু। হৰদীপ সিং নিজ্জৰক কানাডাত গুলীয়াই হত্যা কৰে দুজন বন্দুকধাৰীয়ে। পঞ্জাৱ আৰক্ষীয়ে তেওঁক প্ৰত্যাৰ্পণৰ বাবে বিচাৰিছিল। পঞ্জাৱত সন্ত্ৰাসবাদ পুনৰুজ্জীৱিত হোৱাৰ সৈতে জড়িত কেইবাটাও গোচৰত হৰদীপ সিং নিজ্জৰক বিচৰা হৈছিল। শিখ নেতা ৰিপুদমন সিঙৰ হত্যাকাণ্ডৰ আঁৰতো হৰদীপ সিং আছে বুলি সন্দেহ প্ৰকাশ পাইছিল।

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰকাশ কৰিছিল এখন তালিকা। এই তালিকাত হৰদীপ সিং নিজ্জৰৰ লগতে আছিল আন ৪০জন  সন্ত্ৰাসবাদীৰ নাম। উল্লেখ্য যে ২০২২ চনত পঞ্জাৱৰ জলন্ধৰত হিন্দু পুৰোহিতক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত নিজ্জৰৰ বাবে নিয়াই (NIA) ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। পুৰোহিতজনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল খালিস্তান টাইগাৰ ফৰ্চ (কেটিএফ)য়ে।

নিজ্জৰ আছিল ছাৰেৰ গুৰু নানক শিখ গুৰদ্বাৰাৰ মুৰব্বী। নিজ্জৰ শিখ ফৰ জাষ্টিচ নামৰ এটা সংগঠনৰ সৈতে জড়িত আছিল। ব্ৰেম্পটন চহৰত খালিস্তান গণভোট অনুষ্ঠিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেন্দ্রীয় চৰকাৰে জনোৱা মতে, জলন্ধৰৰ ভৰ সিং পুৰা গাঁৱৰ বাসিন্দা নিজ্জৰ (৪৬) নামৰ এজন ব্যক্তিয়ে খলিস্তান টাইগাৰ ফৰ্চৰ সদস্যৰ অভিযান, নেটৱৰ্কিং, প্ৰশিক্ষণ আৰু পুঁজিৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছিল।

২০২০ চনত পঞ্জাৱ চৰকাৰৰ এক নিৰ্দেশ অনুসৰি জলন্ধৰ জিলাৰ ফিলাউৰ মহকুমাৰ জন্ম গাঁও ভৰ ছিংগাপুৰাত মুঠ ১১টা পুখুৰী আৰু ১৩.৫ বিঘা নিজ্জৰৰ ভূমি জব্দ কৰা হৈছিল। 

কানাডাত বাস কৰা নিজ্জৰ কেটিএফৰ মুৰব্বী আছিল। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত নিজ্জৰৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছিল নিয়াই। ভাৰতে কানাডা কৰ্তৃপক্ষক নিজ্জৰৰ বিৰুদ্ধে পঞ্জাৱত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ
ধনখড়ৰ উত্তৰসুৰী কোন হ'ব ?
ভাৰত-আমেৰিকা সম্বন্ধৰ নতুন মোৰ
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে নলবাৰীৰ এগৰাকী শিক্ষকে