--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰৰ মৃত্যু। হৰদীপ সিং নিজ্জৰক কানাডাত গুলীয়াই হত্যা কৰে দুজন বন্দুকধাৰীয়ে। পঞ্জাৱ আৰক্ষীয়ে তেওঁক প্ৰত্যাৰ্পণৰ বাবে বিচাৰিছিল। পঞ্জাৱত সন্ত্ৰাসবাদ পুনৰুজ্জীৱিত হোৱাৰ সৈতে জড়িত কেইবাটাও গোচৰত হৰদীপ সিং নিজ্জৰক বিচৰা হৈছিল। শিখ নেতা ৰিপুদমন সিঙৰ হত্যাকাণ্ডৰ আঁৰতো হৰদীপ সিং আছে বুলি সন্দেহ প্ৰকাশ পাইছিল।

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰকাশ কৰিছিল এখন তালিকা। এই তালিকাত হৰদীপ সিং নিজ্জৰৰ লগতে আছিল আন ৪০জন  সন্ত্ৰাসবাদীৰ নাম। উল্লেখ্য যে ২০২২ চনত পঞ্জাৱৰ জলন্ধৰত হিন্দু পুৰোহিতক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত নিজ্জৰৰ বাবে নিয়াই (NIA) ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। পুৰোহিতজনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল খালিস্তান টাইগাৰ ফৰ্চ (কেটিএফ)য়ে।

নিজ্জৰ আছিল ছাৰেৰ গুৰু নানক শিখ গুৰদ্বাৰাৰ মুৰব্বী। নিজ্জৰ শিখ ফৰ জাষ্টিচ নামৰ এটা সংগঠনৰ সৈতে জড়িত আছিল। ব্ৰেম্পটন চহৰত খালিস্তান গণভোট অনুষ্ঠিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেন্দ্রীয় চৰকাৰে জনোৱা মতে, জলন্ধৰৰ ভৰ সিং পুৰা গাঁৱৰ বাসিন্দা নিজ্জৰ (৪৬) নামৰ এজন ব্যক্তিয়ে খলিস্তান টাইগাৰ ফৰ্চৰ সদস্যৰ অভিযান, নেটৱৰ্কিং, প্ৰশিক্ষণ আৰু পুঁজিৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছিল।

২০২০ চনত পঞ্জাৱ চৰকাৰৰ এক নিৰ্দেশ অনুসৰি জলন্ধৰ জিলাৰ ফিলাউৰ মহকুমাৰ জন্ম গাঁও ভৰ ছিংগাপুৰাত মুঠ ১১টা পুখুৰী আৰু ১৩.৫ বিঘা নিজ্জৰৰ ভূমি জব্দ কৰা হৈছিল। 

কানাডাত বাস কৰা নিজ্জৰ কেটিএফৰ মুৰব্বী আছিল। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত নিজ্জৰৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছিল নিয়াই। ভাৰতে কানাডা কৰ্তৃপক্ষক নিজ্জৰৰ বিৰুদ্ধে পঞ্জাৱত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে