--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কৰ ভূমিকম্পৰ ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে এজন বিশ্বৰ আগশাৰীৰ ফুটবলাৰৰ মৃতদেহ। তুৰস্কৰ ভূমিকম্পৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল। অৱশেষত এটা ঘৰৰ ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো

ফুটবলাৰগৰাকীৰ নাম- ক্ৰিষ্টিয়ান আটছু। ইংলিছ প্ৰিমিয়াৰ লীগৰ প্ৰখ্যাত দুটা ক্লাব চেলছী আৰু নিউকেষ্টল ইউনাইটেডৰ প্ৰাক্তন ফুটবলাৰ আছিল আফ্ৰিকাৰ ঘানাৰ এইগৰাকী ফুটবলাৰ। ইতিমধ্যে তেওঁৰ মৃত্যুৰ খবৰ তেওঁৰ এজেণ্টে নিশ্চিত কৰিছে। ভয়ংকৰ ভূমিকম্পৰ ১১ দিনৰ পাছত শুকুৰবাৰে আটছুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তাৰপাছতে শোকৰ ছাঁ পৰিছে ফুটবল বিশ্বত।

আটছুৱে শেহতীয়াকৈ তুৰ্কী ছুপাৰ লীগ ক্লাব হাটাইস্পৰৰ হৈ খেলিছিল। ২০২২ চনত এই ক্লাবত যোগদান কৰিছিল তেওঁ। সেয়ে দক্ষিণ তুৰস্কৰ হাটাই প্ৰদেশৰ এটা ১২ মহলীয়া এপাৰ্টমেণ্টত বাস কৰিছিল ফুটবলাৰগাৰীয়ে।

যোৱা সপ্তাহত হোৱা ভয়াৱহ ভূমিকম্পত তেওঁৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। তেতিয়াৰ পৰা তেওঁক বিচাৰি পোৱা নগৈছিল। তেওঁৰ এজেণ্ট মুৰাট উজুনমেহমেটে কয় যে, “আটছুৰ নিৰ্জীৱ মৃতদেহটো ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে।” তেওঁৰ সামগ্ৰীসমূহৰ উদ্ধাৰৰ কাম চলি আছে।

তেওঁৰ ক্লাবেও  ফুটবলাৰগৰাকীৰ মৃত্যু নিশ্চিত কৰিছে। ৩১ বছৰীয়া উইংগাৰগৰাকীয়ে ঘানাৰ হৈ ৬৫ খন খেলত ১০টা গ’ল কৰিছইল। তুৰস্কৰ পূৰ্বে তেওঁ দুবছৰ ছৌদি আৰৱৰ ক্লাব আল-ৰিয়াদত খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু