--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কৰ ভূমিকম্পৰ ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে এজন বিশ্বৰ আগশাৰীৰ ফুটবলাৰৰ মৃতদেহ। তুৰস্কৰ ভূমিকম্পৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল। অৱশেষত এটা ঘৰৰ ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো

ফুটবলাৰগৰাকীৰ নাম- ক্ৰিষ্টিয়ান আটছু। ইংলিছ প্ৰিমিয়াৰ লীগৰ প্ৰখ্যাত দুটা ক্লাব চেলছী আৰু নিউকেষ্টল ইউনাইটেডৰ প্ৰাক্তন ফুটবলাৰ আছিল আফ্ৰিকাৰ ঘানাৰ এইগৰাকী ফুটবলাৰ। ইতিমধ্যে তেওঁৰ মৃত্যুৰ খবৰ তেওঁৰ এজেণ্টে নিশ্চিত কৰিছে। ভয়ংকৰ ভূমিকম্পৰ ১১ দিনৰ পাছত শুকুৰবাৰে আটছুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তাৰপাছতে শোকৰ ছাঁ পৰিছে ফুটবল বিশ্বত।

আটছুৱে শেহতীয়াকৈ তুৰ্কী ছুপাৰ লীগ ক্লাব হাটাইস্পৰৰ হৈ খেলিছিল। ২০২২ চনত এই ক্লাবত যোগদান কৰিছিল তেওঁ। সেয়ে দক্ষিণ তুৰস্কৰ হাটাই প্ৰদেশৰ এটা ১২ মহলীয়া এপাৰ্টমেণ্টত বাস কৰিছিল ফুটবলাৰগাৰীয়ে।

যোৱা সপ্তাহত হোৱা ভয়াৱহ ভূমিকম্পত তেওঁৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। তেতিয়াৰ পৰা তেওঁক বিচাৰি পোৱা নগৈছিল। তেওঁৰ এজেণ্ট মুৰাট উজুনমেহমেটে কয় যে, “আটছুৰ নিৰ্জীৱ মৃতদেহটো ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে।” তেওঁৰ সামগ্ৰীসমূহৰ উদ্ধাৰৰ কাম চলি আছে।

তেওঁৰ ক্লাবেও  ফুটবলাৰগৰাকীৰ মৃত্যু নিশ্চিত কৰিছে। ৩১ বছৰীয়া উইংগাৰগৰাকীয়ে ঘানাৰ হৈ ৬৫ খন খেলত ১০টা গ’ল কৰিছইল। তুৰস্কৰ পূৰ্বে তেওঁ দুবছৰ ছৌদি আৰৱৰ ক্লাব আল-ৰিয়াদত খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক