--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈছে বিশ্ববাসী। ইয়াৰ পৰা সাৰি নগ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। দেওবাৰে শ্বিলঙত ফুটবলৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
 
শ্বিলঙৰ এখন ফুটবল খেলপথাৰত উত্তৰ পূব কাউন্সিলৰ স্বৰ্ণজয়ন্তী অনুষ্ঠিত কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত কৰা জনসভাত চৰকাৰৰ উন্নয়নৰ প্ৰসংগ টানি আনে তেওঁ উল্লেখ কৰে ফুটবলৰ কথা। কয় যে কাটাৰৰ খেলপথাৰত ফুটবলৰ প্ৰতিযোগিতা চলিছে। আৰু উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহত উন্নয়নৰ প্ৰতিযোগিতা চলিছে। উন্নয়নৰ বিৰোধীসকলক ৰঙা কাৰ্ড দেখুওৱা হৈছে।

“ফুটবল মেচে যেতিয়া কোনো খেলুৱৈয়ে নীতিৰ বিৰুদ্ধে খেলে, তেতিয়া তেওঁক ৰঙা কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰা দিয়া হয়। একেধৰণে, উত্তৰপূবত যোৱা ৮ বছৰ আমি অনুন্নয়ন, দুৰ্নীতি, ৰাজনৈতিক পক্ষপাতিত্ব, অস্থিৰতাৰ দৰে বাধাবিপত্তিক ৰঙা কাৰ্ড দেখুৱাইছো।”- মোডীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে জনায় যে উত্তৰপূবৰ ৰাজ্যসমূহত ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবেও চেষ্টা কৰিছে চৰকাৰে। আশ্বাস দিয়ে যে দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় উত্তৰপূবতে নিৰ্মাণ কৰা হ’ব।

“আজি যিসময়ত ফুটবল বিশ্বকাপৰ ফাইনেল মেচ হ’বলৈ গৈ আছে, তেনেসময়তে শ্বিলঙৰ ফুটবল পথাৰত ফুটবল প্ৰেমীসকলৰ মাজত সমাৱেশ কৰিছো মই।”- মোদীয়ে কয়।


“আজি কাটাৰত বিশ্বকাপৰ ফাইনেল। আমি বিদেশী দলসমূহৰ সমৰ্থনত উল্লাস কৰিছো। কিন্তু আপোনালোকক আশ্বাস দিছো যে সেই দিন আৰু দূৰত নাই, যেতিয়া আমিও এইধৰণৰ আন্তৰ্জাতিক মেচ আয়োজন কৰিম। আমাৰ ত্ৰিৰংগা উৰিব, নিজৰ দলৰ বাবে উল্লাস কৰিম আমিও।”- ভাৰতত ফুটবলৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক