--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈছে বিশ্ববাসী। ইয়াৰ পৰা সাৰি নগ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। দেওবাৰে শ্বিলঙত ফুটবলৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
 
শ্বিলঙৰ এখন ফুটবল খেলপথাৰত উত্তৰ পূব কাউন্সিলৰ স্বৰ্ণজয়ন্তী অনুষ্ঠিত কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত কৰা জনসভাত চৰকাৰৰ উন্নয়নৰ প্ৰসংগ টানি আনে তেওঁ উল্লেখ কৰে ফুটবলৰ কথা। কয় যে কাটাৰৰ খেলপথাৰত ফুটবলৰ প্ৰতিযোগিতা চলিছে। আৰু উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহত উন্নয়নৰ প্ৰতিযোগিতা চলিছে। উন্নয়নৰ বিৰোধীসকলক ৰঙা কাৰ্ড দেখুওৱা হৈছে।

“ফুটবল মেচে যেতিয়া কোনো খেলুৱৈয়ে নীতিৰ বিৰুদ্ধে খেলে, তেতিয়া তেওঁক ৰঙা কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰা দিয়া হয়। একেধৰণে, উত্তৰপূবত যোৱা ৮ বছৰ আমি অনুন্নয়ন, দুৰ্নীতি, ৰাজনৈতিক পক্ষপাতিত্ব, অস্থিৰতাৰ দৰে বাধাবিপত্তিক ৰঙা কাৰ্ড দেখুৱাইছো।”- মোডীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে জনায় যে উত্তৰপূবৰ ৰাজ্যসমূহত ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবেও চেষ্টা কৰিছে চৰকাৰে। আশ্বাস দিয়ে যে দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় উত্তৰপূবতে নিৰ্মাণ কৰা হ’ব।

“আজি যিসময়ত ফুটবল বিশ্বকাপৰ ফাইনেল মেচ হ’বলৈ গৈ আছে, তেনেসময়তে শ্বিলঙৰ ফুটবল পথাৰত ফুটবল প্ৰেমীসকলৰ মাজত সমাৱেশ কৰিছো মই।”- মোদীয়ে কয়।


“আজি কাটাৰত বিশ্বকাপৰ ফাইনেল। আমি বিদেশী দলসমূহৰ সমৰ্থনত উল্লাস কৰিছো। কিন্তু আপোনালোকক আশ্বাস দিছো যে সেই দিন আৰু দূৰত নাই, যেতিয়া আমিও এইধৰণৰ আন্তৰ্জাতিক মেচ আয়োজন কৰিম। আমাৰ ত্ৰিৰংগা উৰিব, নিজৰ দলৰ বাবে উল্লাস কৰিম আমিও।”- ভাৰতত ফুটবলৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু