--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ 'পাঠান'কলৈ চলিছে নিত্য-নতুন গৱেষণা। একাংশই ছবি খনৰ গীতটোত ধৰ্মীয় অৱমাননাৰ গোন্ধ বিচাৰি পাইছে। প্ৰথমে ছবি খনৰ এটা গীতে হিন্দু ধৰ্মক অৱমাননা কৰা বুলি অভিযোগ উঠিছিল যদিও এতিয়া গীতটোৱে হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মকো অৱমাননা কৰাৰ  অভিযোগ  উঠিছে। ছবিখনৰ বেচৰম ৰং শীৰ্ষক  গীতটোৱে  বৌদ্ধ ধৰ্মৰকো  অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে  এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে। 

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে 'পাঠান' বোলছবিখনৰ 'বেচৰাম ৰং' গানটোক লৈ হোৱা বিতৰ্কৰ প্ৰসংগত  মন্তব্য কৰি কয় যে গৌতম বুদ্ধয়ো  গেৰুৱা গেঞ্জি পিন্ধিছিল। সেয়েহে, এই ৰংটোক 'বেচৰম' বুলি কোৱাটো বৌদ্ধ ধৰ্মৰ বাবেও অপমানজনক।তেওঁ এনে শব্দবোৰ তৎক্ষণাৎ চলচ্চিত্ৰখনৰ গানৰ পৰা আঁতৰ কৰিব লাগে বুলি দাবী জনায়।


ৰামদাসে পুনেত আজি  সাংবাদিকৰ আগত এনেদৰে কয়। তেওঁ কয়  "পাঠানৰ সৈতে আমাৰ কোনো সমস্যা নাই, কেৱল এই গান 'বেচৰাম ৰং'তহে আপত্তি আছে। গেৰুৱা কেৱল বিজেপি বা শিৱসেনাৰ ৰং নহয়, এই ৰঙৰ কাপোৰ  গৌতম বুদ্ধয়ো পিন্ধিছিল। প্ৰায় আঢ়ৈ হাজাৰ বছৰ আগৰ পৰা ই শান্তিৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে। ফলস্বৰূপে, এই গানটো বৌদ্ধ ধৰ্মৰ বাবেও অপমানজনক।  সেয়েহে যদি গানটোৰ পৰা বেচৰম শব্দটো বাদ দিয়া নহয়, আমাৰ দলে পাঠান চলচ্চিত্ৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব"।
 
মন কৰিব লগীয়া যে ১২ ডিচেম্বৰত 'পাঠান' ছবিখনৰ 'বেচৰম ৰং' গীতটিয়ে মুক্তি লাভ কৰিছিল। তেতিয়াৰে পৰা বিতৰ্ক আৰম্ভ হৈছে।গানটোত অশালীন দৃশ্য থকাৰো অভিযোগ উত্থাপিত হৈছে। 

মধ্যপ্ৰদেশৰ ইন্দোৰত হিন্দুত্ববাদী কৰ্মীসকলে বলীউডৰ কিং খানৰ পুত্তলিকা দাহ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক