--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ 'পাঠান'কলৈ চলিছে নিত্য-নতুন গৱেষণা। একাংশই ছবি খনৰ গীতটোত ধৰ্মীয় অৱমাননাৰ গোন্ধ বিচাৰি পাইছে। প্ৰথমে ছবি খনৰ এটা গীতে হিন্দু ধৰ্মক অৱমাননা কৰা বুলি অভিযোগ উঠিছিল যদিও এতিয়া গীতটোৱে হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মকো অৱমাননা কৰাৰ  অভিযোগ  উঠিছে। ছবিখনৰ বেচৰম ৰং শীৰ্ষক  গীতটোৱে  বৌদ্ধ ধৰ্মৰকো  অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে  এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে। 

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে 'পাঠান' বোলছবিখনৰ 'বেচৰাম ৰং' গানটোক লৈ হোৱা বিতৰ্কৰ প্ৰসংগত  মন্তব্য কৰি কয় যে গৌতম বুদ্ধয়ো  গেৰুৱা গেঞ্জি পিন্ধিছিল। সেয়েহে, এই ৰংটোক 'বেচৰম' বুলি কোৱাটো বৌদ্ধ ধৰ্মৰ বাবেও অপমানজনক।তেওঁ এনে শব্দবোৰ তৎক্ষণাৎ চলচ্চিত্ৰখনৰ গানৰ পৰা আঁতৰ কৰিব লাগে বুলি দাবী জনায়।


ৰামদাসে পুনেত আজি  সাংবাদিকৰ আগত এনেদৰে কয়। তেওঁ কয়  "পাঠানৰ সৈতে আমাৰ কোনো সমস্যা নাই, কেৱল এই গান 'বেচৰাম ৰং'তহে আপত্তি আছে। গেৰুৱা কেৱল বিজেপি বা শিৱসেনাৰ ৰং নহয়, এই ৰঙৰ কাপোৰ  গৌতম বুদ্ধয়ো পিন্ধিছিল। প্ৰায় আঢ়ৈ হাজাৰ বছৰ আগৰ পৰা ই শান্তিৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে। ফলস্বৰূপে, এই গানটো বৌদ্ধ ধৰ্মৰ বাবেও অপমানজনক।  সেয়েহে যদি গানটোৰ পৰা বেচৰম শব্দটো বাদ দিয়া নহয়, আমাৰ দলে পাঠান চলচ্চিত্ৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব"।
 
মন কৰিব লগীয়া যে ১২ ডিচেম্বৰত 'পাঠান' ছবিখনৰ 'বেচৰম ৰং' গীতটিয়ে মুক্তি লাভ কৰিছিল। তেতিয়াৰে পৰা বিতৰ্ক আৰম্ভ হৈছে।গানটোত অশালীন দৃশ্য থকাৰো অভিযোগ উত্থাপিত হৈছে। 

মধ্যপ্ৰদেশৰ ইন্দোৰত হিন্দুত্ববাদী কৰ্মীসকলে বলীউডৰ কিং খানৰ পুত্তলিকা দাহ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু