--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলিয়ান ফুটবল তাৰকা ভিনিচিয়াছ জুনিয়ৰ স্পেইনত বৰ্ণবাদৰ বলি হৈছে। দেশখনৰ আগশাৰীৰ ফুটবল ক্লাব ৰিয়েল মাদ্রিদৰ তাৰকাগৰাকীয়ে  মালর্কা ক্লাবৰ বিৰুদ্ধে মেচখনত খেলি থকাৰ সময়তে দৰ্শকৰ বৰ্ণবৈষম্যবাদী ঠাট্টা-মস্কৰা শুনিছিল বুলি অভিযোগ উত্থাপন হৈছে।

ভিনিচিয়াছৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে স্পেইনৰ ফুটবল এছ’চিয়েশ্যনে। সোমবাৰে সংস্থাটোৱে জনোৱা মতে, ভিনিচিয়াছৰ অভিযোগ কোনো ভিত্তিহীন নহয়। টেলিভিছনত দেখা গ’ল ফুটবলাৰজনক এজন দৰ্শকে 'বান্দৰ’ বুলি ঠাট্টা কৰিছে। অভিযুক্তক চিনাক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো চোৱাচিতা কৰা হৈছে।

দেওবাৰৰ খেলখনত ৰিয়েল মাদ্ৰিদৰ উইংগাৰগৰাকীয়ে  হালধীয়া কাৰ্ড লাভ কৰিছিল। মালৰ্কাৰ হাতত ০-১ গ’লত পৰাস্ত হয় ৰিয়েল মাদ্ৰিদো।

উল্লেখ্য যে ভিনিচিয়াছ ইয়াৰ পূৰ্বেও স্পেইনত বৰ্ণবাদৰ বলি হৈছিল। ব্ৰাজিলৰ ফুটবলাৰগৰাকীক যোৱা বছৰ এখন খেলৰ সময়ত এটলেটিকো মাদ্ৰিদ ক্লাবৰ সমৰ্থকসকলে গেলেৰীৰ পৰা 'বান্দৰ’ বুলি অভিহিত কৰিছিল। ফুটবল খেলপথাৰত এনে অবাঞ্চিত ঘটনাক লৈ চিন্তিত হৈ পৰিছে স্পেইনৰ ফুটবল কৰ্তৃপক্ষ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক