--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলিয়ান ফুটবল তাৰকা ভিনিচিয়াছ জুনিয়ৰ স্পেইনত বৰ্ণবাদৰ বলি হৈছে। দেশখনৰ আগশাৰীৰ ফুটবল ক্লাব ৰিয়েল মাদ্রিদৰ তাৰকাগৰাকীয়ে  মালর্কা ক্লাবৰ বিৰুদ্ধে মেচখনত খেলি থকাৰ সময়তে দৰ্শকৰ বৰ্ণবৈষম্যবাদী ঠাট্টা-মস্কৰা শুনিছিল বুলি অভিযোগ উত্থাপন হৈছে।

ভিনিচিয়াছৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে স্পেইনৰ ফুটবল এছ’চিয়েশ্যনে। সোমবাৰে সংস্থাটোৱে জনোৱা মতে, ভিনিচিয়াছৰ অভিযোগ কোনো ভিত্তিহীন নহয়। টেলিভিছনত দেখা গ’ল ফুটবলাৰজনক এজন দৰ্শকে 'বান্দৰ’ বুলি ঠাট্টা কৰিছে। অভিযুক্তক চিনাক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো চোৱাচিতা কৰা হৈছে।

দেওবাৰৰ খেলখনত ৰিয়েল মাদ্ৰিদৰ উইংগাৰগৰাকীয়ে  হালধীয়া কাৰ্ড লাভ কৰিছিল। মালৰ্কাৰ হাতত ০-১ গ’লত পৰাস্ত হয় ৰিয়েল মাদ্ৰিদো।

উল্লেখ্য যে ভিনিচিয়াছ ইয়াৰ পূৰ্বেও স্পেইনত বৰ্ণবাদৰ বলি হৈছিল। ব্ৰাজিলৰ ফুটবলাৰগৰাকীক যোৱা বছৰ এখন খেলৰ সময়ত এটলেটিকো মাদ্ৰিদ ক্লাবৰ সমৰ্থকসকলে গেলেৰীৰ পৰা 'বান্দৰ’ বুলি অভিহিত কৰিছিল। ফুটবল খেলপথাৰত এনে অবাঞ্চিত ঘটনাক লৈ চিন্তিত হৈ পৰিছে স্পেইনৰ ফুটবল কৰ্তৃপক্ষ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু