--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ আৰু বিশ্বকাপত অংশগ্ৰহণক লৈ ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট ব'ৰ্ডৰ মাজৰ উত্তেজনাৰ অব্যাহত আছে৷ এনে সময়তে প্ৰাক্তন পাক ক্ৰিকেটাৰ জাভেদ মিয়াঁদাদে  ভাৰতৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰিছে৷  পাকিস্তানৰ প্ৰাক্তন তাৰকাগৰাকীয়ে  এছিয়া কাপ আয়োজনৰ জটিলতাৰ বাবে ভাৰতক আকৌ এবাৰ তীব্ৰ সমালোচনা কৰিছে।

এছিয়ান ক্ৰিকেট কাউন্সিলে (এচিচি) এছিয়া কাপ পাকিস্তানৰ পৰা নিৰপেক্ষ স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷  কিয়নো ভাৰতীয় দলটোৱে পাকিস্তানত খেলিব অস্বীকাৰ কৰি আহিছে। পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পিচিবি) ভাবুকি দিছে যে যদি পাকিস্তানৰ পৰা এছিয়া কাপ প্ৰত্যাহাৰ কৰা হয় তেন্তে বাবৰ আজমে নিদৰ দলটোক  বিশ্বকাপ খেলিবলৈ ভাৰতলৈ প্ৰেৰণ নকৰে৷ 

এনে পৰিস্থিতিত মিয়াঁদাদে কয় যে যদি ভাৰতে পাকিস্তানলৈ খেলিবলৈ নাযায়, তেন্তে তেওঁলোকক কোনো গুৰুত্ব দিবলগীয়া কথা নাই। মিয়াঁদাদে কয় "যদি ভাৰতে পাকিস্তানত খেলিবলৈ নাহে, তেন্তে নাহিলেও কথা নাই। তেওঁলোকে নৰকত পতিত হ’ব । এয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ  কথা নহয়। '

তেওঁ লগতে কয় "মই সদায় পাকিস্তানক সমৰ্থন কৰি আহিছো। যেতিয়াই কোনো সমস্যাৰ উদ্ভব  হৈছে, মই ভাৰতক বাদ দি  কথা কৈছো। আমি নিজকে চাব লাগিব। আমি আমাৰ ফালৰ পৰা যি সঠিক যেন লাগিছে তাকে গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ বাবে যুঁজ দিব লাগিব। '

মিয়াঁদাদে দাবী কৰিছে যে ভাৰতীয় দলটোৱে পৰাজয়ৰ ভয়ত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব নিবিচাৰে। গতিকে তেওঁলোক চিৰদিনৰ বাবে পলাই ফুৰিব বিচাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু