--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ আৰু বিশ্বকাপত অংশগ্ৰহণক লৈ ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট ব'ৰ্ডৰ মাজৰ উত্তেজনাৰ অব্যাহত আছে৷ এনে সময়তে প্ৰাক্তন পাক ক্ৰিকেটাৰ জাভেদ মিয়াঁদাদে  ভাৰতৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰিছে৷  পাকিস্তানৰ প্ৰাক্তন তাৰকাগৰাকীয়ে  এছিয়া কাপ আয়োজনৰ জটিলতাৰ বাবে ভাৰতক আকৌ এবাৰ তীব্ৰ সমালোচনা কৰিছে।

এছিয়ান ক্ৰিকেট কাউন্সিলে (এচিচি) এছিয়া কাপ পাকিস্তানৰ পৰা নিৰপেক্ষ স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷  কিয়নো ভাৰতীয় দলটোৱে পাকিস্তানত খেলিব অস্বীকাৰ কৰি আহিছে। পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পিচিবি) ভাবুকি দিছে যে যদি পাকিস্তানৰ পৰা এছিয়া কাপ প্ৰত্যাহাৰ কৰা হয় তেন্তে বাবৰ আজমে নিদৰ দলটোক  বিশ্বকাপ খেলিবলৈ ভাৰতলৈ প্ৰেৰণ নকৰে৷ 

এনে পৰিস্থিতিত মিয়াঁদাদে কয় যে যদি ভাৰতে পাকিস্তানলৈ খেলিবলৈ নাযায়, তেন্তে তেওঁলোকক কোনো গুৰুত্ব দিবলগীয়া কথা নাই। মিয়াঁদাদে কয় "যদি ভাৰতে পাকিস্তানত খেলিবলৈ নাহে, তেন্তে নাহিলেও কথা নাই। তেওঁলোকে নৰকত পতিত হ’ব । এয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ  কথা নহয়। '

তেওঁ লগতে কয় "মই সদায় পাকিস্তানক সমৰ্থন কৰি আহিছো। যেতিয়াই কোনো সমস্যাৰ উদ্ভব  হৈছে, মই ভাৰতক বাদ দি  কথা কৈছো। আমি নিজকে চাব লাগিব। আমি আমাৰ ফালৰ পৰা যি সঠিক যেন লাগিছে তাকে গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ বাবে যুঁজ দিব লাগিব। '

মিয়াঁদাদে দাবী কৰিছে যে ভাৰতীয় দলটোৱে পৰাজয়ৰ ভয়ত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব নিবিচাৰে। গতিকে তেওঁলোক চিৰদিনৰ বাবে পলাই ফুৰিব বিচাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক