--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে শিখৰ ধাৱানে। কেইবাটাও অভিযোগ লৈ তেওঁ দিল্লীৰ পাটিয়ালা হাউচ আদালতৰ দ্বাৰস্ত হয়। অভিযোগ অনুসৰি প্ৰাক্তন পত্নী আয়েশা মুখাৰ্জীয়ে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ সমাপ্ত কৰাৰ ভাবুকি দিছে। তেওঁৰ সন্মান হানি কৰাৰ চেষ্টা কৰিছে।

ভাৰতীয় ক্ৰিকেটাৰজনে প্ৰাক্তন পত্নীক তেওঁৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ নকৰিবলৈও নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনাইছে। আদালতেও শিখৰৰ আবেদনৰ প্ৰতি সঁহাৰি দিছে।

উল্লেখ্য যে যোৱা বছৰ শিখৰৰ পত্নী আয়েশা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। তেতিয়াৰ পৰাই আয়েশাই তেওঁৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ অপপ্ৰচাৰ চলাই আহিছে বুলি ভাৰতীয় ক্ৰিকেটাৰজনে অভিযোগ কৰে।

শিখৰে অভিযোগ কৰিছে যে আয়েশাই তেওঁৰ কেৰিয়াৰ শেষ কৰাৰ ভাবুকি দিছে। আই পি এলত তেওঁৰ দল দিল্লী কেপিটেলছৰ গৰাকী ধিৰাজ মালহোত্ৰাকো মেচেজ প্ৰেৰণ কৰিছে আয়েশাই। তাত তেওঁ শিখৰৰ নামত মিছা ৰটনা কৰিছে বুলি ক্ৰিকেটাৰজনে অভিযোগ কৰিছে।

ন্যায়াধীশ হৰিশে শিখৰৰ সপক্ষে ৰায় দিছে। তেওঁ কয়, “আয়েশাই শিখৰৰ বন্ধু, আত্মীয় বা সতীৰ্থ কাকো কোনো মেচেজ প্ৰেৰণ কৰিব নোৱাৰিব। তেওঁ সামাজিক মাধ্যমতো একো লিখিব নোৱাৰে। কিয়নো কেৱলমাত্ৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত কাৰোবাৰ চৰিত্ৰ কলুষিত কৰিব নোৱাৰি।‘’

ন্যায়াধীশগৰাকীয়ে লগতে নিৰ্দেশ দিছে, ‘’ আয়েশাই সংবাদ মাধ্যমত শিখৰৰ বিৰুদ্ধে মুখ খুলিব নোৱাৰিব। কিয়নো বিষয়টো আদালতৰ বিচাৰাধীন। যদি তেওঁৰ কিবা ক’বলৈ আছে, তেওঁ আদালতলৈ আহি ক’ব পাৰে। ইয়াৰ পাছতো, যদি আয়েশাই শিখৰৰ বিৰুদ্ধে মুখ খোলে, তেন্তে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক