--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে শিখৰ ধাৱানে। কেইবাটাও অভিযোগ লৈ তেওঁ দিল্লীৰ পাটিয়ালা হাউচ আদালতৰ দ্বাৰস্ত হয়। অভিযোগ অনুসৰি প্ৰাক্তন পত্নী আয়েশা মুখাৰ্জীয়ে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ সমাপ্ত কৰাৰ ভাবুকি দিছে। তেওঁৰ সন্মান হানি কৰাৰ চেষ্টা কৰিছে।

ভাৰতীয় ক্ৰিকেটাৰজনে প্ৰাক্তন পত্নীক তেওঁৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ নকৰিবলৈও নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনাইছে। আদালতেও শিখৰৰ আবেদনৰ প্ৰতি সঁহাৰি দিছে।

উল্লেখ্য যে যোৱা বছৰ শিখৰৰ পত্নী আয়েশা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। তেতিয়াৰ পৰাই আয়েশাই তেওঁৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ অপপ্ৰচাৰ চলাই আহিছে বুলি ভাৰতীয় ক্ৰিকেটাৰজনে অভিযোগ কৰে।

শিখৰে অভিযোগ কৰিছে যে আয়েশাই তেওঁৰ কেৰিয়াৰ শেষ কৰাৰ ভাবুকি দিছে। আই পি এলত তেওঁৰ দল দিল্লী কেপিটেলছৰ গৰাকী ধিৰাজ মালহোত্ৰাকো মেচেজ প্ৰেৰণ কৰিছে আয়েশাই। তাত তেওঁ শিখৰৰ নামত মিছা ৰটনা কৰিছে বুলি ক্ৰিকেটাৰজনে অভিযোগ কৰিছে।

ন্যায়াধীশ হৰিশে শিখৰৰ সপক্ষে ৰায় দিছে। তেওঁ কয়, “আয়েশাই শিখৰৰ বন্ধু, আত্মীয় বা সতীৰ্থ কাকো কোনো মেচেজ প্ৰেৰণ কৰিব নোৱাৰিব। তেওঁ সামাজিক মাধ্যমতো একো লিখিব নোৱাৰে। কিয়নো কেৱলমাত্ৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত কাৰোবাৰ চৰিত্ৰ কলুষিত কৰিব নোৱাৰি।‘’

ন্যায়াধীশগৰাকীয়ে লগতে নিৰ্দেশ দিছে, ‘’ আয়েশাই সংবাদ মাধ্যমত শিখৰৰ বিৰুদ্ধে মুখ খুলিব নোৱাৰিব। কিয়নো বিষয়টো আদালতৰ বিচাৰাধীন। যদি তেওঁৰ কিবা ক’বলৈ আছে, তেওঁ আদালতলৈ আহি ক’ব পাৰে। ইয়াৰ পাছতো, যদি আয়েশাই শিখৰৰ বিৰুদ্ধে মুখ খোলে, তেন্তে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু