--°C
Loading...
Listen to Article
2 min read
80%
 
ডিজিটেল ডেস্কঃ পেলেৰ অন্ত্যেষ্টিক্ৰিয়াত চেল্ফী তুলি বিতৰ্কত সোমাই পৰিছে ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনো। ফুটবলৰ কিংম্বদন্তিগৰাকীৰ মৃতদেহৰ প্ৰতি সন্মান দেখুওৱাতকৈ চেলফি লোৱাতহে ব্যস্ত হৈ পৰা দেখা গ’ল ইনফান্তিনোক।

প্ৰথমে সকলো ঠিকেই আছিল। ইনফাণ্টিনোৱে পেলেৰ পুত্ৰ আৰু কন্যাক সমবেদনা জ্ঞাপন কৰিছিল। তাৰ পিছতে তেওঁ কিংবদন্তি ফুটবলাৰজনৰ কফিনৰ কাষত থিয় হয়। অসংখ্য ফুটবল অনুৰাগীয়ে পেলেক শেষ শ্ৰদ্ধা জনাবলৈ আহিছিল। বহুতো প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰো আহিছিল। পেলেৰ কেইবাজনো সতীৰ্থও তেওঁক বিদায় জনাবলৈ আহিছিল।


অভিযোগ কৰা হৈছে যে ফিফাৰ সভাপতিয়ে ব্ৰাজিলৰ বিখ্যাত ফুটবলাৰ আৰু পেলেৰ সতীৰ্থসকলৰ সৈতে চেলফি লয়। এবাৰ নহয়, কেইবাবাৰো চেল্ফী তোলাত ব্যস্ত হৈ পৰে ইনফান্তিনো।

পেলেৰ অনুৰাগীসকল ফিফাৰ সভাপতিগৰাকীৰ আচৰণত ক্ষুব্ধ হৈ পৰিছে। ইয়াৰ দ্বাৰা কিংম্বদন্তিগৰাকীক অপমান কৰা হৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে।

সমগ্ৰ সমালোচনাৰ ওপৰত মুখ খুলিছে ইনফান্তিনোৱে নিজেই। সংবাদমাধ্যমৰ আগত কয়- ''পেলেৰ প্ৰতি মোৰ সদায় যথেষ্ট সন্মান আছে। মই এনে একো কৰা নাছিলো যিয়ে তেওঁক অন্তিম যাত্ৰাৰ সময়ত অসন্মানজনক হ’ব পাৰে।''

উল্লেখ্য  যে ২ লাখৰো অধিক লোকে পেলেক শেষ শ্ৰদ্ধা জনাবলৈ চেণ্টোছৰ ভিলা বেলমিৰো ষ্টেডিয়ামত উপস্থিত হৈছিল। ইনফাণ্টিনোৱে কয় যে তেওঁ সকলো ফুটবল খেলা দেশক পেলেৰ নামেৰে এখন ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ  অনুৰোধ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু