--°C
Loading...
Listen to Article
2 min read
80%
 
ডিজিটেল ডেস্কঃ পেলেৰ অন্ত্যেষ্টিক্ৰিয়াত চেল্ফী তুলি বিতৰ্কত সোমাই পৰিছে ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনো। ফুটবলৰ কিংম্বদন্তিগৰাকীৰ মৃতদেহৰ প্ৰতি সন্মান দেখুওৱাতকৈ চেলফি লোৱাতহে ব্যস্ত হৈ পৰা দেখা গ’ল ইনফান্তিনোক।

প্ৰথমে সকলো ঠিকেই আছিল। ইনফাণ্টিনোৱে পেলেৰ পুত্ৰ আৰু কন্যাক সমবেদনা জ্ঞাপন কৰিছিল। তাৰ পিছতে তেওঁ কিংবদন্তি ফুটবলাৰজনৰ কফিনৰ কাষত থিয় হয়। অসংখ্য ফুটবল অনুৰাগীয়ে পেলেক শেষ শ্ৰদ্ধা জনাবলৈ আহিছিল। বহুতো প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰো আহিছিল। পেলেৰ কেইবাজনো সতীৰ্থও তেওঁক বিদায় জনাবলৈ আহিছিল।


অভিযোগ কৰা হৈছে যে ফিফাৰ সভাপতিয়ে ব্ৰাজিলৰ বিখ্যাত ফুটবলাৰ আৰু পেলেৰ সতীৰ্থসকলৰ সৈতে চেলফি লয়। এবাৰ নহয়, কেইবাবাৰো চেল্ফী তোলাত ব্যস্ত হৈ পৰে ইনফান্তিনো।

পেলেৰ অনুৰাগীসকল ফিফাৰ সভাপতিগৰাকীৰ আচৰণত ক্ষুব্ধ হৈ পৰিছে। ইয়াৰ দ্বাৰা কিংম্বদন্তিগৰাকীক অপমান কৰা হৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে।

সমগ্ৰ সমালোচনাৰ ওপৰত মুখ খুলিছে ইনফান্তিনোৱে নিজেই। সংবাদমাধ্যমৰ আগত কয়- ''পেলেৰ প্ৰতি মোৰ সদায় যথেষ্ট সন্মান আছে। মই এনে একো কৰা নাছিলো যিয়ে তেওঁক অন্তিম যাত্ৰাৰ সময়ত অসন্মানজনক হ’ব পাৰে।''

উল্লেখ্য  যে ২ লাখৰো অধিক লোকে পেলেক শেষ শ্ৰদ্ধা জনাবলৈ চেণ্টোছৰ ভিলা বেলমিৰো ষ্টেডিয়ামত উপস্থিত হৈছিল। ইনফাণ্টিনোৱে কয় যে তেওঁ সকলো ফুটবল খেলা দেশক পেলেৰ নামেৰে এখন ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ  অনুৰোধ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক