--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুহুত অৱস্থিত বলীউডৰ অভিনেতা ছানী দেউলৰ বাংলোৰ হ’ব পাৰে নিলাম। এই বাংলোটোৰ নিলামৰ ই-নিলামৰ অধিসূচনা বেংক অৱ বৰোদাই আজিৰ বাতৰি কাকতত জাৰি কৰিছে। ছানী দেউলৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে তেওঁ বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈছিল, যিটো ঋণ পৰিশোধ কৰিব নোৱাৰিলে।

ছানি দেউলে ঋণৰ বাবে মুম্বাইৰ জুহু অঞ্চলত অৱস্থিত ‘ছানী ভিলা’ নামৰ তেওঁৰ ভিলাখন বন্ধকত দিছিল। তাৰ পৰিৱৰ্তে তেওঁ বেংকক প্ৰায় ৫৬ কোটি টকা দিব লগা আছিল, যিটো এতিয়াও দিয়া হোৱা নাই। কাকতখনত প্ৰকাশিত অধিসূচনা অনুসৰি জুহুৰ গান্ধী গ্ৰাম ৰোডত থকা ছানী দেউলৰ এই ঘৰটো, যাৰ গেৰাণ্টাৰ হৈছে ছানী দেউলৰ পিতৃ স্বয়ং ধৰ্মেন্দ্ৰ।

কোৱা হৈছে যে ছানী দেউলে সুতসহ বেংক অৱ বৰোদাক প্ৰায় ৫৫.৯৯ কোটি টকাৰ ঋণ দিবলগীয়া আছিল যদিও বেংকে ঋণ আদায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰা নাছিল। ইয়াৰ পাছত বেংকে বাতৰি কাকতত ই-নিলামৰ বাবে জাননী উলিয়াইছে। অধিসূচনা অনুসৰি অহা ২৫ ছেপ্টেম্বৰত নিলাম অনুষ্ঠিত হ’ব আৰু এই নিলামৰ ভিত্তি মূল্য প্ৰায় ৫১.৪৩ কোটি টকা ৰখা হৈছে।

২০১৬ চনত মুক্তি পোৱা ছানী দেউলৰ ছবি ঘায়লৰ ছিকুৱেল ‘ঘায়ল: ওৱান্স এগেইন’ৰ প্ৰডাকচন আৰু মুক্তিৰ সময়ত ছানী দেউলে আৰ্থিকভাৱে সংগ্ৰাম কৰি আছিল আৰু সেই সময়ছোৱাত ছানী দেউলে ছবিখনৰ মুক্তিৰ বিষয়ে ছানী দেউলক সোধা বুলি খবৰ ওলাইছিল। ছুপাৰ চাউণ্ড বন্ধকত ৰখা হৈছে। কিন্তু সেই সময়ত তেওঁৰ মেনেজাৰে এই খবৰবোৰ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল। ‘ঘয়াল - ওৱান্স এগেইন’ ছবিখনত ধৰ্মেন্দ্ৰক অফিচিয়েল প্ৰযোজক হিচাপে নিৰ্বাচিত কৰা হৈছিল। আনহাতে ছানী দেউলে এই ছবিখন নিৰ্মাণ কৰাৰ উপৰিও ছবিখন পৰিচালনাও কৰিছিল।

উল্লেখ্য যে ছানী দেউলৰ ছবি গাদাৰ ২ক লৈ আজিকালি চৰ্চা চলি আছে। বক্স অফিচত বুজন পৰিমাণৰ ধন উপাৰ্জন কৰি ৯ দিনত ৩৩৬.১৩ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ অপাৰ  সফলতাৰ মাজতে বাংলোটোৰ নিলামৰ খবৰ ছানী দেউলৰ বাবে এক আঘাত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক