--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সকলো কাম নাৰীৰ বাবে নহয়। সকলো কাম নাৰীয়ে কৰিব নোৱাৰে। এইয়া হ’ল সমাজত নাৰীৰ প্ৰতি থকা এটা অপবাদ। লিংগ বৈষম্যৰ কথা দোহাই দি সমাজত নাৰীৰ স্থান বহুখিনি অৱনমিত হ’ল। পৰিয়ালৰ ভিতৰতে নাৰীগৰাকী অনেক সময়ত পুৰুষৰ সমমৰ্যাদাৰ পৰা বঞ্চিত হয় আৰু সমঅধিকাৰ প্ৰাপ্যতো বাধা প্ৰদান কৰা হয়। গণতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষ আৰু নাৰী উভয়ে সম অধিকাৰ পাব লাগে। সংবিধানেও আনকি সম অধিকাৰৰ কথা কয়।

লাহে-লাহে সময় সলনি হ’ল, সমাজত মহিলাৰ প্ৰতি থকা আওকলীয়া প্ৰথাসমূহ সলনি হ’ল। বিশেষকৈ নাৰীসকল শিক্ষিত হৈ অহাৰ লগে-লগে তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ কথা নিজে বুজি পাব পাৰিলে। বিংশ শতিকাত নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই। নাৰীয়ে যদি মহাকাশত আকাশীযান চলাব পাৰে আনফালে আকৌ নাৰীয়ে দেশৰ সামৰিক বাহিনীত যোগ দি দেশ সুৰক্ষা কামত নিয়োজিত হৈছে আনফালে শিক্ষাৰ ক্ষেত্ৰতো নাৰীয়ে দেখুওৱা সাফল্যৰ কথা আছেই। মুঠতে চাৰিওফালে এতিয়া মহিলাৰে কেৱল জয়গান।


এইবাৰ এগৰাকী যুৱতীয়ে কৰ্ম আন্দোলনৰ মাজেৰে স্বাৱলম্বীতাৰ বাট অংকন কৰিছে। তেওঁ কৰা কৰ্মৰ মাজেৰে এতিয়া সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ নাম ৰিংকুমণি চৌধুৰী। নগাঁও চহৰৰৰ লাওখোৱা ৰোডৰ ৰিংকুমণি চৌধুৰী নামৰ যুৱতীগৰাকীয়ে বৰ্তমান আৰ্থিক স্বাৱলম্বিতাৰ বাবে বাছি লৈছে গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ কাম। যি সময়ত মানুহে লকডাউনৰ কৱলত পৰি নিজৰ জীৱিকা হেৰুৱাইছিল, সেই সময়তে যুৱতীগৰাকীয়ে বাছি লৈছিল এই জীৱিকা। সাধাৰণতে মহিলাই গাড়ী চলাই আনক প্ৰশিক্ষণ দিয়া কাৰ্য খুবেই বিৰল। যুুৱতীগৰাকীয়ে বাছি লোৱা এই কাৰ্য ব্যতিক্ৰম, সেইবাবে তেওঁ এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।

ৰিংকুমণি চৌধুৰীয়ে গাড়ী প্ৰশিক্ষণ দিয়াৰ সময়ত...

ৰিংকুমণি চৌধুৰী আছিল এগৰাকী ৰাজ্যিক ভলিবল খেলুৱৈ। ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি তেওঁ চেন্নাই, ৱেষ্ট বেংগল, ত্ৰিপুৰা, আগৰতালা খেল খেলিবলৈ গৈছিল আৰু ভাৰতৰ হৈ তেওঁ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ খেলত বিশেষ ভৱিষ্যত দেখা নাপাই সিমানতে খেল পথাৰ ত্যাগ কৰিছিল। বৰ্তমান তেওঁ গাড়ীখনকে একমাত্ৰ সাৰথি কৰি অংকন কৰিছে স্বাৱলম্বিতাৰ বাট৷ ১৮ বছৰ বয়সৰ পৰাই যুৱতী গৰাকীয়ে হাত গাড়ীৰ ষ্টেৰিংঙত৷ এতিয়া যেন তেওঁৰ গাড়ীৰ চকা ঘুৰিলেহে পেট ভৰে৷

ৰিংকুমণি চৌধুৰীয়ে বৰ্তমান নগাওঁ আৰু গুৱাহাটী মহানগৰত বিশেষকৈ মহিলাসকলক গাড়ীৰ প্ৰশিক্ষণ দিয়ে ৷ সাধাৰণতে প্ৰায় সংখ্যক মহিলাই গাড়ীখন চলাবলৈ বিচাৰে যদিও উপযুক্ত প্ৰশিক্ষণৰ অভাৱত সেই কাম হৈ নুঠে, কিন্তু ৰিংকুমণি চৌধুৰীহতঁৰ দৰে মানুহে সেই কাম সম্ভৱ কৰি তুলিছে৷ গুৱাহাটীৰ তীব্ৰ যান-যঁটৰ মাজতো যুৱতী গৰাকীয়ে এগৰাকীৰ পাছত আন এগৰাকী মানুহক দি গৈছে গাড়ীৰ প্ৰশিক্ষণ৷ তেওঁ প্ৰশিক্ষণ দিয়া গাড়ীখনৰ নাম ৰাখিছে মা আৰু তা (মাক-দেউতাক)৷ তেওঁৰ দেউতাক যদিও এইখন পৃথিৱীত নাই তথাপিও জীৱিত কালত কন্যাৰ কামত তেওঁ সদায়ে সমৰ্থন কৰি আহিছিল৷ ৰিংকুমণিয়ে তেওঁৰ মাতৃক জীনৱৰ অনুপ্ৰেৰণা হিচাপে লৈ আগবঢ়াই নিছে তেওঁৰ জীৱন সংগ্ৰাম৷ ৰিংকুমণিৰ এই কৰ্মৰ নিদৰ্শন অনেক যুৱক-যুৱতীৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান