--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাদাম বাদাম দাদা কাঁচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’-এই কাঁচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ নামৰ বাদাম বিক্ৰেতাজন। এতিয়া দেশে-বিদেশে মাঁথো এটাই গান ‘কাঁচা বাদাম’। ভুৱন বাদ্যকৰ বৰ্তমান সময়ৰ ইণ্টাৰনেট ছেন্সেছন। বহু নামী-দামী তাৰকাই কাঁচা বাদামৰ ওপৰত ভিডিঅ' বনাইছে। কাঁচা বাদামৰ গায়ক ভুৱন বাদ্যকৰ সোমবাৰে নিশা সংঘটিত এক দুৰ্ঘটনাত আহত হয়। তেওঁক পশ্চিমবংগৰ বীৰভূমৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। খবৰ অনুসৰি ভুবনে এখন ছেকেণ্ড হেণ্ড গাড়ী চলাবলৈ শিকি আছিল, গাড়ী চলাবলৈ শিকি থাকোতে তেওঁ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত বুকুকে ধৰি তেওঁ শৰীৰৰ আন কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে। সুস্থ নোহোৱা পৰ্যন্ত হাস্পতালতে থাকিব ভুৱন। উল্লেখ্য যে ভুৱন বাদ্যকৰ পশ্চিমবংগৰ বীৰভূম জিলাৰ কুৰালজুৰি গাঁৱৰ বাসিন্দা। তেওঁৰ সংসাৰত আছে পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যা। বাদাম বিক্ৰী কৰি তেওঁ দৈনিক ২০০-২৫০ টকালৈকে উপাৰ্জন কৰিছিল। তেওঁ গ্ৰাম্য গ্ৰাহকসকলক তেওঁৰ কাষলৈ আকৰ্ষিত কৰিবলৈ 'কাঁচা বাদম' গানটো নিৰ্মাণ কৰিছিল আৰু নিজৰ প্ৰস্তুত কৰা সুৰত গানটো গাবলৈ আৰম্ভ কৰিছিল। হঠাতে কোনোবাই তেওঁৰ এই গানটো ৰেক'ৰ্ড কৰে আৰু ছ'চিয়েল মিডিয়াত আপলোড কৰে, যিটো কেইদিনমানৰ ভিতৰতে ভাইৰেল হৈ পৰে আৰু ভুৱন ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰে। এটা সংগীত প্ৰতিষ্ঠানে তেওঁক ৩ লাখ টকাৰ চেক প্ৰদান কৰিছে। সংগীত প্ৰতিষ্ঠানটোৱে ভুৱন বাদ্যকৰৰ সৈতে এটা মিউজিক ভিডিঅ' মুকলি কৰিছিল। এতিয়া তেওঁ বহুতো টিভি শ্ব' আৰু প্ৰ'গামৰ পৰাও অ'ফাৰ পাইছে। বৰ্তমান ভুবনৰ জনপ্ৰিয়তা এনেকুৱা যে মানুহে তেওঁৰ সৈতে চেলফি লোৱা আৰম্ভ কৰিছে। ভুৱনক এক সাক্ষাৎকাৰত সোধা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কি কৰিব? তেওঁ উত্তৰ দিছিল, “মই এজন শিল্পী হ’ব বিচাৰো। মই এজন চেলিব্ৰিটি হৈ পৰিছোঁ। এতিয়া যদি মই এজন চেলিব্ৰিটি হৈ বাদাম বিক্ৰী কৰোঁ, মানুহে মোক হাঁহিব… ঠাট্টা কৰিব। ভুবনে লগতে কৈছিল যে যেতিয়াৰ পৰা তেওঁৰ গাওঁবাসীয়ে তেওঁৰ খ্যাতিৰ বিষয়ে জানিব পাৰিছে তেতিয়াৰে পৰা তেওঁক বাদাম বিক্ৰী কৰিবলৈ যোৱা বন্ধ কৰি দিছে। গাঁওবাসীয়ে কৈছিল যে এতিয়াও যদি তেওঁ ৰাস্তাই ৰাস্তাই ঘূৰি ঘূৰি বাদাম বিক্ৰী কৰি ফুৰে তেন্তে তেওঁক কোনোবাই অপহৰণ কৰি নিব পাৰে। আৰু পঢ়কঃ মহাশিৱৰাত্ৰিঃ শিৱ পূজাত ভুলতো ব্যৱহাৰ নকৰিব এই ৭ বিধ সামগ্ৰী,নহ’লে শিৱ হ’ব ৰুষ্ট

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু