--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাদাম বাদাম দাদা কাঁচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’-এই কাঁচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ নামৰ বাদাম বিক্ৰেতাজন। এতিয়া দেশে-বিদেশে মাঁথো এটাই গান ‘কাঁচা বাদাম’। ভুৱন বাদ্যকৰ বৰ্তমান সময়ৰ ইণ্টাৰনেট ছেন্সেছন। বহু নামী-দামী তাৰকাই কাঁচা বাদামৰ ওপৰত ভিডিঅ' বনাইছে। কাঁচা বাদামৰ গায়ক ভুৱন বাদ্যকৰ সোমবাৰে নিশা সংঘটিত এক দুৰ্ঘটনাত আহত হয়। তেওঁক পশ্চিমবংগৰ বীৰভূমৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। খবৰ অনুসৰি ভুবনে এখন ছেকেণ্ড হেণ্ড গাড়ী চলাবলৈ শিকি আছিল, গাড়ী চলাবলৈ শিকি থাকোতে তেওঁ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত বুকুকে ধৰি তেওঁ শৰীৰৰ আন কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে। সুস্থ নোহোৱা পৰ্যন্ত হাস্পতালতে থাকিব ভুৱন। উল্লেখ্য যে ভুৱন বাদ্যকৰ পশ্চিমবংগৰ বীৰভূম জিলাৰ কুৰালজুৰি গাঁৱৰ বাসিন্দা। তেওঁৰ সংসাৰত আছে পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যা। বাদাম বিক্ৰী কৰি তেওঁ দৈনিক ২০০-২৫০ টকালৈকে উপাৰ্জন কৰিছিল। তেওঁ গ্ৰাম্য গ্ৰাহকসকলক তেওঁৰ কাষলৈ আকৰ্ষিত কৰিবলৈ 'কাঁচা বাদম' গানটো নিৰ্মাণ কৰিছিল আৰু নিজৰ প্ৰস্তুত কৰা সুৰত গানটো গাবলৈ আৰম্ভ কৰিছিল। হঠাতে কোনোবাই তেওঁৰ এই গানটো ৰেক'ৰ্ড কৰে আৰু ছ'চিয়েল মিডিয়াত আপলোড কৰে, যিটো কেইদিনমানৰ ভিতৰতে ভাইৰেল হৈ পৰে আৰু ভুৱন ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰে। এটা সংগীত প্ৰতিষ্ঠানে তেওঁক ৩ লাখ টকাৰ চেক প্ৰদান কৰিছে। সংগীত প্ৰতিষ্ঠানটোৱে ভুৱন বাদ্যকৰৰ সৈতে এটা মিউজিক ভিডিঅ' মুকলি কৰিছিল। এতিয়া তেওঁ বহুতো টিভি শ্ব' আৰু প্ৰ'গামৰ পৰাও অ'ফাৰ পাইছে। বৰ্তমান ভুবনৰ জনপ্ৰিয়তা এনেকুৱা যে মানুহে তেওঁৰ সৈতে চেলফি লোৱা আৰম্ভ কৰিছে। ভুৱনক এক সাক্ষাৎকাৰত সোধা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কি কৰিব? তেওঁ উত্তৰ দিছিল, “মই এজন শিল্পী হ’ব বিচাৰো। মই এজন চেলিব্ৰিটি হৈ পৰিছোঁ। এতিয়া যদি মই এজন চেলিব্ৰিটি হৈ বাদাম বিক্ৰী কৰোঁ, মানুহে মোক হাঁহিব… ঠাট্টা কৰিব। ভুবনে লগতে কৈছিল যে যেতিয়াৰ পৰা তেওঁৰ গাওঁবাসীয়ে তেওঁৰ খ্যাতিৰ বিষয়ে জানিব পাৰিছে তেতিয়াৰে পৰা তেওঁক বাদাম বিক্ৰী কৰিবলৈ যোৱা বন্ধ কৰি দিছে। গাঁওবাসীয়ে কৈছিল যে এতিয়াও যদি তেওঁ ৰাস্তাই ৰাস্তাই ঘূৰি ঘূৰি বাদাম বিক্ৰী কৰি ফুৰে তেন্তে তেওঁক কোনোবাই অপহৰণ কৰি নিব পাৰে। আৰু পঢ়কঃ মহাশিৱৰাত্ৰিঃ শিৱ পূজাত ভুলতো ব্যৱহাৰ নকৰিব এই ৭ বিধ সামগ্ৰী,নহ’লে শিৱ হ’ব ৰুষ্ট

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু