--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেম' ডিচুজা এজন প্ৰখ্যাত নৃত্য পৰিচালক আৰু বলীউডৰ ছবি পৰিচালক। সমাজত তেওঁৰ যথেষ্ট খ্যাতি আছে। ছ'চিয়েল মিডিয়াত তেওঁৰ বহুত ফ'ল'ৱাৰ্ছ আছে। ৰেম' ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰায়ে ধেমেলীয়া ভিডিঅ' শ্বেয়াৰ কৰি থাকে। শেহতীয়াকৈ তেওঁ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত তেওঁক 'হাম কালে হে তো কেয়া হুয়া দিলৱালে হে' গানটো গাই থকা দেখা গৈছে। ভিডিঅ'টোৰ সৈতে লিখা কেপশ্বনটোত তেওঁ তেওঁৰ জীৱনৰ এটা ডাঙৰ কথা প্ৰকাশ কৰিছে। কেপশ্বনটো পঢ়াৰ পাছত সকলোৱে ৰেম' ডিচুজাক বহুত প্ৰশংসা কৰিছে। ইনষ্টাগ্ৰামৰ ৰীলত ৰেম'ক পত্নী লিজেলৰ সৈতে দেখা গৈছে আৰু 'হাম কালে হে তো কেয়া হুয়া দিলৱালে হে' গানটো গাই থকা দেখা গৈছে। পোষ্টটোৰ কেপশ্বনটোত তেওঁ লিখিছিল, "আগতে মানুহে মোৰ দেহৰ ক'লা ৰঙৰ বাবে মোক কালিয়া আৰু কালু বুলি মাতিছিল, এই কথাই মোক বৰ অশান্তি দিছিল। তাৰপাছত এদিন মোৰ মায়ে মোক বুজাইছিল যে মানুহৰ ৰং কেৱল চেহেৰাত নহয় হৃদয়তো প্ৰকাশ পায়। মানুহ ক'লা বা বগা হোৱাটো ডাঙৰ কথা নহয় হৃদয়ৱান হোৱাটোহে ডাঙৰ কথা। তাৰপাছতে মায়ে মোক এই গানটো গাই শুনাইছিল।'' ৰেম'ৰ জীৱনত এই গানটোৱে যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু তেওঁ নিজকে মানসিকভাৱে পৰিৱৰ্তন কৰিছিল। ৰেম'ৱে প্ৰায়ে তেওঁৰ পত্নী লিজেলৰ বাবে এই গানটো গাই আহিছে। অনুৰাগীসকলে এই ভিডিঅ'টো বহুত ভাল পাইছে। অনেক লোকে এই পোষ্টটোত জুই আৰু হাৰ্ট ইম'জি দিছে। বৰ্তমান ৰেম'ক ডান্স ৰিয়েলিটি শ্ব' 'ডিআইডি লিটল মাষ্টাৰ'ত বিচাৰক হিচাপে দেখা গৈছে। ২০২০ চনত ৰেমো হৃদৰোগত আক্ৰান্ত হৈছিল, যি কথাই তেওঁৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছিল। বৰ্তমান ৰেম' ডিচুজা সম্পূৰ্ণ সুস্থ। আৰু পঢ়কঃ পুটিনৰ বিচিত্ৰ জীৱন! যৌৱন ধৰি ৰাখিবলৈ হৰিণৰ তেজেৰে স্নান কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু