--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেম' ডিচুজা এজন প্ৰখ্যাত নৃত্য পৰিচালক আৰু বলীউডৰ ছবি পৰিচালক। সমাজত তেওঁৰ যথেষ্ট খ্যাতি আছে। ছ'চিয়েল মিডিয়াত তেওঁৰ বহুত ফ'ল'ৱাৰ্ছ আছে। ৰেম' ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰায়ে ধেমেলীয়া ভিডিঅ' শ্বেয়াৰ কৰি থাকে। শেহতীয়াকৈ তেওঁ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত তেওঁক 'হাম কালে হে তো কেয়া হুয়া দিলৱালে হে' গানটো গাই থকা দেখা গৈছে। ভিডিঅ'টোৰ সৈতে লিখা কেপশ্বনটোত তেওঁ তেওঁৰ জীৱনৰ এটা ডাঙৰ কথা প্ৰকাশ কৰিছে। কেপশ্বনটো পঢ়াৰ পাছত সকলোৱে ৰেম' ডিচুজাক বহুত প্ৰশংসা কৰিছে। ইনষ্টাগ্ৰামৰ ৰীলত ৰেম'ক পত্নী লিজেলৰ সৈতে দেখা গৈছে আৰু 'হাম কালে হে তো কেয়া হুয়া দিলৱালে হে' গানটো গাই থকা দেখা গৈছে। পোষ্টটোৰ কেপশ্বনটোত তেওঁ লিখিছিল, "আগতে মানুহে মোৰ দেহৰ ক'লা ৰঙৰ বাবে মোক কালিয়া আৰু কালু বুলি মাতিছিল, এই কথাই মোক বৰ অশান্তি দিছিল। তাৰপাছত এদিন মোৰ মায়ে মোক বুজাইছিল যে মানুহৰ ৰং কেৱল চেহেৰাত নহয় হৃদয়তো প্ৰকাশ পায়। মানুহ ক'লা বা বগা হোৱাটো ডাঙৰ কথা নহয় হৃদয়ৱান হোৱাটোহে ডাঙৰ কথা। তাৰপাছতে মায়ে মোক এই গানটো গাই শুনাইছিল।'' ৰেম'ৰ জীৱনত এই গানটোৱে যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু তেওঁ নিজকে মানসিকভাৱে পৰিৱৰ্তন কৰিছিল। ৰেম'ৱে প্ৰায়ে তেওঁৰ পত্নী লিজেলৰ বাবে এই গানটো গাই আহিছে। অনুৰাগীসকলে এই ভিডিঅ'টো বহুত ভাল পাইছে। অনেক লোকে এই পোষ্টটোত জুই আৰু হাৰ্ট ইম'জি দিছে। বৰ্তমান ৰেম'ক ডান্স ৰিয়েলিটি শ্ব' 'ডিআইডি লিটল মাষ্টাৰ'ত বিচাৰক হিচাপে দেখা গৈছে। ২০২০ চনত ৰেমো হৃদৰোগত আক্ৰান্ত হৈছিল, যি কথাই তেওঁৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছিল। বৰ্তমান ৰেম' ডিচুজা সম্পূৰ্ণ সুস্থ। আৰু পঢ়কঃ পুটিনৰ বিচিত্ৰ জীৱন! যৌৱন ধৰি ৰাখিবলৈ হৰিণৰ তেজেৰে স্নান কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু