--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেশৰ ৰাজনীতিত এক বিশেষ অৱদান আছে। তেওঁৰ ৰাজনৈতিক জীৱনে মানুহক যিমান অনুপ্ৰাণিত কৰে, তেওঁৰ ব্যক্তিগত জীৱনেও বহুতকে অনুপ্ৰাণিত কৰে। গাডকাৰীৰ জীৱনৰ ওপৰত ভিত্তি কৰি  এখন ছবি নিৰ্মাণ কৰা হৈছে৷  ছবি খনৰ  শিৰোনাম হৈছে 'গাডকাৰী'। 

ছবি খনৰ  মুক্তিৰ তাৰিখো থিৰাং কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী দেশৰ ৰাজনীতিত এটা চৰ্চিত  নাম। ভাৰতত পথ পৰিবহণ আৰু ঘাইপথৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰা নীতিন গাডকাৰীক 'হাইৱে মেন অৱ ইণ্ডিয়া' বুলিও জনা যায়। দেশৰ উন্নয়নৰ ক্ষেত্ৰত সদায় আগভাগ লোৱা   নীতিন গাডকাৰীৰ জীৱনৰ ওপৰত আধাৰিত 'গাডকাৰী' ছবিখন শীঘ্ৰেই দৰ্শকৰ সন্মুখলৈ আহিব। শেহতীয়াকৈ গাডকাৰী  ছবিখনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত মুকলি কৰা হৈছে। 

অভিজিত মজুমদাৰ আৰু অক্ষয় দেশমুখ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী আৰু পৰিচালনা অনুৰাগ ৰাজন ভুছাৰীয়ে কৰিছে। 'গাডকাৰী'ত নীতিন গাডকাৰীৰ চৰিত্ৰত কোনে অভিনয় কৰিব? বহু দৰ্শকেই  এয়া জানিবলৈ উৎসাহিত হৈ পৰিছে। মানুহে 'গাডকাৰী' ছবিখনৰ ট্ৰেইলাৰ আৰু টিজাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

পৰিচালক অনুৰাগ ভুছাৰীয়ে ছবিখনৰ বিষয়ে কয়, 'নীতিন গাডকাৰীৰ ৰাজনৈতিক কেৰিয়াৰ অতি ভাল। পণ্ডিত, সুদক্ষ  বক্তা,  ডাঙৰ মনৰ নেতা, পথ সংস্কাৰৰ অগ্ৰণী ব্যক্তি। মানুহে তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো দিশ জানে। সমাজ কল্যাণৰ প্ৰতি আগ্ৰহী এই নেতাজনৰ ৰাজনৈতিক যাত্ৰা বহুতে জানে, কিন্তু তেওঁৰ ব্যক্তিগত জীৱনৰ কথাও  সমানে আকৰ্ষণীয়। এই ছবিখনৰ জৰিয়তে দৰ্শকৰ সন্মুখত এনে এজন নেতাৰ জীৱনৰ কথা উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। ছবিখন ২৭ অক্টোবৰত মুক্তি পাব। '

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু