--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানে চলিত বৰ্ষৰ আৰম্ভণিতে হিট ছবি ‘পাথান’ দি তাৰপাছত ‘জোৱান’ৰ দৰে বাম্পাৰ হিট ছবি দৰ্শকক উপহাৰ দিয়ে। এই সফলতাত কেৱল শ্বাহৰুখ খানেই নহয় তেওঁৰ সমগ্ৰ পৰিয়াল সুখী। এনে সময়তে শ্বাহৰুখ খানৰ সমগ্ৰ পৰিয়ালৰ সৈতে এখন ফটো ভাইৰেল হৈছে য’ত তেওঁৰ অনুৰাগীয়ে মৰমেৰে উপচাই দিছে। এটা ফ্ৰেমত দেখা গৈছে গোটেই পৰিয়ালটো।

এই নতুন পাৰিবাৰিক ফটোখনত শ্বাহৰুখ খানে পিন্ধিছে নীলা ৰঙৰ লুজ জেকেটৰ সৈতে ক'লা ৰঙৰ জিন্স, গৌৰীয়ে পিন্ধিছে ডেনিম জিন্সৰ সৈতে বগা ক্ৰপ টপ, আৰিয়ান খানে পিন্ধিছে ৰঙা ৰঙৰ হুডি জেকেটৰ সৈতে ক'লা জিন্স, অব্ৰামে পিন্ধিছে ক'লা ৰঙৰ জেকেট।সুহানা খানে পিন্ধিছে ডেনিম চাৰ্ট।

এই ফটোখনত বাকী সকলোৱে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে যদিও সুহানাই নিজৰ দেউতাক শ্বাহৰুখ খানক মৰমৰ চুমা দিয়া দেখা গৈছে। এই মৰমলগা ফটোখনত দেখা শ্বাহৰুখৰ মৰমৰ কন্যাই অতি সোনকালে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। এই ছবিখনত চুহানাই ডেনিম শ্বৰ্টৰ সৈতে ডেনিম জেকেট পিন্ধিছে যিটো সন্মুখৰ ফালৰ পৰা খোলা আছে। ইয়াৰ ভিতৰত চুহানাই পিন্ধিছে বগা ৰঙৰ ক্ৰপ টপ।

এইবাৰ শ্বাহৰুখ খানে দুখন ছুপাৰহিট ছবি দিছে আৰু অতি সোনকালে তৃতীয়খন ছবি ‘ডংকি’ এই বছৰৰ শেষত অৰ্থাৎ ২২ ডিচেম্বৰত মুক্তি পাব। এই ছবিখনৰ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে। ছবিখনক লৈ বহু প্ৰত্যাশাৰ সৃষ্টি হৈছে। যাৰ আঁৰৰ কাৰণ হ’ল ৰাইজৰ মাজত শ্বাহৰুখ খানৰ উন্মাদনা আৰু দুখন ছুপাৰহিট ছবি বেক টু বেক দিয়া। অৱশ্যে শ্বাহৰুখ খানৰ ‘ডংকি’ ছবিখনে প্ৰভাসৰ ‘ছালাৰ’ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। এইখনো ২২ ডিচেম্বৰত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ