--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানে চলিত বৰ্ষৰ আৰম্ভণিতে হিট ছবি ‘পাথান’ দি তাৰপাছত ‘জোৱান’ৰ দৰে বাম্পাৰ হিট ছবি দৰ্শকক উপহাৰ দিয়ে। এই সফলতাত কেৱল শ্বাহৰুখ খানেই নহয় তেওঁৰ সমগ্ৰ পৰিয়াল সুখী। এনে সময়তে শ্বাহৰুখ খানৰ সমগ্ৰ পৰিয়ালৰ সৈতে এখন ফটো ভাইৰেল হৈছে য’ত তেওঁৰ অনুৰাগীয়ে মৰমেৰে উপচাই দিছে। এটা ফ্ৰেমত দেখা গৈছে গোটেই পৰিয়ালটো।

এই নতুন পাৰিবাৰিক ফটোখনত শ্বাহৰুখ খানে পিন্ধিছে নীলা ৰঙৰ লুজ জেকেটৰ সৈতে ক'লা ৰঙৰ জিন্স, গৌৰীয়ে পিন্ধিছে ডেনিম জিন্সৰ সৈতে বগা ক্ৰপ টপ, আৰিয়ান খানে পিন্ধিছে ৰঙা ৰঙৰ হুডি জেকেটৰ সৈতে ক'লা জিন্স, অব্ৰামে পিন্ধিছে ক'লা ৰঙৰ জেকেট।সুহানা খানে পিন্ধিছে ডেনিম চাৰ্ট।

এই ফটোখনত বাকী সকলোৱে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে যদিও সুহানাই নিজৰ দেউতাক শ্বাহৰুখ খানক মৰমৰ চুমা দিয়া দেখা গৈছে। এই মৰমলগা ফটোখনত দেখা শ্বাহৰুখৰ মৰমৰ কন্যাই অতি সোনকালে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। এই ছবিখনত চুহানাই ডেনিম শ্বৰ্টৰ সৈতে ডেনিম জেকেট পিন্ধিছে যিটো সন্মুখৰ ফালৰ পৰা খোলা আছে। ইয়াৰ ভিতৰত চুহানাই পিন্ধিছে বগা ৰঙৰ ক্ৰপ টপ।

এইবাৰ শ্বাহৰুখ খানে দুখন ছুপাৰহিট ছবি দিছে আৰু অতি সোনকালে তৃতীয়খন ছবি ‘ডংকি’ এই বছৰৰ শেষত অৰ্থাৎ ২২ ডিচেম্বৰত মুক্তি পাব। এই ছবিখনৰ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে। ছবিখনক লৈ বহু প্ৰত্যাশাৰ সৃষ্টি হৈছে। যাৰ আঁৰৰ কাৰণ হ’ল ৰাইজৰ মাজত শ্বাহৰুখ খানৰ উন্মাদনা আৰু দুখন ছুপাৰহিট ছবি বেক টু বেক দিয়া। অৱশ্যে শ্বাহৰুখ খানৰ ‘ডংকি’ ছবিখনে প্ৰভাসৰ ‘ছালাৰ’ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। এইখনো ২২ ডিচেম্বৰত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু