--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা প্ৰকাণ্ড গ্ৰহাণু পৃথিৱীৰ ফালে আহি আছে। কাইলৈ অৰ্থাৎ ১১ মাৰ্চত পৃথিৱীৰ নিচেই ওচৰলৈ আহিব গ্ৰহাণুটো। এই গ্ৰহাণুটো কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ। এই গ্ৰহাণুৰ আকাৰ ২২০ মিটাৰৰ পৰা ৪৯০ মিটাৰলৈকে হয়। কুটুব মিনাৰৰ আকাৰ ৭৩ মিটাৰ। সেই অনুসৰি এই গ্ৰহাণুটো কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ। গ্ৰহাণুটোৰ নাম ডিআৰ215 বুলি সদৰী কৰিছে নাছাই। এই শিলটো বা গ্ৰহাণুটোক প্ৰথমবাৰৰ বাবে ১৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে দেখা গৈছিল।গ্ৰহাণুটোক লৈ নাছাৰ বিজ্ঞানীসকলে ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি জনাইছে। বিজ্ঞানীসকলৰ মতে, ই পৃথিৱীৰ সৈতে যুঁজিব নোৱাৰে বা কোনো ধৰণৰ ক্ষতি হ'ব পৰাকৈ পৃথিৱীৰ ইমান ওচৰলৈ যাব নোৱাৰে। কিন্তু বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে যে যদি ই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেন্তে ই সকলো ধ্বংস কৰি দিব। অৱশ্যে গ্ৰহাণুটো বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সম্ভাৱনা তেনেই কম। উল্লেখ্য যে এই শিলটো পৃথিৱীৰ পৰা ৪.২ মিলিয়ন মাইল দূৰত্বৰ মাজেৰে পাৰ হ'ব। মহাকাশৰ হিচাপত ইমান দূৰত্ব একো ডাঙৰ কথা নহয়। গ্ৰহাণুটোৱে প্ৰতি ছেকেণ্ডত ৮.৩ কিলোমিটাৰত গতি কৰি আছে। ৫ মাৰ্চতো আন এটা গ্ৰহাণু পৃথিৱীৰ নিচেই ওচৰেৰে একো ক্ষতি নকৰাকৈ পাৰ হৈ গৈছিল । আৰু পঢ়কঃ বিলাসী জীৱন কটাবলৈ বিক্ৰী কৰিছিল ড্ৰাগছ! গ্ৰেপ্তাৰ প্ৰেমিক-প্ৰেমিকা BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু