--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা প্ৰকাণ্ড গ্ৰহাণু পৃথিৱীৰ ফালে আহি আছে। কাইলৈ অৰ্থাৎ ১১ মাৰ্চত পৃথিৱীৰ নিচেই ওচৰলৈ আহিব গ্ৰহাণুটো। এই গ্ৰহাণুটো কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ। এই গ্ৰহাণুৰ আকাৰ ২২০ মিটাৰৰ পৰা ৪৯০ মিটাৰলৈকে হয়। কুটুব মিনাৰৰ আকাৰ ৭৩ মিটাৰ। সেই অনুসৰি এই গ্ৰহাণুটো কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ। গ্ৰহাণুটোৰ নাম ডিআৰ215 বুলি সদৰী কৰিছে নাছাই। এই শিলটো বা গ্ৰহাণুটোক প্ৰথমবাৰৰ বাবে ১৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে দেখা গৈছিল।গ্ৰহাণুটোক লৈ নাছাৰ বিজ্ঞানীসকলে ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি জনাইছে। বিজ্ঞানীসকলৰ মতে, ই পৃথিৱীৰ সৈতে যুঁজিব নোৱাৰে বা কোনো ধৰণৰ ক্ষতি হ'ব পৰাকৈ পৃথিৱীৰ ইমান ওচৰলৈ যাব নোৱাৰে। কিন্তু বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে যে যদি ই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেন্তে ই সকলো ধ্বংস কৰি দিব। অৱশ্যে গ্ৰহাণুটো বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সম্ভাৱনা তেনেই কম। উল্লেখ্য যে এই শিলটো পৃথিৱীৰ পৰা ৪.২ মিলিয়ন মাইল দূৰত্বৰ মাজেৰে পাৰ হ'ব। মহাকাশৰ হিচাপত ইমান দূৰত্ব একো ডাঙৰ কথা নহয়। গ্ৰহাণুটোৱে প্ৰতি ছেকেণ্ডত ৮.৩ কিলোমিটাৰত গতি কৰি আছে। ৫ মাৰ্চতো আন এটা গ্ৰহাণু পৃথিৱীৰ নিচেই ওচৰেৰে একো ক্ষতি নকৰাকৈ পাৰ হৈ গৈছিল । আৰু পঢ়কঃ বিলাসী জীৱন কটাবলৈ বিক্ৰী কৰিছিল ড্ৰাগছ! গ্ৰেপ্তাৰ প্ৰেমিক-প্ৰেমিকা BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু