--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যৰ ধৰ্ম আছেনে? এই প্ৰশ্নটো আকৌ এবাৰ উত্থাপন হৈছে যেতিয়া গ্ৰাহকে অন্য ধৰ্মৰ ডেলিভাৰী বয়ৰ পৰা খাদ্য ল’বলৈ অস্বীকাৰ কৰিছিল। এনে এটা ঘটনা হায়দৰাবাদত সংঘটিত হৈছে  কিছুদিন পূৰ্বে হায়দৰাবাদৰ এজন ব্যক্তিয়ে এটা জনপ্ৰিয় অনলাইন ফুড ডেলিভাৰী কোম্পানীলৈ মেছেজ প্ৰেৰণ কৰিছিল যে তেওঁ নিবিচাৰে কোনো মুছলমান ব্যক্তিয়ে খাদ্য পঠোৱাটো। এইবাৰ এনে সাম্প্ৰদায়িক মনোভাৱৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিল তেলেংগানাৰ বহু লোক।

তেলেংগানা মটৰচালক সন্থাৰ বিষয়ববীয়া শ্বেইখ ছালাউদ্দিনে লোকজনৰ বাৰ্তাৰ স্ক্ৰীণশ্বট পোষ্ট কৰি খাদ্য সৰবৰাহকাৰী কোম্পানীক ঘৃণনীয় মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ছালাহুদ্দিনে নিজেই এটা সংগঠনৰ বাবে দুৱাৰে দুৱাৰে খাদ্য যোগান ধৰে। তেওঁ টুইট কৰি কয় যে আমি প্ৰতিটো ধৰ্মৰ লোকক হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখৰ লোকক খাদ্য যোগান ধৰো।

অৱশ্যে ছালাহুদ্দিনৰ এই অনুৰোধৰ সন্দৰ্ভত এতিয়ালৈকে কোম্পানীটোৱে ৰাজহুৱাভাৱে কোনো সঁহাৰি দিয়া নাই। কিন্তু এই পৰিঘটনা নতুন কথা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো বহু লোকে ডেলিভাৰী বয় সকলৰ ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰি খাদ্য ল’বলৈ অস্বীকাৰ কৰিছে।

২০১৯ চনৰ অক্টোবৰ মাহত হায়দৰাবাদৰ বাসিন্দা অজয় ​​কুমাৰে খাদ্য সৰবৰাহকাৰী কোম্পানীটোৰ ওচৰত অভিযোগ কৰিছিল যে খাদ্যত মছলাৰ অভাৱ আৰু ডেলিভাৰী বয়জন মুছলমান। গতিকে তেওঁ ‘নিগেটিভ ৰেটিং’ দিলে। তদুপৰি অহাবাৰৰ পৰা এজন হিন্দু ল’ৰাক খাদ্য দিবলৈ পঠিয়াবলৈ অনুৰোধ জনায়। একে বছৰতে মধ্যপ্ৰদেশৰ জবলপুৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। এজন অমিত শুক্লাই অহিন্দু ডেলিভাৰী বয়জনে খাদ্য ডেলিভাৰী কৰিবলৈ অহাত অৰ্ডাৰ বাতিল কৰিলে। সেই সময়ত ব্যক্তিজনক খাদ্য যোগান কোম্পানীয়ে জনাইছিল, ‘খাদ্যৰ কোনো ধৰ্ম নাই’।

হায়দৰাবাদৰ এই ঘটনা পোহৰলৈ অহাৰ পাছত বিশিষ্ট লোকসকলেও ইয়াক গৰিহণা দিয়ে। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমে এই ঘটনাটোত টুইট কৰি প্ৰশ্ন উত্থাপন কৰে যে, এনে ঘটনা এটাৰ পাছত এটাকৈ সংঘটিত হোৱাৰ পাছতো সংশ্লিষ্ট সংগঠন সমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছে? বহু নেটিজেনে কাৰ্তিৰ এই মন্তব্যক সমৰ্থন কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী