--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যৰ ধৰ্ম আছেনে? এই প্ৰশ্নটো আকৌ এবাৰ উত্থাপন হৈছে যেতিয়া গ্ৰাহকে অন্য ধৰ্মৰ ডেলিভাৰী বয়ৰ পৰা খাদ্য ল’বলৈ অস্বীকাৰ কৰিছিল। এনে এটা ঘটনা হায়দৰাবাদত সংঘটিত হৈছে।  কিছুদিন পূৰ্বে হায়দৰাবাদৰ এজন ব্যক্তিয়ে এটা জনপ্ৰিয় অনলাইন ফুড ডেলিভাৰী কোম্পানীলৈ মেছেজ প্ৰেৰণ কৰিছিল যে তেওঁ নিবিচাৰে কোনো মুছলমান ব্যক্তিয়ে খাদ্য পঠোৱাটো। এইবাৰ এনে সাম্প্ৰদায়িক মনোভাৱৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিল তেলেংগানাৰ বহু লোক।

তেলেংগানা মটৰচালক সন্থাৰ বিষয়ববীয়া শ্বেইখ ছালাউদ্দিনে লোকজনৰ বাৰ্তাৰ স্ক্ৰীণশ্বট পোষ্ট কৰি খাদ্য সৰবৰাহকাৰী কোম্পানীক ঘৃণনীয় মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ছালাহুদ্দিনে নিজেই এটা সংগঠনৰ বাবে দুৱাৰে দুৱাৰে খাদ্য যোগান ধৰে। তেওঁ টুইট কৰি কয় যে আমি প্ৰতিটো ধৰ্মৰ লোকক হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখৰ লোকক খাদ্য যোগান ধৰো।

অৱশ্যে ছালাহুদ্দিনৰ এই অনুৰোধৰ সন্দৰ্ভত এতিয়ালৈকে কোম্পানীটোৱে ৰাজহুৱাভাৱে কোনো সঁহাৰি দিয়া নাই। কিন্তু এই পৰিঘটনা নতুন কথা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো বহু লোকে ডেলিভাৰী বয় সকলৰ ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰি খাদ্য ল’বলৈ অস্বীকাৰ কৰিছে।

২০১৯ চনৰ অক্টোবৰ মাহত হায়দৰাবাদৰ বাসিন্দা অজয় ​​কুমাৰে খাদ্য সৰবৰাহকাৰী কোম্পানীটোৰ ওচৰত অভিযোগ কৰিছিল যে খাদ্যত মছলাৰ অভাৱ আৰু ডেলিভাৰী বয়জন মুছলমান। গতিকে তেওঁ ‘নিগেটিভ ৰেটিং’ দিলে। তদুপৰি অহাবাৰৰ পৰা এজন হিন্দু ল’ৰাক খাদ্য দিবলৈ পঠিয়াবলৈ অনুৰোধ জনায়। একে বছৰতে মধ্যপ্ৰদেশৰ জবলপুৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। এজন অমিত শুক্লাই অহিন্দু ডেলিভাৰী বয়জনে খাদ্য ডেলিভাৰী কৰিবলৈ অহাত অৰ্ডাৰ বাতিল কৰিলে। সেই সময়ত ব্যক্তিজনক খাদ্য যোগান কোম্পানীয়ে জনাইছিল, ‘খাদ্যৰ কোনো ধৰ্ম নাই’।

হায়দৰাবাদৰ এই ঘটনা পোহৰলৈ অহাৰ পাছত বিশিষ্ট লোকসকলেও ইয়াক গৰিহণা দিয়ে। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমে এই ঘটনাটোত টুইট কৰি প্ৰশ্ন উত্থাপন কৰে যে, এনে ঘটনা এটাৰ পাছত এটাকৈ সংঘটিত হোৱাৰ পাছতো সংশ্লিষ্ট সংগঠন সমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছে? বহু নেটিজেনে কাৰ্তিৰ এই মন্তব্যক সমৰ্থন কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু