--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে প্ৰায়ে নিজৰ সন্তানৰ নাম প্ৰখ্যাত ব্যক্তিত্বৰ নামেৰে ৰাখে। কিন্তু ব্ৰিটেইনৰ এহাল দম্পতীয়ে নিজৰ সন্তানৰ নাম ৰাখিছে ভাৰতীয় খাদ্যৰ নামেৰে। চাহৰ লগত ভাৰতীয়সকলে এই খাদ্য খায় বৰ ভালপায়। আয়াৰলেণ্ডৰ নিউটাউনবেবীত বাস কৰা এক দম্পতীয়ে নিজৰ সন্তানৰ নাম ৰাখিছে পকোৰা। পকোৰা হৈছে সেই খাদ্য যাক আমি অসমীয়াত পকৰী বুলি কওঁ। 

'দ্য কেপ্তেইন টেবুল' নামৰ ৰেষ্টুৰেণ্টখনে ছ’চিয়েল মিডিয়াত এই তথ্য শ্বেয়াৰ কৰিছে। এই ৰেষ্টুৰেণ্টখনত খাদ্য খাবলৈ আহিছিল এহাল পতি-পত্নীয়ে। মেনু কাৰ্ডত ভাৰতীয় খাদ্যও আছিল। তেওঁলোকে পকোৰা অৰ্ডাৰ দিলে। তেওঁলোকে পকোৰা খাই ইমানেই ভাল পালে যে তেওঁলোকৰ নৱজাত কেঁচুৱাটোৰ নাম ৰাখিলে পকোৰা।

ফটোখনৰ ওপৰত নেটিজেনসকলে দিছে অতি ধেমেলীয়া প্ৰতিক্ৰিয়া। ফটোখন শ্বেয়াৰ কৰি থাকোঁতে এজন ব্যৱহাৰকাৰীয়ে লিখিছে -''আৰু ইয়াৰ আইতাকৰ নাম নান।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে-''মোৰ দুটা সন্তান আছে-চিকেন আৰু টিক্কা।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – ''গৰ্ভাৱস্থাত মই বহুত কল আৰু তৰমুজ খাইছিলোঁ। ভগৱানক ধন্যবাদ মই মোৰ মগজু ব্যৱহাৰ কৰিলোঁ আৰু মোৰ ল'ৰা-ছোৱালীৰ নাম কল আৰু তৰমুজ নিদিলোঁ।'' এজন ব্যৱহাৰকাৰীয়ে ক’লে-''এওঁলোকৰ পৰৱৰ্তী সন্তানৰ নাম হ’ব চামোছা।''

ৰেষ্টুৰেণ্টখনে ছ’চিয়েল মিডিয়াত শিশুটিৰ সৈতে অৰ্ডাৰ বিলখনৰ ফটো শ্বেয়াৰ কৰে। লিখা আছিল – বিশ্বলৈ স্বাগতম পকোৰা। এই সন্দৰ্ভত মানুহে বহুত আলোচনা কৰি আছে। বহুতে টুইটাৰতো বিষয়টো শ্বেয়াৰ কৰিছে। এই টুইটটো এতিয়ালৈকে ২৬ হাজাৰৰো অধিক লোকে লাইক কৰিছে। ১৫০০ৰো অধিক লোকে এই কথা ৰিটুইট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী