--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে প্ৰায়ে নিজৰ সন্তানৰ নাম প্ৰখ্যাত ব্যক্তিত্বৰ নামেৰে ৰাখে। কিন্তু ব্ৰিটেইনৰ এহাল দম্পতীয়ে নিজৰ সন্তানৰ নাম ৰাখিছে ভাৰতীয় খাদ্যৰ নামেৰে। চাহৰ লগত ভাৰতীয়সকলে এই খাদ্য খায় বৰ ভালপায়। আয়াৰলেণ্ডৰ নিউটাউনবেবীত বাস কৰা এক দম্পতীয়ে নিজৰ সন্তানৰ নাম ৰাখিছে পকোৰা। পকোৰা হৈছে সেই খাদ্য যাক আমি অসমীয়াত পকৰী বুলি কওঁ। 

'দ্য কেপ্তেইন টেবুল' নামৰ ৰেষ্টুৰেণ্টখনে ছ’চিয়েল মিডিয়াত এই তথ্য শ্বেয়াৰ কৰিছে। এই ৰেষ্টুৰেণ্টখনত খাদ্য খাবলৈ আহিছিল এহাল পতি-পত্নীয়ে। মেনু কাৰ্ডত ভাৰতীয় খাদ্যও আছিল। তেওঁলোকে পকোৰা অৰ্ডাৰ দিলে। তেওঁলোকে পকোৰা খাই ইমানেই ভাল পালে যে তেওঁলোকৰ নৱজাত কেঁচুৱাটোৰ নাম ৰাখিলে পকোৰা।

ফটোখনৰ ওপৰত নেটিজেনসকলে দিছে অতি ধেমেলীয়া প্ৰতিক্ৰিয়া। ফটোখন শ্বেয়াৰ কৰি থাকোঁতে এজন ব্যৱহাৰকাৰীয়ে লিখিছে -''আৰু ইয়াৰ আইতাকৰ নাম নান।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে-''মোৰ দুটা সন্তান আছে-চিকেন আৰু টিক্কা।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – ''গৰ্ভাৱস্থাত মই বহুত কল আৰু তৰমুজ খাইছিলোঁ। ভগৱানক ধন্যবাদ মই মোৰ মগজু ব্যৱহাৰ কৰিলোঁ আৰু মোৰ ল'ৰা-ছোৱালীৰ নাম কল আৰু তৰমুজ নিদিলোঁ।'' এজন ব্যৱহাৰকাৰীয়ে ক’লে-''এওঁলোকৰ পৰৱৰ্তী সন্তানৰ নাম হ’ব চামোছা।''

ৰেষ্টুৰেণ্টখনে ছ’চিয়েল মিডিয়াত শিশুটিৰ সৈতে অৰ্ডাৰ বিলখনৰ ফটো শ্বেয়াৰ কৰে। লিখা আছিল – বিশ্বলৈ স্বাগতম পকোৰা। এই সন্দৰ্ভত মানুহে বহুত আলোচনা কৰি আছে। বহুতে টুইটাৰতো বিষয়টো শ্বেয়াৰ কৰিছে। এই টুইটটো এতিয়ালৈকে ২৬ হাজাৰৰো অধিক লোকে লাইক কৰিছে। ১৫০০ৰো অধিক লোকে এই কথা ৰিটুইট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু