--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লতা মংগেশকাৰ, আধুনিক ভাৰতীয় সংগীতৰ এইগৰাকী খ্যাতনামা কণ্ঠশিল্পীয়ে শিশু অৱস্থাত বিদ্যালয়লৈ এদিন গৈয়ে যাবলৈ এৰি দিছিল৷ সংগীতেৰে ভাৰতীয় গীতি ঐতিহ্যক চহকী কৰা লতাজীয়ে কিয় যোৱা নাছিল বিদ্যালয়লৈ? লতাজীয়ে বিদ্যালয়লৈ নোযোৱাৰ অন্তৰালত কি কি কাৰকে ক্ৰিয়া কৰিছিল? আপুনি জানেনে সেই কথা? তাৰেই ইতিহাস বিচাৰি আমাৰ এক চমু বিশ্লেষণ... আমি সকলোৱে জানো যে লতা মংগেশকাৰে ১৩ বছৰ বয়সত পিতৃ দীননাথ মংগেশকাৰৰ মৃত্যুৰ পাছৰে পৰা কাম কৰা আৰম্ভ কৰিছিল। তেওঁ পৰিয়ালৰ প্ৰথমা কন্যা আছিল আৰু পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুৰ পিছত লতাজীয়ে পৰিয়ালটোৰ দায়িত্ব ল’বলগীয়া হৈছিল৷ আৰু সেয়েহে তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ সময়ে তেওঁক এগৰাকী কিংবদন্তি কণ্ঠশিল্পী হিচাপে আৱিষ্কাৰ কৰিছিল৷ লতা মংগেশকাৰে কেতিয়াও বিদ্যালয়লৈ কিয় যোৱা নাছিল, তাৰ আন এটা কাহিনীও জনা যায়৷ কাৰণ, স্কুললৈ যোৱাৰ প্ৰথম দিনাই লতাই শিশুসকলক গান গাবলৈ শিকাই আছিল আৰু যেতিয়া শিক্ষকে তেওঁক এনে কৰিবলৈ বাধা দিছিল, তেতিয়া শিক্ষকৰ সেই বাধাই তেওঁৰ কোমল মনত আঘাত কৰিছিল৷ আৰু তাৰ পাছত তেওঁ কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল। কিয়নো, গান গোৱাতো প্ৰাৰম্ভিক দিনৰ পৰাই লতা মংগেশকাৰৰ আৱেগ আৰু ভালপোৱা আছিল। লতা মংগেশকাৰে তেওঁৰ সৰু ভনীয়েক আশা ভোচলেক কেতিয়াবা স্কুললৈ লগত লৈ গৈছিল। আৰু সেইটো অনুমোদিত নাছিল। যিহেতু, তেওঁক তেওঁৰ ভনীয়েকক স্কুললৈ নিবলৈ অনুমতি দিয়া হোৱা নাছিল, তেওঁ পিছদিনা স্কুল এৰি দিছিল! এটা অনুষ্ঠানৰ সময়ত, লতা মংগেশকাৰৰ সৰু ভগ্নী আশা ভোচলেয়ে কৈছিল যে তেওঁ লতাজীক কোলাপুৰৰ কাষৰ চাংলিত ৫ বছৰ বয়সত এখন বিদ্যালয়লৈ যোৱা দেখিছিল। তেওঁ বায়েকক স্কুললৈ যোৱা দেখি, তেৱোঁ লতাজীৰ হাতত ধৰিয়েই স্কুলখনলৈ গৈছিল। কেইদিনমানৰ পিছত, যেতিয়া বিদ্যালয়ৰ শিক্ষকে কৈছিল যে দুগৰাকী ছোৱালী এজনী ছোৱালীৰ মাচুলত বহিব নোৱাৰে, তেতিয়া লতাজীয়ে সেই কথাত বেজাৰ পাইছিল৷ দুই ভগ্নী কান্দি ঘৰলৈ উভতি আহিছিল আৰু তাৰ পিছত কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল। লতা মংগেশকাৰে কিয় বিদ্যালয়ত পঢ়িব নোৱাৰিলে তাৰ কাৰণ যিয়েই নহওক কিয়, সংগীতৰ অৰ্হতাৰে তেওঁ বিশ্বনাগৰিকৰ হৃদয় জয় কৰিছিল। বিদ্যায়তনিক শিক্ষাৰ ঊৰ্ধত ব্যক্তিত্ব, জীৱন সাধনা আৰু সংগীতেৰেই লতাজীয়ে ভাৰতৰ ইতিহাসত লিপিবদ্ধ কৰি থৈ গ’ল কেইবাটাও সুৰীয়া বসন্ত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু