--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ’ল ভাৰতৰ গৌৰৱ লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। যাৰ কণ্ঠই ভাৰতক দিছিল বিশেষ মৰ্যাদা সেই কণ্ঠ আজি ৰুদ্ধ হ’ল। কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ আজি ৯২ বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত কুকিল কণ্ঠী গায়িকাগৰাকীৰ মৃত্যু হয়। কিন্তু, আপুনি জানেনে যে 'বাহুবলী' বোলছবিখনৰ এটা বিখ্যাত গানৰ বাবে লতা মংগেশকাৰক গীত গোৱাবলৈ ছবিখনৰ সংগীত পৰিচালক এম. কিৰাৱানীৰ প্ৰথম পছন্দ আছিল। উল্লেখ্য যে, বাহুবলী' ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ এখন অভিলেখ ভংগকাৰী চলচ্চিত্ৰ। প্ৰভাস, অনুষ্কা চেট্টী, তামান্না ভাটিয়া আৰু ৰাণা দগ্গুবাটী অভিনীত চলচ্চিত্ৰখনৰ 'কানহা চোজা জাৰা' গানটোৰ বাবে লতা মংগেশকাৰক গীত গোৱাবলৈ সংগীত পৰিচালক কিৰাৱানীৰ প্ৰথম পছন্দ আছিল। কিন্তু তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। 'বাহুবলী' ছবিখনত অনুষ্কা চেট্টীয়ে কৃষ্ণৰ প্ৰশংসা কৰিবলৈ এটা গীত পৰিৱেশন কৰিছিল। যি পাছত অতি জনপ্ৰিয় হৈ পৰিছিল। 'কানহা চোজা জাৰা' গানটো প্ৰথমে কিংবদন্তি শিল্পী লতা মংগেশকাৰক আগবঢ়োৱা হৈছিল। গানটোৰ সুৰ শুনি লতাজী নিজে আনন্দিত হৈছিল। কিন্তু শেষত, বয়সৰ বাবে গানটোৰ প্ৰস্তাৱ সংগীত সম্ৰাজ্ঞীগৰাকীয়ে নিজেই প্ৰত্যাহাৰ কৰে। আনহাতে লতাজীৰ সন্মুখতে মধুশ্ৰীয়ে সেই গীতটো তেওঁক গাই শুনাইছিল আৰু তেতিয়াই লতাজীয়ে মধুশ্ৰীৰ কণ্ঠতে গীতটো ভাল শুনিব বুলি প্ৰশংসা কৰি পৰিচালকক মধুশ্ৰীৰ কণ্ঠত গীতটো গোৱাবলৈ অনুৰোধ কৰে। মীনা কুমাৰীৰ পৰা সুচিত্ৰা সেনলৈ, শ্ৰীদেৱী, মাধুৰীৰ পৰা কাজললৈকে, উৰ্মিলা, প্ৰীতি জিণ্টাই নায়িকাসকললৈ কণ্ঠ দান কৰিছে লতা মংগেশকাৰে। সুৰ সম্ৰাজ্ঞীগৰাকীয়ে বঙালী ভাষাত মুঠ ১৮৫ টা গান গাইছে৷ উল্লেখ্য যে, ১৯৫৬ চনত হেমন্ত মুখাৰ্জীয়ে ৰচনা কৰা 'লাভ কাম অনলি ৱান্স চাইলেন্ট' গীতেৰে তেওঁ বাংলা উদ্যোগত আত্মপ্ৰকাশ কৰে৷ একে বছৰতে, তেওঁ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত 'ৰঙ্গিলা বাঁহী' বাণীবন্ধন কৰিছিল। যিটো গীত সেইসময়ত খুবেই জনপ্ৰিয় হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ