--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ’ল ভাৰতৰ গৌৰৱ লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। যাৰ কণ্ঠই ভাৰতক দিছিল বিশেষ মৰ্যাদা সেই কণ্ঠ আজি ৰুদ্ধ হ’ল। কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ আজি ৯২ বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত কুকিল কণ্ঠী গায়িকাগৰাকীৰ মৃত্যু হয়। কিন্তু, আপুনি জানেনে যে 'বাহুবলী' বোলছবিখনৰ এটা বিখ্যাত গানৰ বাবে লতা মংগেশকাৰক গীত গোৱাবলৈ ছবিখনৰ সংগীত পৰিচালক এম. কিৰাৱানীৰ প্ৰথম পছন্দ আছিল। উল্লেখ্য যে, বাহুবলী' ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ এখন অভিলেখ ভংগকাৰী চলচ্চিত্ৰ। প্ৰভাস, অনুষ্কা চেট্টী, তামান্না ভাটিয়া আৰু ৰাণা দগ্গুবাটী অভিনীত চলচ্চিত্ৰখনৰ 'কানহা চোজা জাৰা' গানটোৰ বাবে লতা মংগেশকাৰক গীত গোৱাবলৈ সংগীত পৰিচালক কিৰাৱানীৰ প্ৰথম পছন্দ আছিল। কিন্তু তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। 'বাহুবলী' ছবিখনত অনুষ্কা চেট্টীয়ে কৃষ্ণৰ প্ৰশংসা কৰিবলৈ এটা গীত পৰিৱেশন কৰিছিল। যি পাছত অতি জনপ্ৰিয় হৈ পৰিছিল। 'কানহা চোজা জাৰা' গানটো প্ৰথমে কিংবদন্তি শিল্পী লতা মংগেশকাৰক আগবঢ়োৱা হৈছিল। গানটোৰ সুৰ শুনি লতাজী নিজে আনন্দিত হৈছিল। কিন্তু শেষত, বয়সৰ বাবে গানটোৰ প্ৰস্তাৱ সংগীত সম্ৰাজ্ঞীগৰাকীয়ে নিজেই প্ৰত্যাহাৰ কৰে। আনহাতে লতাজীৰ সন্মুখতে মধুশ্ৰীয়ে সেই গীতটো তেওঁক গাই শুনাইছিল আৰু তেতিয়াই লতাজীয়ে মধুশ্ৰীৰ কণ্ঠতে গীতটো ভাল শুনিব বুলি প্ৰশংসা কৰি পৰিচালকক মধুশ্ৰীৰ কণ্ঠত গীতটো গোৱাবলৈ অনুৰোধ কৰে। মীনা কুমাৰীৰ পৰা সুচিত্ৰা সেনলৈ, শ্ৰীদেৱী, মাধুৰীৰ পৰা কাজললৈকে, উৰ্মিলা, প্ৰীতি জিণ্টাই নায়িকাসকললৈ কণ্ঠ দান কৰিছে লতা মংগেশকাৰে। সুৰ সম্ৰাজ্ঞীগৰাকীয়ে বঙালী ভাষাত মুঠ ১৮৫ টা গান গাইছে৷ উল্লেখ্য যে, ১৯৫৬ চনত হেমন্ত মুখাৰ্জীয়ে ৰচনা কৰা 'লাভ কাম অনলি ৱান্স চাইলেন্ট' গীতেৰে তেওঁ বাংলা উদ্যোগত আত্মপ্ৰকাশ কৰে৷ একে বছৰতে, তেওঁ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত 'ৰঙ্গিলা বাঁহী' বাণীবন্ধন কৰিছিল। যিটো গীত সেইসময়ত খুবেই জনপ্ৰিয় হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু