--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াঙত আজি পুৱা দুৰ্ঘটনাত পতিত হৈছে সেনাৰ  এখন হেলিকপ্টাৰ । দুৰ্ঘটনাটোত আহত-নিহতৰ কোনো তথ্য এতিয়ালৈকে পোৱা হোৱা নাই। উদ্ধাৰকাৰীৰ দলে ঘটনস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰ খন সেনাৰ   এখন উন্নত মানৰ লঘু ওজনৰ  হেলিকপ্টাৰ আছিল। হেলিকপ্টাৰখন আপাৰ চিয়াঙৰ মিগিং গাঁৱৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে।জানিব পৰা মতে শুক্ৰবাৰে পুৱা সাত বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

এজন সেনা বিষয়াই প্ৰকাশ কৰা মতে   হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চললৈ যোৱাৰ  কোনো পথ   নাই। এটা অতি দুৰ্গম এলেকাত দুৰ্ঘটনাটো ঘটিছে। অৱশ্যে, উদ্ধাৰকাৰীদলে অঞ্চলটোত সোনকালে উপস্থিত হ'বলৈ সক্ষম হৈছে। আন এটা দল ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে। হতাহতৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। উদ্ধাৰকাৰীসকলে কৈছে যে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থানত উদ্ধাৰ অভিযান চলোৱাটো অতি প্ৰত্যাহ্বানপূৰ্ণ কথা হৈ পৰিছে।

উল্লেখ্য ৫ অক্টোবৰতো সেনাৰ 'চিতা' হেলিকপ্টাৰ এখন নিয়মীয়া অনুশীলনৰ সময়তে অৰুণাচল প্ৰদেশৰ টাৱাঙত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত এজন পাইলটৰ মৃত্যু হৈছিল। আন এজন আহত হৈছিল। ১৫ দিনৰ পিছত একেই ঘটনা ঘটিছে। অৱশ্যে, দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক