--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াঙত আজি পুৱা দুৰ্ঘটনাত পতিত হৈছে সেনাৰ  এখন হেলিকপ্টাৰ । দুৰ্ঘটনাটোত আহত-নিহতৰ কোনো তথ্য এতিয়ালৈকে পোৱা হোৱা নাই। উদ্ধাৰকাৰীৰ দলে ঘটনস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰ খন সেনাৰ   এখন উন্নত মানৰ লঘু ওজনৰ  হেলিকপ্টাৰ আছিল। হেলিকপ্টাৰখন আপাৰ চিয়াঙৰ মিগিং গাঁৱৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে।জানিব পৰা মতে শুক্ৰবাৰে পুৱা সাত বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

এজন সেনা বিষয়াই প্ৰকাশ কৰা মতে   হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চললৈ যোৱাৰ  কোনো পথ   নাই। এটা অতি দুৰ্গম এলেকাত দুৰ্ঘটনাটো ঘটিছে। অৱশ্যে, উদ্ধাৰকাৰীদলে অঞ্চলটোত সোনকালে উপস্থিত হ'বলৈ সক্ষম হৈছে। আন এটা দল ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে। হতাহতৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। উদ্ধাৰকাৰীসকলে কৈছে যে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থানত উদ্ধাৰ অভিযান চলোৱাটো অতি প্ৰত্যাহ্বানপূৰ্ণ কথা হৈ পৰিছে।

উল্লেখ্য ৫ অক্টোবৰতো সেনাৰ 'চিতা' হেলিকপ্টাৰ এখন নিয়মীয়া অনুশীলনৰ সময়তে অৰুণাচল প্ৰদেশৰ টাৱাঙত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত এজন পাইলটৰ মৃত্যু হৈছিল। আন এজন আহত হৈছিল। ১৫ দিনৰ পিছত একেই ঘটনা ঘটিছে। অৱশ্যে, দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু