--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ  ৰায়বৰেলী গান্ধী পৰিয়ালৰ দুৰ্গ  হিচাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধীয়ে   ৰায়বৰেলী সমষ্টিৰ  পৰা  পাঁচ লাখৰো অধিক ভোট  লাভ কৰি জয়ী হৈছিল। এতিয়া গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ  ৰায়বৰেলীত গান্ধী পৰিয়ালৰ মাজতে প্ৰতিদ্বন্দ্বিতাৰ পৰিবেশ ৰচনা কৰিবলৈ সষ্টম হৈ পৰিছে বিজেপি । সেইবাবেই ৰাহুল গান্ধীৰ সম্পৰ্কীয় ভাতৃ বৰুণ গান্ধীক উক্ত সমষ্টিৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে।    কিন্তু এসপ্তাহৰ চিন্তা-চৰ্চাৰ পিছত বৰুণ গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰা  যুঁজিবলৈ দলৰ প্ৰস্তাৱ নাকচ কৰিছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে দাবী কৰা অনুসৰি বিজেপিয়ে  প্ৰস্তাৱটো দিয়াৰ পিছত বৰুণ গান্ধীয়ে এসপ্তাহধৰি প্ৰস্তাৱটো "বিবেচনা" কৰি আছিল।কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে।  বৰুণ গান্ধীক  এইবেলি বিজেপিয়ে  পিলিভিট আসনত টিকট দিয়া নাই। অথচ পিলভিটৰ পৰা বৰুণ গান্ধীয়ে বিজয়ী হৈ আহিছিল। 

  পিলিভিটৰ সলনি বৰুণ গান্ধীক ৰায়বৰেলীৰ পৰা বিজেপিয়ে টিকট দিব বিচৰাৰ কথাই ঘৰৰ ভিতৰতে কাজিয়া লগাবলৈ গেৰুৱা বাহিনীয়ে চেষ্টা চলোৱা বুলি বহুতে আলোচনা কৰিছে। বৰুণ গান্ধীয়ে হয়তো ঘৰৰ মানুহৰ বিৰুদ্ধে ৰণত নামিবলৈ ইচ্ছা নথকাৰ বাবেই বিজেপিৰ সেই প্ৰস্তাৱ মানি লোৱা নাই বুলি বহুতে ধাৰণা কৰিছে। এইক্ষেত্ৰত  বৰুণে  সন্মতি দিব বুলি  বিজেপি আশাবাদী হোৱাৰ এটা কাৰণ হয়তো আছিল যে তেওঁৰ মাতৃ মানেকা গান্ধীয়ে ১৯৮৪ চনৰ নিৰ্বাচনত প্ৰিয়ংকা গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীৰ বিৰুদ্ধে যুঁজ দিছিল। প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে একেৰাহে চাৰিবাৰ দখল কৰিছিল  ৰায়বৰেলী।  এইবাৰ ছোনিয়াই ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাবে  সেই আসনত কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব তাকেলৈ আলোচনা হৈ আছে।  

যদিও কংগ্ৰেছে আমেঠি বা ৰায়বৰেলীৰ প্ৰাৰ্থীৰ নাম  ঘোষণা কৰা নাই, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শেহতীয়া এক সাক্ষাৎকাৰত দাবী কৰিছে যে দুয়োখন আসনৰ বাবে "আচৰিত" কিবা এটা ঘোষণা কৰা হ'ব পাৰে। ছোনিয়াৰ পূৰ্বে  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিনিবাৰ ৰায়বৰেলীৰ পৰা জয়ী হৈছিল। আসনখনৰ পৰা  ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীও দুবাৰকৈ নিৰ্বাচিত হৈছিল। সেয়েহে, কংগ্ৰেছে এই পাৰিবাৰিক দুৰ্গৰ পৰা প্ৰতিদ্বন্দ্বিতা  কৰিবলৈ এজন 'গান্ধী' পৰিয়ালৰ লোককে বিচাৰে বুলি বহুতে  ধাৰণা কৰিছে। এইক্ষেত্ৰত  প্ৰিয়ংকা দৌৰত আগবাঢ়ি আছে বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা  এ কে এণ্টনিয়েও তেনে ইংগিত দিছে।  ৰায়বৰেলী কংগ্ৰেছৰ দুৰ্গ  বুলি জনাৰ পিছতো বিজেপিয়ে কিয় গান্ধী পৰিয়ালৰে বৰুণ গান্ধীক ৰায়বৰেলীৰ পৰা প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিছে সেয়া বহুতৰে বাবে এক সাঁথৰ হৈ পৰিছে। ভায়ে ভায়ে কাজিয়া লগোৱাৰ বাবেই বিজেপিয়ে এনে প্ৰস্তাৱ দিয়া নাইতো বুলি বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু