--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ  ৰায়বৰেলী গান্ধী পৰিয়ালৰ দুৰ্গ  হিচাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধীয়ে   ৰায়বৰেলী সমষ্টিৰ  পৰা  পাঁচ লাখৰো অধিক ভোট  লাভ কৰি জয়ী হৈছিল। এতিয়া গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ  ৰায়বৰেলীত গান্ধী পৰিয়ালৰ মাজতে প্ৰতিদ্বন্দ্বিতাৰ পৰিবেশ ৰচনা কৰিবলৈ সষ্টম হৈ পৰিছে বিজেপি । সেইবাবেই ৰাহুল গান্ধীৰ সম্পৰ্কীয় ভাতৃ বৰুণ গান্ধীক উক্ত সমষ্টিৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে।    কিন্তু এসপ্তাহৰ চিন্তা-চৰ্চাৰ পিছত বৰুণ গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰা  যুঁজিবলৈ দলৰ প্ৰস্তাৱ নাকচ কৰিছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে দাবী কৰা অনুসৰি বিজেপিয়ে  প্ৰস্তাৱটো দিয়াৰ পিছত বৰুণ গান্ধীয়ে এসপ্তাহধৰি প্ৰস্তাৱটো "বিবেচনা" কৰি আছিল।কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে।  বৰুণ গান্ধীক  এইবেলি বিজেপিয়ে  পিলিভিট আসনত টিকট দিয়া নাই। অথচ পিলভিটৰ পৰা বৰুণ গান্ধীয়ে বিজয়ী হৈ আহিছিল। 

  পিলিভিটৰ সলনি বৰুণ গান্ধীক ৰায়বৰেলীৰ পৰা বিজেপিয়ে টিকট দিব বিচৰাৰ কথাই ঘৰৰ ভিতৰতে কাজিয়া লগাবলৈ গেৰুৱা বাহিনীয়ে চেষ্টা চলোৱা বুলি বহুতে আলোচনা কৰিছে। বৰুণ গান্ধীয়ে হয়তো ঘৰৰ মানুহৰ বিৰুদ্ধে ৰণত নামিবলৈ ইচ্ছা নথকাৰ বাবেই বিজেপিৰ সেই প্ৰস্তাৱ মানি লোৱা নাই বুলি বহুতে ধাৰণা কৰিছে। এইক্ষেত্ৰত  বৰুণে  সন্মতি দিব বুলি  বিজেপি আশাবাদী হোৱাৰ এটা কাৰণ হয়তো আছিল যে তেওঁৰ মাতৃ মানেকা গান্ধীয়ে ১৯৮৪ চনৰ নিৰ্বাচনত প্ৰিয়ংকা গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীৰ বিৰুদ্ধে যুঁজ দিছিল। প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে একেৰাহে চাৰিবাৰ দখল কৰিছিল  ৰায়বৰেলী।  এইবাৰ ছোনিয়াই ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাবে  সেই আসনত কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব তাকেলৈ আলোচনা হৈ আছে।  

যদিও কংগ্ৰেছে আমেঠি বা ৰায়বৰেলীৰ প্ৰাৰ্থীৰ নাম  ঘোষণা কৰা নাই, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শেহতীয়া এক সাক্ষাৎকাৰত দাবী কৰিছে যে দুয়োখন আসনৰ বাবে "আচৰিত" কিবা এটা ঘোষণা কৰা হ'ব পাৰে। ছোনিয়াৰ পূৰ্বে  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিনিবাৰ ৰায়বৰেলীৰ পৰা জয়ী হৈছিল। আসনখনৰ পৰা  ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীও দুবাৰকৈ নিৰ্বাচিত হৈছিল। সেয়েহে, কংগ্ৰেছে এই পাৰিবাৰিক দুৰ্গৰ পৰা প্ৰতিদ্বন্দ্বিতা  কৰিবলৈ এজন 'গান্ধী' পৰিয়ালৰ লোককে বিচাৰে বুলি বহুতে  ধাৰণা কৰিছে। এইক্ষেত্ৰত  প্ৰিয়ংকা দৌৰত আগবাঢ়ি আছে বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা  এ কে এণ্টনিয়েও তেনে ইংগিত দিছে।  ৰায়বৰেলী কংগ্ৰেছৰ দুৰ্গ  বুলি জনাৰ পিছতো বিজেপিয়ে কিয় গান্ধী পৰিয়ালৰে বৰুণ গান্ধীক ৰায়বৰেলীৰ পৰা প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিছে সেয়া বহুতৰে বাবে এক সাঁথৰ হৈ পৰিছে। ভায়ে ভায়ে কাজিয়া লগোৱাৰ বাবেই বিজেপিয়ে এনে প্ৰস্তাৱ দিয়া নাইতো বুলি বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ