--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙা চীনে ভাৰতৰ বহু ভূমিক নিজৰ বুলি দাবী কৰি আহিছে। ইয়াৰ মাজতে  পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনৰ ওপৰতো এতিয়া চকু পৰিছে চীনৰ। কৃত্ৰিম  উপগ্ৰহ ছবিত  ধৰা পৰিছে চীনৰ সেনাৰ গতিবিধি। উপগ্ৰহৰ ছবিত ধৰা পৰা অনুসৰি  চিয়াচেনৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত এটা পথ নিৰ্মাণ কৰি আছে চীনে।

 ফলস্বৰূপেভাৰতৰ নিৰাপত্তাক লৈ  পুনৰ প্ৰশ্ন উত্থাপন হৈছে। এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ  মতে ভাৰতে এই পথনিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা উচিত। ইউৰোপীয় মহাকাশ সংস্থাই শেহতীয়াকৈ  উপগ্ৰহৰ ছবি মুকলি কৰিছে। সেই ছবিয়ে  দেখুৱাইছে যে চীনে পাকিস্তান অধিকৃত কাশ্মীৰৰ শাকচগাম অঞ্চলত এটা পথ নিৰ্মাণ কৰি আছে। ১৯৬৩ চনত পাকিস্তানে অঞ্চলটো চীনক হস্তান্তৰ কৰিছিল। তেতিয়াৰে পৰা বেইজিঙে সেই ঠাইত এটাৰ পিছত এটা আন্তঃগাঁথনি নিৰ্মাণ কৰি গৈছে। এতিয়া অঞ্চলটো চীনা ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা লগ লগোৱা  হ'ব  বুলি ধাৰণা কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো পাহাৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ'ব। উপগ্ৰহ ছবিবোৰ যোৱা বছৰৰ জুন আৰু আগষ্ট মাহত তোলা হৈছিল। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মাৰ্চ মাহৰ  পৰা দুবাৰ চিয়াচেন ভ্ৰমণ কৰিছে। এনে সময়তে  চিয়াচেনৰ গা ঘঁহাই  নিৰ্মাণ কৰা চীনৰ  পথটোৰ সন্ধান  পোৱা গৈছে। ইয়াৰ পিছতে সেনাৰ  লেফটেনেণ্ট ৰাকেশ শৰ্মাই এই বিষয়ত সংশ্লিষ্ট সকলোকে সজাগ কৰি দিছে। । তেওঁ ভাৰতীয় সেনাৰ অগ্নি বাহিনীৰ সদস্য আছিল। বাহিনীটো পূৱ লাডাখ, কাৰ্গিল আৰু চিয়াচেন হিমবাহ অঞ্চলত মোতায়েন কৰা হৈছে। ৰাকেশে কয়, "এনেধৰণৰ পথ নিৰ্মাণ সম্পূৰ্ণৰূপে অবৈধ। ভাৰতে চীনৰ ওচৰত এই বিষয়ত কূটনৈতিক প্ৰতিবাদ কৰা উচিত।"

চীনে চিয়াচেনৰ ওচৰত কিয়  পথ নিৰ্মাণ কৰি আছে? বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই পথটো পাকিস্তানৰ পৰা চীনলৈ ইউৰেনিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ পৰিবহন কৰিবলৈ নিৰ্মাণ কৰা হৈছে। অৱশ্যে, বিশেষজ্ঞসকলে আশংকা কৰিছে যে পাকিস্তান-চীনৰ সৈন্যয়ো এই পথেৰে ভ্ৰমণ কৰিব পাৰে। ফলত ভাৰতৰ নিৰাপত্তাকলৈ  প্ৰশ্নৰ উত্থাপন হ'ব।  কেইদিনমান আগতে ৰাজনাথ সিঙে চিয়াচেনৰ প্ৰসংগত   'শত্ৰু' দেশক সতৰ্ক কৰি দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু