--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙা চীনে ভাৰতৰ বহু ভূমিক নিজৰ বুলি দাবী কৰি আহিছে। ইয়াৰ মাজতে  পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনৰ ওপৰতো এতিয়া চকু পৰিছে চীনৰ। কৃত্ৰিম  উপগ্ৰহ ছবিত  ধৰা পৰিছে চীনৰ সেনাৰ গতিবিধি। উপগ্ৰহৰ ছবিত ধৰা পৰা অনুসৰি  চিয়াচেনৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত এটা পথ নিৰ্মাণ কৰি আছে চীনে।

 ফলস্বৰূপেভাৰতৰ নিৰাপত্তাক লৈ  পুনৰ প্ৰশ্ন উত্থাপন হৈছে। এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ  মতে ভাৰতে এই পথনিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা উচিত। ইউৰোপীয় মহাকাশ সংস্থাই শেহতীয়াকৈ  উপগ্ৰহৰ ছবি মুকলি কৰিছে। সেই ছবিয়ে  দেখুৱাইছে যে চীনে পাকিস্তান অধিকৃত কাশ্মীৰৰ শাকচগাম অঞ্চলত এটা পথ নিৰ্মাণ কৰি আছে। ১৯৬৩ চনত পাকিস্তানে অঞ্চলটো চীনক হস্তান্তৰ কৰিছিল। তেতিয়াৰে পৰা বেইজিঙে সেই ঠাইত এটাৰ পিছত এটা আন্তঃগাঁথনি নিৰ্মাণ কৰি গৈছে। এতিয়া অঞ্চলটো চীনা ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা লগ লগোৱা  হ'ব  বুলি ধাৰণা কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো পাহাৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ'ব। উপগ্ৰহ ছবিবোৰ যোৱা বছৰৰ জুন আৰু আগষ্ট মাহত তোলা হৈছিল। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মাৰ্চ মাহৰ  পৰা দুবাৰ চিয়াচেন ভ্ৰমণ কৰিছে। এনে সময়তে  চিয়াচেনৰ গা ঘঁহাই  নিৰ্মাণ কৰা চীনৰ  পথটোৰ সন্ধান  পোৱা গৈছে। ইয়াৰ পিছতে সেনাৰ  লেফটেনেণ্ট ৰাকেশ শৰ্মাই এই বিষয়ত সংশ্লিষ্ট সকলোকে সজাগ কৰি দিছে। । তেওঁ ভাৰতীয় সেনাৰ অগ্নি বাহিনীৰ সদস্য আছিল। বাহিনীটো পূৱ লাডাখ, কাৰ্গিল আৰু চিয়াচেন হিমবাহ অঞ্চলত মোতায়েন কৰা হৈছে। ৰাকেশে কয়, "এনেধৰণৰ পথ নিৰ্মাণ সম্পূৰ্ণৰূপে অবৈধ। ভাৰতে চীনৰ ওচৰত এই বিষয়ত কূটনৈতিক প্ৰতিবাদ কৰা উচিত।"

চীনে চিয়াচেনৰ ওচৰত কিয়  পথ নিৰ্মাণ কৰি আছে? বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই পথটো পাকিস্তানৰ পৰা চীনলৈ ইউৰেনিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ পৰিবহন কৰিবলৈ নিৰ্মাণ কৰা হৈছে। অৱশ্যে, বিশেষজ্ঞসকলে আশংকা কৰিছে যে পাকিস্তান-চীনৰ সৈন্যয়ো এই পথেৰে ভ্ৰমণ কৰিব পাৰে। ফলত ভাৰতৰ নিৰাপত্তাকলৈ  প্ৰশ্নৰ উত্থাপন হ'ব।  কেইদিনমান আগতে ৰাজনাথ সিঙে চিয়াচেনৰ প্ৰসংগত   'শত্ৰু' দেশক সতৰ্ক কৰি দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement