--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত দূৰ্দান্ত বিজয় সাব্যষ্ট কৰাৰ পাছতে ৰাহুল গান্ধীক ভূয়সী প্ৰশংসা কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানে। গান্ধীক অভিনন্দন জনাই ছুপাৰষ্টাৰগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ পথেই ৰাহুলে আঁকোৱালি লৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজনীতিৰ পথাৰতো কমল হাছানে খোজ পেলাইছে। ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা’তো অংশগ্ৰহণ কৰিছিল অভিনেতাজনে।

কৰ্ণাটকত কংগ্ৰেছে বিজয়সাব্যষ্ট কৰাৰ পাছতে 'ভাৰত জোড়ো যাত্ৰা’ক প্ৰশংসা কৰি কমল হাছানে কয় যে এই যাত্ৰাৰ জৰিয়তে ৰাহুল গান্ধীয়ে দেশৰ জনসাধাৰণৰ হৃদয়ত সোমাই পৰিছিল। লগতে দেখুৱাইছিল যে প্ৰেম আৰু নম্ৰতাৰ জৰিয়তে পৃথিৱীৰ ক্ষমতাশালীসকলক জোকাৰি যাব পাৰি।

হাছানে টুইটাৰত কয়- ''গান্ধীজীৰ দৰেই আপুনিও জনসাধাৰণৰ হৃদয়ত সোমাই পৰিল আৰু তেওঁৰ দৰেই আপুনি প্ৰদৰ্শন কৰিলে যে আপোনাৰ প্ৰেম, মানৱীয়তা আৰু নম্ৰ কৌশলেৰে আপুনি পৃথিৱীৰ ক্ষমতাশালীসকলক জোকাৰি যাব পাৰে। জনসাধাৰণৰ বাবে এয়া এক বিশুদ্ধ বতাহৰ উশাহ।’’

“আপুনি কৰ্ণাটকৰ জনসাধাৰণক সাম্প্ৰদায়িক বিভাজনক প্ৰত্যাখ্যান কৰিবলৈ কৈছিল, তেওঁলোকেও আপোনাৰ ওপৰত বিশ্বাস ৰাখি ঐক্যবদ্ধভাৱে প্ৰত্যাখ্যান কৰে। কেৱল বিজয়ৰ বাবেই নহয়, বিজয়ৰ ধৰণৰ বাবেও অভিনন্দন!”- কমল হাছানে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস