--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত দূৰ্দান্ত বিজয় সাব্যষ্ট কৰাৰ পাছতে ৰাহুল গান্ধীক ভূয়সী প্ৰশংসা কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানে। গান্ধীক অভিনন্দন জনাই ছুপাৰষ্টাৰগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ পথেই ৰাহুলে আঁকোৱালি লৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজনীতিৰ পথাৰতো কমল হাছানে খোজ পেলাইছে। ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা’তো অংশগ্ৰহণ কৰিছিল অভিনেতাজনে।

কৰ্ণাটকত কংগ্ৰেছে বিজয়সাব্যষ্ট কৰাৰ পাছতে 'ভাৰত জোড়ো যাত্ৰা’ক প্ৰশংসা কৰি কমল হাছানে কয় যে এই যাত্ৰাৰ জৰিয়তে ৰাহুল গান্ধীয়ে দেশৰ জনসাধাৰণৰ হৃদয়ত সোমাই পৰিছিল। লগতে দেখুৱাইছিল যে প্ৰেম আৰু নম্ৰতাৰ জৰিয়তে পৃথিৱীৰ ক্ষমতাশালীসকলক জোকাৰি যাব পাৰি।

হাছানে টুইটাৰত কয়- ''গান্ধীজীৰ দৰেই আপুনিও জনসাধাৰণৰ হৃদয়ত সোমাই পৰিল আৰু তেওঁৰ দৰেই আপুনি প্ৰদৰ্শন কৰিলে যে আপোনাৰ প্ৰেম, মানৱীয়তা আৰু নম্ৰ কৌশলেৰে আপুনি পৃথিৱীৰ ক্ষমতাশালীসকলক জোকাৰি যাব পাৰে। জনসাধাৰণৰ বাবে এয়া এক বিশুদ্ধ বতাহৰ উশাহ।’’

“আপুনি কৰ্ণাটকৰ জনসাধাৰণক সাম্প্ৰদায়িক বিভাজনক প্ৰত্যাখ্যান কৰিবলৈ কৈছিল, তেওঁলোকেও আপোনাৰ ওপৰত বিশ্বাস ৰাখি ঐক্যবদ্ধভাৱে প্ৰত্যাখ্যান কৰে। কেৱল বিজয়ৰ বাবেই নহয়, বিজয়ৰ ধৰণৰ বাবেও অভিনন্দন!”- কমল হাছানে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ