--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিমবংগত ধুমধামেৰে পালন কৰা হৈছে দুৰ্গা পূজা। ৰাজধানী কলকাতাৰ বিভিন্ন স্থানত দুৰ্গা পূজা পেণ্ডেল স্থাপন কৰা হৈছে। কিন্তু দক্ষিণ-পূব কলকাতাৰ এটা ঠাইত স্থাপন কৰা মা দুৰ্গাৰ প্ৰতিমূৰ্তিয়ে দেওবাৰে জাতিৰ পিতা গৰাকীৰ জন্ম জয়ন্তীত এক বিতৰ্কৰ সৃষ্টি কৰে। য'ত দুৰ্গাৰ মূৰ্তিৰ সৈতে জাতিৰ পিতা মহাত্মা গান্ধীক মহিষাসুৰৰ ৰূপত দেখুওৱা হৈছে। দুৰ্গা মূৰ্তিৰ এই বিতৰ্কিত ছবিখন এজন সাংবাদিকে টুইট কৰিছিল যদিও পাছত পোষ্টটো ডিলিট কৰিছিল। মহোৎসৱৰ সময়ত উত্তেজনাৰ সৃষ্টি হ’ব পাৰে বুলি আৰক্ষীয়ে তেওঁক পোষ্টটো আঁতৰাবলৈ অনুৰোধ জনায় বুলি উল্লেখ কৰে সাংবাদিক গৰাকীয়ে।

২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীক অখিল ভাৰত হিন্দু মহাসভাই ‘কলা দিৱস’ হিচাপে পালন কৰে। পশ্চিমবংগৰ অখিল ভাৰত হিন্দু মহাসভাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি চন্দ্ৰচুদ গোস্বামীয়ে ব্যক্তিগত সংবাদ মাধ্যমৰ আগত কয় যে যিহেতু মহাত্মা গান্ধীৰ জন্মদিন দুৰ্গা পূজাৰ দিনা পৰে, সেয়ে তেওঁলোকে গান্ধীক মহিষাসুৰ হিচাপে ৰখাৰ সিদ্ধান্ত লৈছে।

অল্ট নিউজৰ জ্যেষ্ঠ সম্পাদক ইন্দ্ৰদীপ ভট্টাচাৰ্যই তেওঁৰ শেহতীয়া পোষ্টত কয় যে "@কলকাতা আৰক্ষীৰ চাইবাৰ চেল @DCCyberKP এ মোক অনুৰোধ কৰিছে যে কলকাতাৰ এটা বিশেষ পূজা পাণ্ডেলৰ ছবিখনৰ সৈতে জড়িত মোৰ টুইটটো ডিলিট কৰক কাৰণ তেওঁলোকে ভাবে যে ই এক উৎসৱ উদযাপনৰ মাজত এই পোষ্টটোৱে উত্তেজনা সৃষ্টি কৰিব।"

তেওঁ কয় যে এজন আৰক্ষী বিষয়াই তেওঁক বিষয়টোৰ তদন্ত অব্যাহত থকাৰ কথা জনাইছিল। একে সময়তে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ দৰে ৰাজনৈতিক দলে গান্ধীক মহিষাসুৰ ৰূপে চিত্ৰিত কৰাৰ অভিযোগক গৰিহণা দিয়ে। শাসকীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ কুনাল ঘোষে কয় যে যদি এইয়া বাস্তবত কৰা হয় তেন্তে সেয়া অভ্ৰদতাৰ বাহিৰে আন একো নহয়।

ঘোষে কয় যে, "এয়া জাতিৰ পিতাৰ অপমান । দেশৰ প্ৰতিজন নাগৰিকৰে অপমান এইয়া। এনে অপমানক লৈ বিজেপিয়ে কি ক'ব? গান্ধীজীৰ হত্যাকাৰী কোনটো মতাদৰ্শগত শিবিৰৰ পৰা আছিল আমি জানো।" অৱশ্যে পশ্চিমবংগৰ বিজেপিয়েও এনে কাৰ্যৰ গৰিহণা দিছে।

বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে সাংবাদিকৰ আগত কয় যে "যদি এনে পদক্ষেপ লোৱা হৈছে তেন্তে সেয়া দুৰ্ভাগ্যজনক। আমি ইয়াক গৰিহণা দিছো। ই অভদ্ৰ আৰু অপমানজনক।"

মন কৰিবলগীয়া যে প্ৰতি বছৰে বিভিন্ন পূজা আয়োজকে এটা থিম বাছি লয়। ই মূলতঃ সামাজিক বিষয়ৰে গঠিত আৰু ইয়াক প্ৰদৰ্শন কৰিবলৈ পেণ্ডেল, মূৰ্তি আৰু পোহৰৰ ব্যৱহাৰ কৰা হয়।কিন্তু দক্ষিণ-পূব কলকাতাৰ স্থাপন কৰা মা দুৰ্গাৰ প্ৰতিমূৰ্তি আৰু জাতিৰ পিতা মহাত্মা গান্ধীক কৰা এই অপমান সচাকৈয়ে গৰিহণামূলক ।‌








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক