--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিমবংগত ধুমধামেৰে পালন কৰা হৈছে দুৰ্গা পূজা। ৰাজধানী কলকাতাৰ বিভিন্ন স্থানত দুৰ্গা পূজা পেণ্ডেল স্থাপন কৰা হৈছে। কিন্তু দক্ষিণ-পূব কলকাতাৰ এটা ঠাইত স্থাপন কৰা মা দুৰ্গাৰ প্ৰতিমূৰ্তিয়ে দেওবাৰে জাতিৰ পিতা গৰাকীৰ জন্ম জয়ন্তীত এক বিতৰ্কৰ সৃষ্টি কৰে। য'ত দুৰ্গাৰ মূৰ্তিৰ সৈতে জাতিৰ পিতা মহাত্মা গান্ধীক মহিষাসুৰৰ ৰূপত দেখুওৱা হৈছে। দুৰ্গা মূৰ্তিৰ এই বিতৰ্কিত ছবিখন এজন সাংবাদিকে টুইট কৰিছিল যদিও পাছত পোষ্টটো ডিলিট কৰিছিল। মহোৎসৱৰ সময়ত উত্তেজনাৰ সৃষ্টি হ’ব পাৰে বুলি আৰক্ষীয়ে তেওঁক পোষ্টটো আঁতৰাবলৈ অনুৰোধ জনায় বুলি উল্লেখ কৰে সাংবাদিক গৰাকীয়ে।

২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীক অখিল ভাৰত হিন্দু মহাসভাই ‘কলা দিৱস’ হিচাপে পালন কৰে। পশ্চিমবংগৰ অখিল ভাৰত হিন্দু মহাসভাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি চন্দ্ৰচুদ গোস্বামীয়ে ব্যক্তিগত সংবাদ মাধ্যমৰ আগত কয় যে যিহেতু মহাত্মা গান্ধীৰ জন্মদিন দুৰ্গা পূজাৰ দিনা পৰে, সেয়ে তেওঁলোকে গান্ধীক মহিষাসুৰ হিচাপে ৰখাৰ সিদ্ধান্ত লৈছে।

অল্ট নিউজৰ জ্যেষ্ঠ সম্পাদক ইন্দ্ৰদীপ ভট্টাচাৰ্যই তেওঁৰ শেহতীয়া পোষ্টত কয় যে "@কলকাতা আৰক্ষীৰ চাইবাৰ চেল @DCCyberKP এ মোক অনুৰোধ কৰিছে যে কলকাতাৰ এটা বিশেষ পূজা পাণ্ডেলৰ ছবিখনৰ সৈতে জড়িত মোৰ টুইটটো ডিলিট কৰক কাৰণ তেওঁলোকে ভাবে যে ই এক উৎসৱ উদযাপনৰ মাজত এই পোষ্টটোৱে উত্তেজনা সৃষ্টি কৰিব।"

তেওঁ কয় যে এজন আৰক্ষী বিষয়াই তেওঁক বিষয়টোৰ তদন্ত অব্যাহত থকাৰ কথা জনাইছিল। একে সময়তে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ দৰে ৰাজনৈতিক দলে গান্ধীক মহিষাসুৰ ৰূপে চিত্ৰিত কৰাৰ অভিযোগক গৰিহণা দিয়ে। শাসকীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ কুনাল ঘোষে কয় যে যদি এইয়া বাস্তবত কৰা হয় তেন্তে সেয়া অভ্ৰদতাৰ বাহিৰে আন একো নহয়।

ঘোষে কয় যে, "এয়া জাতিৰ পিতাৰ অপমান । দেশৰ প্ৰতিজন নাগৰিকৰে অপমান এইয়া। এনে অপমানক লৈ বিজেপিয়ে কি ক'ব? গান্ধীজীৰ হত্যাকাৰী কোনটো মতাদৰ্শগত শিবিৰৰ পৰা আছিল আমি জানো।" অৱশ্যে পশ্চিমবংগৰ বিজেপিয়েও এনে কাৰ্যৰ গৰিহণা দিছে।

বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে সাংবাদিকৰ আগত কয় যে "যদি এনে পদক্ষেপ লোৱা হৈছে তেন্তে সেয়া দুৰ্ভাগ্যজনক। আমি ইয়াক গৰিহণা দিছো। ই অভদ্ৰ আৰু অপমানজনক।"

মন কৰিবলগীয়া যে প্ৰতি বছৰে বিভিন্ন পূজা আয়োজকে এটা থিম বাছি লয়। ই মূলতঃ সামাজিক বিষয়ৰে গঠিত আৰু ইয়াক প্ৰদৰ্শন কৰিবলৈ পেণ্ডেল, মূৰ্তি আৰু পোহৰৰ ব্যৱহাৰ কৰা হয়।কিন্তু দক্ষিণ-পূব কলকাতাৰ স্থাপন কৰা মা দুৰ্গাৰ প্ৰতিমূৰ্তি আৰু জাতিৰ পিতা মহাত্মা গান্ধীক কৰা এই অপমান সচাকৈয়ে গৰিহণামূলক ।‌








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু