--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেও চিনি পায় পুৰুষ মহিলা! মহেৰে ভৰা পৰিবেশ এটাত যদি পুৰুষ–মহিলা একেলগে থাকে তেন্তে কাক বেছি মহে কামুৰিবোৰিব? মহে কাৰ তেজ বেছি ভাল পায়? পুৰুষ নে মহিলাৰ? আপুনিও জানি আচৰিত হ’ব। এই সন্দৰ্ভত এক অধ্যয়ন কৰা হৈছে। এই অধ্যয়নৰ প্ৰতিবেদনত প্ৰকাশ পাইছে মহে কাক বেছিকৈ কামুৰে।

পূৰ্বৰ এক গৱেষণা মতে গৰ্ভৱতী আৰু অগৰ্ভৱতী মহিলাৰ মাজত মহে গৰ্ভৱতী মহিলাৰ তেজ বেছিকৈ পছন্দ কৰে। গতিকে গৰ্ভৱতী মহিলাই মহৰ কামোৰ বেছিকৈ খাব লগা হয়। কিন্তু নাৰী আৰু পুৰুষৰ মাজত?

এই ক্ষেত্ৰত পূৰ্বতে ভবা হৈছিল যে মহিলাসকলে মহৰ কামোৰ বেছিকৈ খাব লাগে। ইয়াৰ কাৰণ হ’ল মহিলাৰ ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণ। যিহেতু মহিলাৰ শৰীৰত এই বিশেষ হৰম’নৰ মাত্ৰা বেছি, সেয়েহে তেওঁলোকৰ শৰীৰৰ পৰা এক বিশেষ গোন্ধ ওলায়। সেই গোন্ধটো পচন্দ কৰাৰ বাবেই মহিলাক বেছিকৈ মহে কামুৰে।

কিন্তু শেহতীয়া অধ্যয়নে ইয়াৰ বিপৰীত কথাহে প্ৰকাশ কৰিছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষকহে মহে বেছিকৈ কামুৰে। কিন্তু ইয়াৰ কাৰণ তেজৰ বৈশিষ্ট্য নহয়। ইয়াৰ কাৰণ হৈছে পুৰুষৰ গড় আকাৰ মহিলাতকৈ বেছি।

পুৰুষৰ শৰীৰৰ আকাৰ ডাঙৰ হোৱাৰ বাবে পুৰুষৰ শৰীৰৰ ছালো বেছি হয়। ফলত ছালৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাও অধিক হয়। সেইবাবেই পুৰুষক মহে বেছিকৈ কামুৰে। শেহতীয়া গৱেষণাই এই কথাই প্ৰমাণিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত