--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেও চিনি পায় পুৰুষ মহিলা! মহেৰে ভৰা পৰিবেশ এটাত যদি পুৰুষ–মহিলা একেলগে থাকে তেন্তে কাক বেছি মহে কামুৰিবোৰিব? মহে কাৰ তেজ বেছি ভাল পায়? পুৰুষ নে মহিলাৰ? আপুনিও জানি আচৰিত হ’ব। এই সন্দৰ্ভত এক অধ্যয়ন কৰা হৈছে। এই অধ্যয়নৰ প্ৰতিবেদনত প্ৰকাশ পাইছে মহে কাক বেছিকৈ কামুৰে।

পূৰ্বৰ এক গৱেষণা মতে গৰ্ভৱতী আৰু অগৰ্ভৱতী মহিলাৰ মাজত মহে গৰ্ভৱতী মহিলাৰ তেজ বেছিকৈ পছন্দ কৰে। গতিকে গৰ্ভৱতী মহিলাই মহৰ কামোৰ বেছিকৈ খাব লগা হয়। কিন্তু নাৰী আৰু পুৰুষৰ মাজত?

এই ক্ষেত্ৰত পূৰ্বতে ভবা হৈছিল যে মহিলাসকলে মহৰ কামোৰ বেছিকৈ খাব লাগে। ইয়াৰ কাৰণ হ’ল মহিলাৰ ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণ। যিহেতু মহিলাৰ শৰীৰত এই বিশেষ হৰম’নৰ মাত্ৰা বেছি, সেয়েহে তেওঁলোকৰ শৰীৰৰ পৰা এক বিশেষ গোন্ধ ওলায়। সেই গোন্ধটো পচন্দ কৰাৰ বাবেই মহিলাক বেছিকৈ মহে কামুৰে।

কিন্তু শেহতীয়া অধ্যয়নে ইয়াৰ বিপৰীত কথাহে প্ৰকাশ কৰিছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষকহে মহে বেছিকৈ কামুৰে। কিন্তু ইয়াৰ কাৰণ তেজৰ বৈশিষ্ট্য নহয়। ইয়াৰ কাৰণ হৈছে পুৰুষৰ গড় আকাৰ মহিলাতকৈ বেছি।

পুৰুষৰ শৰীৰৰ আকাৰ ডাঙৰ হোৱাৰ বাবে পুৰুষৰ শৰীৰৰ ছালো বেছি হয়। ফলত ছালৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাও অধিক হয়। সেইবাবেই পুৰুষক মহে বেছিকৈ কামুৰে। শেহতীয়া গৱেষণাই এই কথাই প্ৰমাণিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক