--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভাৰতীয় সংগীতজগতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী আশা ভোশলেৰ জন্মদিন। আজি ৮৯ বছৰত ভৰি দিলে আশা ভোশলেই। ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ ছাংগলীত জন্মগ্ৰহণ কৰা আশাই ভাৰতবাসীক উপহাৰ দিছে বহুতো সুমধুৰ গীত। বহু কম লোকেহে জানে যে আশা ভোশলে এগৰাকী জনপ্ৰিয় গায়িকাৰ সমান্তৰালকৈ এগৰাকী পাকৈত ৰান্ধনীও হয়। 

হিন্দী চিনেমাৰ কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ ভগ্নী আশা ভোশলেৰ জীৱনত বহু উত্থান-পতন হৈছিল। তেওঁৰ শৈশৱ বৰ সুখ নাছিল। কণ্ঠশিল্পী হিচাবে নিজৰ স্থান বনোৱাটো আশাৰ বাবে সহজ নাছিল কিন্তু নিজৰ প্ৰতিভা আৰু দক্ষতাৰে তেওঁ সেই স্থান দখল কৰিছিল যত আজি তেওঁ অৱস্থান কৰিছে। আপুনি জানেনে যে আশাই জীৱনত এগৰাকী গায়িকা নোহোৱা হলে কুক হিচাপে নিজৰ কেৰিয়াৰ গঢ়িলেহেঁতেন।

আশা ভোশলেৰ কণ্ঠ যেনেদৰে মায়াসনা ঠিক তেনেদৰে তেওঁৰ হাতৰ ৰন্ধা খাদ্যও কোনো গুণে কম নহয়। ৰন্ধা-বঢ়াৰ প্ৰতি বৰকৈ আগ্ৰহী আশা ভোশলে। বহু চেলিব্ৰিটিয়ে তেওঁৰ হাতেৰে ৰন্ধা কঢ়াই মাংস আৰু বিৰিয়ানী খাই ভাল পায়। এটা সাক্ষাৎকাৰত আশাই নিজেই কৈছিল যে তেওঁ গায়িকা নোহোৱা হ’লে তেওঁ নিশ্চিতকৈ এগৰাকী চেফ হ’লহেঁতেন। আশা ভোশলেই গানৰ বাবে দাদাচাহেব ফালকে বঁটা, পদ্ম বিভূষণৰ দৰে সন্মানীয় বঁটা লাভ কৰিছে। গানৰ সমানে সমানে তেওঁ ৰন্ধন-প্ৰকৰণৰ প্ৰতিও গুৰুত্ব আৰোপ কৰি আহিছে। 

আশা ভোশলে বহুকেইখন ৰেঁস্তোৰাৰ মালিক। তেওঁৰ ৰেঁস্তোৰাৰ চেইন আছে। কিংবদন্তি গায়িকাগৰাকীয়ে ‘আশা'জ’ নামেৰে ডুবাই আৰু কুৱেইটত ৰেঁস্তোৰা চলাই আছে। ইয়াৰ উপৰিও আবুধাবি, দোহা, বাহৰেইনতো তেওঁৰ ৰেঁস্তোৰা আছে। এই ৰেঁস্তোৰাবোৰত বিশেষভাৱে ভাৰতীয় খাদ্য পৰিবেশন কৰা হয়। কেৱল এয়াই নহয় আশাই নিজেই এই ৰেঁস্তোৰাবোৰৰ চেফ সকলক প্ৰশিক্ষণ দিয়ে। আশাৰ ৰেঁস্তোৰাৰ কাহিনী কেৱল ইয়াতেই শেষ নহয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰান্ধনী ৰাছেল স্কটে ব্ৰিটেইনৰ বাবে ক্ৰয় কৰিছে আশা ব্ৰেণ্ডৰ স্বত্ব। ইয়াৰ অধীনত আশা নামেৰে প্ৰায় ৪০ খন ৰেঁস্তোৰা খোলাৰ পৰিকল্পনা কৰা হৈছে, যিটোৰ কাম চলি আছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু