--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভাৰতীয় সংগীতজগতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী আশা ভোশলেৰ জন্মদিন। আজি ৮৯ বছৰত ভৰি দিলে আশা ভোশলেই। ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ ছাংগলীত জন্মগ্ৰহণ কৰা আশাই ভাৰতবাসীক উপহাৰ দিছে বহুতো সুমধুৰ গীত। বহু কম লোকেহে জানে যে আশা ভোশলে এগৰাকী জনপ্ৰিয় গায়িকাৰ সমান্তৰালকৈ এগৰাকী পাকৈত ৰান্ধনীও হয়। 

হিন্দী চিনেমাৰ কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ ভগ্নী আশা ভোশলেৰ জীৱনত বহু উত্থান-পতন হৈছিল। তেওঁৰ শৈশৱ বৰ সুখ নাছিল। কণ্ঠশিল্পী হিচাবে নিজৰ স্থান বনোৱাটো আশাৰ বাবে সহজ নাছিল কিন্তু নিজৰ প্ৰতিভা আৰু দক্ষতাৰে তেওঁ সেই স্থান দখল কৰিছিল যত আজি তেওঁ অৱস্থান কৰিছে। আপুনি জানেনে যে আশাই জীৱনত এগৰাকী গায়িকা নোহোৱা হলে কুক হিচাপে নিজৰ কেৰিয়াৰ গঢ়িলেহেঁতেন।

আশা ভোশলেৰ কণ্ঠ যেনেদৰে মায়াসনা ঠিক তেনেদৰে তেওঁৰ হাতৰ ৰন্ধা খাদ্যও কোনো গুণে কম নহয়। ৰন্ধা-বঢ়াৰ প্ৰতি বৰকৈ আগ্ৰহী আশা ভোশলে। বহু চেলিব্ৰিটিয়ে তেওঁৰ হাতেৰে ৰন্ধা কঢ়াই মাংস আৰু বিৰিয়ানী খাই ভাল পায়। এটা সাক্ষাৎকাৰত আশাই নিজেই কৈছিল যে তেওঁ গায়িকা নোহোৱা হ’লে তেওঁ নিশ্চিতকৈ এগৰাকী চেফ হ’লহেঁতেন। আশা ভোশলেই গানৰ বাবে দাদাচাহেব ফালকে বঁটা, পদ্ম বিভূষণৰ দৰে সন্মানীয় বঁটা লাভ কৰিছে। গানৰ সমানে সমানে তেওঁ ৰন্ধন-প্ৰকৰণৰ প্ৰতিও গুৰুত্ব আৰোপ কৰি আহিছে। 

আশা ভোশলে বহুকেইখন ৰেঁস্তোৰাৰ মালিক। তেওঁৰ ৰেঁস্তোৰাৰ চেইন আছে। কিংবদন্তি গায়িকাগৰাকীয়ে ‘আশা'জ’ নামেৰে ডুবাই আৰু কুৱেইটত ৰেঁস্তোৰা চলাই আছে। ইয়াৰ উপৰিও আবুধাবি, দোহা, বাহৰেইনতো তেওঁৰ ৰেঁস্তোৰা আছে। এই ৰেঁস্তোৰাবোৰত বিশেষভাৱে ভাৰতীয় খাদ্য পৰিবেশন কৰা হয়। কেৱল এয়াই নহয় আশাই নিজেই এই ৰেঁস্তোৰাবোৰৰ চেফ সকলক প্ৰশিক্ষণ দিয়ে। আশাৰ ৰেঁস্তোৰাৰ কাহিনী কেৱল ইয়াতেই শেষ নহয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰান্ধনী ৰাছেল স্কটে ব্ৰিটেইনৰ বাবে ক্ৰয় কৰিছে আশা ব্ৰেণ্ডৰ স্বত্ব। ইয়াৰ অধীনত আশা নামেৰে প্ৰায় ৪০ খন ৰেঁস্তোৰা খোলাৰ পৰিকল্পনা কৰা হৈছে, যিটোৰ কাম চলি আছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী