--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছ ৰাজপৰিয়ালক লৈ  সাধাৰণ মানুহৰ কৌতূহলৰ শেষ নাই। বাকিংহাম পেলেছৰ ভিতৰত কিদৰে থাকে ৰাণী, কি খায় আদি কথাবোৰ সময়ত গৈ গৈ একোটা মন আকৰ্ষণ কৰা  কাহিনীৰ ৰূপ লয়। তেনে কাহিনীসমূহে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। বিশেষকৈ ৰাণী দ্বিতীয় এলিজাবেথৰ দৰে উজ্জ্বল ব্যক্তিত্বই যেন ব্ৰিটিছ ৰাজ পৰিয়ালৰ আন সদস্যতকৈ বহু বেছ পৰিমাণে সাদাৰণ মানুহৰ কাষ চাপিব পাৰিছে।

সেয়ে  ৰাণীৰ  চৰিত্ৰৰ ওপৰত আধাৰিত বহু চলচ্চিত্ৰ, টিভি শৃংখলা আছে। এনে  চলচ্চিত্ৰ, টিভি শৃংখলাত মুঠ  ছয়গৰাকী অভিনেত্ৰীয়ে ৰাণীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।


ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱনকলৈ ষ্টিফেন ফ্ৰেইৰৰ 'দ্য কুইন' ২০০৬ চনত মুক্তি পাইছিল। অভিনেত্ৰী হেলেন মিৰেনক এই ছবিখনত ৰাণী দ্বিতীয় এলিজাবেথৰ চৰিত্ৰত দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে ৰাণীৰ চৰিত্ৰৰ বাবে একাডেমী বঁটা আৰু ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। হেলেনে ৰাণী প্ৰথম এলিজাবেথৰ চৰিত্ৰতো অভিনয় কৰিছিল। ২০০৫ চনত তেওঁ টিভি শৃংখলা 'ফাৰ্ষ্ট এলিজাবেথ'ত অভিনয় কৰিছিল। হেলেন হৈছে একমাত্ৰ অভিনেত্ৰী যিয়ে দুগৰাকী  এলিজাবেথৰ চৰিত্ৰত অভিনয় কৰিছে। 


অভিনেত্ৰী ক্লেয়াৰ ফয়ক নেটফ্লিক্সৰ 'দ্য ক্ৰাউন' শৃংখলাত ৰাণী দ্বিতীয় এলিজাবেথৰ চৰিত্ৰত  দেখা গৈছিল। এনে অভিনয়ৰ বাবে   তেওঁক এমি বঁটাৰে সন্মানিত কৰা হৈছিল। অভিনেত্ৰী অলিভিয়া কলমেনক ২০১৯ ৰ পৰা ২০২০ চনলৈ এক টিভি শৃংখলাত ৰাণীৰ চৰিত্ৰত দেখা গৈছিল। তেওঁ ৰাণীৰ চৰিত্ৰৰ বাবে গোল্ডেন গ্লোৱ বঁটা লাভ কৰিছিল। অলিভিয়াই এমি বঁটাও লাভ কৰিছিল।

২০১২ চনত, অভিনেত্ৰী এমা থম্পছনক 'প্লেহাউচ প্ৰেজেণ্টছ' শৃংখলাত ৰাণীৰ চৰিত্ৰত দেখা গৈছিল। ২০১৯ চনত এনিমেটেড চলচ্চিত্ৰ 'ৰয়েল কৰ্গি'য়ে মুক্তি লাভ কৰিছিল। অভিনেত্ৰী জুলিয়া ৱাল্টাৰছে ছবিখনত ৰাণীৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান কৰিছিল। অভিনেত্ৰী জেনেট চাৰ্লছক ৰাণী দ্বিতীয় এলিজাবেথৰ চৰিত্ৰত কেইবাখনো চলচ্চিত্ৰত দেখা গৈছে। কেৱল ৰাণী দ্বিতীয় এলিজাবেথক লৈ ছবিয়েই নিৰ্মাণ হোৱা নাই। তেওঁৰ জীৱনকলৈ কেইবা খনো নাটকো ৰচনা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু