--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছ ৰাজপৰিয়ালক লৈ  সাধাৰণ মানুহৰ কৌতূহলৰ শেষ নাই। বাকিংহাম পেলেছৰ ভিতৰত কিদৰে থাকে ৰাণী, কি খায় আদি কথাবোৰ সময়ত গৈ গৈ একোটা মন আকৰ্ষণ কৰা  কাহিনীৰ ৰূপ লয়। তেনে কাহিনীসমূহে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। বিশেষকৈ ৰাণী দ্বিতীয় এলিজাবেথৰ দৰে উজ্জ্বল ব্যক্তিত্বই যেন ব্ৰিটিছ ৰাজ পৰিয়ালৰ আন সদস্যতকৈ বহু বেছ পৰিমাণে সাদাৰণ মানুহৰ কাষ চাপিব পাৰিছে।

সেয়ে  ৰাণীৰ  চৰিত্ৰৰ ওপৰত আধাৰিত বহু চলচ্চিত্ৰ, টিভি শৃংখলা আছে। এনে  চলচ্চিত্ৰ, টিভি শৃংখলাত মুঠ  ছয়গৰাকী অভিনেত্ৰীয়ে ৰাণীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।


ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱনকলৈ ষ্টিফেন ফ্ৰেইৰৰ 'দ্য কুইন' ২০০৬ চনত মুক্তি পাইছিল। অভিনেত্ৰী হেলেন মিৰেনক এই ছবিখনত ৰাণী দ্বিতীয় এলিজাবেথৰ চৰিত্ৰত দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে ৰাণীৰ চৰিত্ৰৰ বাবে একাডেমী বঁটা আৰু ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। হেলেনে ৰাণী প্ৰথম এলিজাবেথৰ চৰিত্ৰতো অভিনয় কৰিছিল। ২০০৫ চনত তেওঁ টিভি শৃংখলা 'ফাৰ্ষ্ট এলিজাবেথ'ত অভিনয় কৰিছিল। হেলেন হৈছে একমাত্ৰ অভিনেত্ৰী যিয়ে দুগৰাকী  এলিজাবেথৰ চৰিত্ৰত অভিনয় কৰিছে। 


অভিনেত্ৰী ক্লেয়াৰ ফয়ক নেটফ্লিক্সৰ 'দ্য ক্ৰাউন' শৃংখলাত ৰাণী দ্বিতীয় এলিজাবেথৰ চৰিত্ৰত  দেখা গৈছিল। এনে অভিনয়ৰ বাবে   তেওঁক এমি বঁটাৰে সন্মানিত কৰা হৈছিল। অভিনেত্ৰী অলিভিয়া কলমেনক ২০১৯ ৰ পৰা ২০২০ চনলৈ এক টিভি শৃংখলাত ৰাণীৰ চৰিত্ৰত দেখা গৈছিল। তেওঁ ৰাণীৰ চৰিত্ৰৰ বাবে গোল্ডেন গ্লোৱ বঁটা লাভ কৰিছিল। অলিভিয়াই এমি বঁটাও লাভ কৰিছিল।

২০১২ চনত, অভিনেত্ৰী এমা থম্পছনক 'প্লেহাউচ প্ৰেজেণ্টছ' শৃংখলাত ৰাণীৰ চৰিত্ৰত দেখা গৈছিল। ২০১৯ চনত এনিমেটেড চলচ্চিত্ৰ 'ৰয়েল কৰ্গি'য়ে মুক্তি লাভ কৰিছিল। অভিনেত্ৰী জুলিয়া ৱাল্টাৰছে ছবিখনত ৰাণীৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান কৰিছিল। অভিনেত্ৰী জেনেট চাৰ্লছক ৰাণী দ্বিতীয় এলিজাবেথৰ চৰিত্ৰত কেইবাখনো চলচ্চিত্ৰত দেখা গৈছে। কেৱল ৰাণী দ্বিতীয় এলিজাবেথক লৈ ছবিয়েই নিৰ্মাণ হোৱা নাই। তেওঁৰ জীৱনকলৈ কেইবা খনো নাটকো ৰচনা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী