--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডাকচন ষ্ট’ভৰ পৰিৱৰ্তে এতিয়াও বেছিভাগ মানুহেই ঘৰ আৰু হোটেলত গেছ ষ্ট’ভ ব্যৱহাৰ কৰাটো পছন্দ কৰে, কাৰণ ইয়াৰ পৰা নিৰ্গত শিখাই খাদ্য ভালদৰে ৰন্ধাত সহায় কৰে। কিন্তু ইয়াৰ বাৰ্ণাৰৰ পৰা জুইৰ শিখা কম ওলাবলৈ আৰম্ভ কৰিলে ইয়াৰ ৰন্ধা গুণগত মানৰ প্ৰভাৱ পৰে। বহুবাৰ ব্যৱহাৰৰ পাছত তাত কাৰ্বন জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও আমি বহু সময়ত ৰন্ধা তৰল পদাৰ্থ ছিটিকি বাৰ্ণাৰৰ গাঁতত সোমাই বন্ধ কৰি দিয়ে। জানো আহক ইয়াক কেনেদৰে চফা কৰিব লাগে।

কেনেদৰে গেছ বাৰ্ণাৰ চফা কৰিব?

গেছ বাৰ্ণাৰ কিমান চফা সেয়া গেছ ষ্ট’ভ কিমান ব্যৱহাৰ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি গেছ বাৰ্ণাৰটো তেতিয়া পৰিষ্কাৰ কৰক যেতিয়া জুইৰ শিখা আগৰ তুলনাত কম হয়, বা নীলা শিখাৰ পৰিৱৰ্তে হালধীয়া বা ক’লা শিখা ওলাবলৈ আৰম্ভ কৰে। যদি নিয়মীয়াকৈ ইয়াক চফা কৰা নহয় তেন্তে গেছ অপচয় হ’ব আৰু খাদ্য ভালদৰে ৰান্ধিব নোৱাৰিব। সাধাৰণতে ঘৰুৱা গেছ ষ্ট’ভ বাৰ্ণাৰটো যদি এমাহৰ ভিতৰত পৰিষ্কাৰ কৰে, তেন্তে মলি আৰু গ্রীজে থিতাপি নলয়৷

১) প্ৰথমে গেছ যোগান বন্ধ হৈছে নে নাই পৰীক্ষা কৰক, তাৰপাছত বাৰ্ণাৰ ঠাণ্ডা হ’লে উলিয়াই লওক।

২) এতিয়া বাৰ্ণাৰৰ চাৰিওফালে থকা গাখীৰৰ দাগ, তেল-চিকটি আৰু মলি ভালদৰে মচি দিব।

৩) বাৰ্ণাৰ ধুবলৈ গৰম পানী আৰু বাচন ধোৱাৰ লিকুইড ব্যৱহাৰ কৰিব লাগে।

৪) এতিয়া টুথব্ৰাছ বা সৰু ব্ৰাছ এটা লৈ ধুই শুকুৱাই লওক।

৫) বাচন ধোৱাৰ লিকুইড আৰু টুথব্ৰাছৰ সহায়ত বাৰ্ণাৰ পৰিষ্কাৰ কৰক।

৬) বেজী ব্যৱহাৰ কৰি গাঁতবোৰ ভালদৰে পৰিষ্কাৰ কৰিব লাগে।

৭) এতিয়া ৰ’দত ভালদৰে শুকুৱাই লওক।

৮) শুকুৱাই লোৱাৰ পাছত গেছ বাৰ্ণাৰটো আগতে থকা ঠাইতে ৰাখক।

৯) এতিয়া গেছৰ চৌকাটো অন কৰক, আপোনাৰ জুইৰ শিখা আগতকৈ ভাল হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ