--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডাকচন ষ্ট’ভৰ পৰিৱৰ্তে এতিয়াও বেছিভাগ মানুহেই ঘৰ আৰু হোটেলত গেছ ষ্ট’ভ ব্যৱহাৰ কৰাটো পছন্দ কৰে, কাৰণ ইয়াৰ পৰা নিৰ্গত শিখাই খাদ্য ভালদৰে ৰন্ধাত সহায় কৰে। কিন্তু ইয়াৰ বাৰ্ণাৰৰ পৰা জুইৰ শিখা কম ওলাবলৈ আৰম্ভ কৰিলে ইয়াৰ ৰন্ধা গুণগত মানৰ প্ৰভাৱ পৰে। বহুবাৰ ব্যৱহাৰৰ পাছত তাত কাৰ্বন জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও আমি বহু সময়ত ৰন্ধা তৰল পদাৰ্থ ছিটিকি বাৰ্ণাৰৰ গাঁতত সোমাই বন্ধ কৰি দিয়ে। জানো আহক ইয়াক কেনেদৰে চফা কৰিব লাগে।

কেনেদৰে গেছ বাৰ্ণাৰ চফা কৰিব?

গেছ বাৰ্ণাৰ কিমান চফা সেয়া গেছ ষ্ট’ভ কিমান ব্যৱহাৰ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি গেছ বাৰ্ণাৰটো তেতিয়া পৰিষ্কাৰ কৰক যেতিয়া জুইৰ শিখা আগৰ তুলনাত কম হয়, বা নীলা শিখাৰ পৰিৱৰ্তে হালধীয়া বা ক’লা শিখা ওলাবলৈ আৰম্ভ কৰে। যদি নিয়মীয়াকৈ ইয়াক চফা কৰা নহয় তেন্তে গেছ অপচয় হ’ব আৰু খাদ্য ভালদৰে ৰান্ধিব নোৱাৰিব। সাধাৰণতে ঘৰুৱা গেছ ষ্ট’ভ বাৰ্ণাৰটো যদি এমাহৰ ভিতৰত পৰিষ্কাৰ কৰে, তেন্তে মলি আৰু গ্রীজে থিতাপি নলয়৷

১) প্ৰথমে গেছ যোগান বন্ধ হৈছে নে নাই পৰীক্ষা কৰক, তাৰপাছত বাৰ্ণাৰ ঠাণ্ডা হ’লে উলিয়াই লওক।

২) এতিয়া বাৰ্ণাৰৰ চাৰিওফালে থকা গাখীৰৰ দাগ, তেল-চিকটি আৰু মলি ভালদৰে মচি দিব।

৩) বাৰ্ণাৰ ধুবলৈ গৰম পানী আৰু বাচন ধোৱাৰ লিকুইড ব্যৱহাৰ কৰিব লাগে।

৪) এতিয়া টুথব্ৰাছ বা সৰু ব্ৰাছ এটা লৈ ধুই শুকুৱাই লওক।

৫) বাচন ধোৱাৰ লিকুইড আৰু টুথব্ৰাছৰ সহায়ত বাৰ্ণাৰ পৰিষ্কাৰ কৰক।

৬) বেজী ব্যৱহাৰ কৰি গাঁতবোৰ ভালদৰে পৰিষ্কাৰ কৰিব লাগে।

৭) এতিয়া ৰ’দত ভালদৰে শুকুৱাই লওক।

৮) শুকুৱাই লোৱাৰ পাছত গেছ বাৰ্ণাৰটো আগতে থকা ঠাইতে ৰাখক।

৯) এতিয়া গেছৰ চৌকাটো অন কৰক, আপোনাৰ জুইৰ শিখা আগতকৈ ভাল হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা