--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গীতা  হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মুখ নিসৃত বাক্যৰ ওপৰত আধাৰিত  গ্ৰন্থ । এই গ্ৰন্থ  হিন্দু ধৰ্মৰ এখন অতি মূল্যৱান তথা পবিত্ৰ গ্ৰন্থ। যদি কোনোবাই জীৱনত গীতাৰ  কথা মানি চলে তেন্তে জীৱনত তেওঁৰ সফলতা কোনেও ৰোধ কৰিব নোৱাৰে।  কোৱা হয় যে জীৱনত যদি কিবা সমস্যা থাকে, যদি হতাশ হয় তেন্তে গীতা পঢ়ক।  পৃথিৱীৰ কোনো সমস্যা নাই যিটোৰ গীতাই সমাধান কৰিব নোৱাৰে। ই এক দৰ্শন।  গীতাই  বহু মহান আত্মাক অনুপ্ৰাণিত কৰিছে আৰু ভৱিষ্যত প্ৰজন্মকো এই গ্ৰন্থৰ অমৃতবাণীয়ে অনুপ্ৰাণিত কৰিব।

দেখা যায় যে একাংশ লোকে নতুন  সফলতাৰ সোৱাদ লোৱাৰ লগে লগে কিছুমানে বাৰে বাৰে বিফলতাৰ আন্ধাৰত খেপিয়াই ফুৰে। চেষ্টা কৰিলেও জীৱনত সফলতা লাভ কৰিব নোৱাৰে। গীতাত শ্ৰীকৃষ্ণই আমাৰ কেইটামান বিশেষ কথাক বিফলতাৰ বাবে দোষাৰোপ কৰিছে। যিসকলৰ ক্ষেত্ৰত এই কথাবোৰ মিলে   তেওঁলোকে জীৱনত কেতিয়াও সফল হ’ব নোৱাৰে। সেইবোৰ কি কি জানো আহক...

১. ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিসকলে নিজৰ সুখ আনৰ লগত ভাগ কৰি ভাল নাপায়, তেওঁলোকৰ সুখ বেছি দিন নাথাকে। গতিকে যদি আপুনি নিজৰ সুখ নিজৰ মাজতে ৰাখে তেন্তে সফলতাই আপোনাক এৰি যাব।

২. অতি কম সময়ৰ ভিতৰতে জীৱনত মহান সফলতা লাভ কৰিবলৈ মন যায়। কিন্তু মনত ৰাখিব যে প্ৰকৃত সুখ আৰু সফলতা কেতিয়াও খৰখেদাকৈ লাভ কৰা নহয়। ডাঙৰ সফলতা লাভ কৰাৰ সময়তে বহুতে  জীৱনৰ সৰু সৰু লক্ষ্যবোৰ পাহৰি যায়। এই কথাই হৈছে আমাৰ জীৱনত সফলতাৰ আটাইতকৈ ডাঙৰ বাধা।

৩. গীতাত শ্ৰীকৃষ্ণই বাৰে বাৰে উপলব্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কৈছে  যে নিজকে ভালদৰে চিনি নোপোৱা মানুহ সফল হ’ব নোৱাৰে। যদি আমি আমাৰ শক্তি আৰু দুৰ্বলতা ক’ত আছে সেয়া উপলব্ধি কৰিব পাৰো, তেতিয়াহে আমি সফলতাৰ বাটত খোজ দিব পাৰিম।

৪. বহুতে নিজকে আনৰ লগত তুলনা কৰে। কিন্তু এই কথা একেবাৰে ভাল নহয়। আনৰ তুলনা আৰু অনুকৰণ কৰিলে  কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যৰ পৰা বিচলিত হোৱাৰ আশংকা থাকে।

আমাৰ জীৱনৰ সকলো সমস্যাৰ সমাধান গীতাত আছে। গতিকে আমি সকলোৱে নিয়মীয়াকৈ গীতা পঢ়া উচিত। জীৱনত গীতাৰ কথা মানি চলিলে সকলো কঠিন কাম সহজ হৈ পৰে, আমি সকলো বেয়া সময় সহজেই জয় কৰিব পাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ