--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গীতা  হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মুখ নিসৃত বাক্যৰ ওপৰত আধাৰিত  গ্ৰন্থ । এই গ্ৰন্থ  হিন্দু ধৰ্মৰ এখন অতি মূল্যৱান তথা পবিত্ৰ গ্ৰন্থ। যদি কোনোবাই জীৱনত গীতাৰ  কথা মানি চলে তেন্তে জীৱনত তেওঁৰ সফলতা কোনেও ৰোধ কৰিব নোৱাৰে।  কোৱা হয় যে জীৱনত যদি কিবা সমস্যা থাকে, যদি হতাশ হয় তেন্তে গীতা পঢ়ক।  পৃথিৱীৰ কোনো সমস্যা নাই যিটোৰ গীতাই সমাধান কৰিব নোৱাৰে। ই এক দৰ্শন।  গীতাই  বহু মহান আত্মাক অনুপ্ৰাণিত কৰিছে আৰু ভৱিষ্যত প্ৰজন্মকো এই গ্ৰন্থৰ অমৃতবাণীয়ে অনুপ্ৰাণিত কৰিব।

দেখা যায় যে একাংশ লোকে নতুন  সফলতাৰ সোৱাদ লোৱাৰ লগে লগে কিছুমানে বাৰে বাৰে বিফলতাৰ আন্ধাৰত খেপিয়াই ফুৰে। চেষ্টা কৰিলেও জীৱনত সফলতা লাভ কৰিব নোৱাৰে। গীতাত শ্ৰীকৃষ্ণই আমাৰ কেইটামান বিশেষ কথাক বিফলতাৰ বাবে দোষাৰোপ কৰিছে। যিসকলৰ ক্ষেত্ৰত এই কথাবোৰ মিলে   তেওঁলোকে জীৱনত কেতিয়াও সফল হ’ব নোৱাৰে। সেইবোৰ কি কি জানো আহক...

১. ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিসকলে নিজৰ সুখ আনৰ লগত ভাগ কৰি ভাল নাপায়, তেওঁলোকৰ সুখ বেছি দিন নাথাকে। গতিকে যদি আপুনি নিজৰ সুখ নিজৰ মাজতে ৰাখে তেন্তে সফলতাই আপোনাক এৰি যাব।

২. অতি কম সময়ৰ ভিতৰতে জীৱনত মহান সফলতা লাভ কৰিবলৈ মন যায়। কিন্তু মনত ৰাখিব যে প্ৰকৃত সুখ আৰু সফলতা কেতিয়াও খৰখেদাকৈ লাভ কৰা নহয়। ডাঙৰ সফলতা লাভ কৰাৰ সময়তে বহুতে  জীৱনৰ সৰু সৰু লক্ষ্যবোৰ পাহৰি যায়। এই কথাই হৈছে আমাৰ জীৱনত সফলতাৰ আটাইতকৈ ডাঙৰ বাধা।

৩. গীতাত শ্ৰীকৃষ্ণই বাৰে বাৰে উপলব্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কৈছে  যে নিজকে ভালদৰে চিনি নোপোৱা মানুহ সফল হ’ব নোৱাৰে। যদি আমি আমাৰ শক্তি আৰু দুৰ্বলতা ক’ত আছে সেয়া উপলব্ধি কৰিব পাৰো, তেতিয়াহে আমি সফলতাৰ বাটত খোজ দিব পাৰিম।

৪. বহুতে নিজকে আনৰ লগত তুলনা কৰে। কিন্তু এই কথা একেবাৰে ভাল নহয়। আনৰ তুলনা আৰু অনুকৰণ কৰিলে  কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যৰ পৰা বিচলিত হোৱাৰ আশংকা থাকে।

আমাৰ জীৱনৰ সকলো সমস্যাৰ সমাধান গীতাত আছে। গতিকে আমি সকলোৱে নিয়মীয়াকৈ গীতা পঢ়া উচিত। জীৱনত গীতাৰ কথা মানি চলিলে সকলো কঠিন কাম সহজ হৈ পৰে, আমি সকলো বেয়া সময় সহজেই জয় কৰিব পাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ