--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়ন্স। সম্পূৰ্ণ নাম- বিয়ন্স ন'লেছ-কাৰ্টাৰ। আধুনিক পপ সংগীতৰ সম্ৰাজ্ঞীগৰাকী বিশ্ববাসীয়ে ‘কুইন বি’ নামেৰে উল্লেখ কৰে। সংগীতৰ বাবেই অপাৰ জনপ্ৰিয়তা আৰু সাফল্য লাভ কৰিছে বিয়ন্সে।

সোমবাৰে গ্ৰেমী বঁটাৰ ইতিহাসত নিজৰ নাম খোদিত কৰিলে বিয়ন্সে। তাৰকা গায়িকাগৰাকীয়ে ৩২ সংখ্যক গ্ৰেমী বঁটা লাভ কৰি এক অভিলেখ গঢ়ি তুলিলে। বিগত ২০ বছৰ ধৰি এই নজিৰ হাংগেৰী-ব্ৰিটিছ অৰ্কেষ্ট্ৰা শিল্পী ছাৰ জৰ্জ ছল্টীৰ নামত আছিল। তেওঁ ৩১টা গ্ৰেমী বঁটা লাভ কৰি এক নজিৰ গঢ়ি তুলিছিল।

৬ ফেব্ৰুৱাৰীত গ্ৰেমীৰ মঞ্চত বিয়ন্সে সেই অভিলেখ ভংগ কৰিলে। পপ জগতৰ মহিলা সংগীতজ্ঞসকলৰ বাবে ই কম কথা নহয়! 
অনুপ্ৰেৰণা যোগালে এডেল, টেইলৰ চুইফটৰ দৰে নতুন তাৰকাসকলক।

জীৱনৰ প্ৰতিটো খোজতে বিয়ন্সে নিজৰ শিল্পকলা প্ৰদৰ্শন কৰি আহিছে। এটা সুন্দৰ কণ্ঠ, গীতৰ মৰ্মস্পৰ্শী কথাসমূহে শ্ৰোতাৰ হৃদয়ত দাগ কাটি যায়। তাৰলগতে থাকে এক শক্তিশালী পৰিবেশন।

সাংগিতীক মঞ্চসমূহত দুৰ্দান্ত প্ৰদৰ্শন কৰে বিয়ন্সে। কেৱল মঞ্চতে নহয়, মঞ্চৰ বাহিৰতো তেওঁৰ মনোমোহা ব্যক্তিত্বত অনুৰাগীসকল আপ্লুত হয়। তেওঁ নিজৰ খ্যাতি আৰু সৌভাগ্যৰে কেইবাটাও সামাজিক কুসংস্কাৰো ভাঙি পেলাইছিল।

২০১২ চনত প্ৰথম সন্তান ব্লু আইভী কাৰ্টাৰ জন্ম দিয়াৰ পিছত ২০১৭ চনত দ্বিতীয়টো গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল বিয়ন্সে। গৰ্ভাৱস্থাৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। কিছুমান ছবিত তাই কেৱল আণ্ডাৰৱেৰ পিন্ধিছে, কিছুমান ছবিত তাই সম্পূৰ্ণৰূপে উন্মুক্ত।

বিয়ন্সৰ এই সাহসী ফটোশ্বুটৰ বাবে প্ৰশংসা কৰা হৈছিল। সেই বছৰ গ্ৰেমীত সোণালী পোছাক পিন্ধি নিজৰ প্ৰুস্ফুটি গৰ্ভাৱস্থাৰ উদৰো প্ৰদৰ্শন কৰিছিল পপ তাৰকাগৰাকীয়ে।

ছ’চিয়েল মিডিয়াত এইসমূহে ধুমুহাৰ সৃষ্টি কৰিছিল। সমালোচকসকলে মন্তব্য কৰে যে এই ফটোশ্বুটটো গৰ্ভৱতী মহিলাৰ শৰীৰৰ বিষয়ে সামাজিক কু-সংস্কাৰ ভংগ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গৰ্ভাৱস্থাৰ নগ্ন ফটোগ্ৰাফীৰ অন্যতম মাইলৰ খুঁটি হৈ পৰিল বিয়ন্সৰ ফটো শ্বুট।

সংগীতজ্ঞ হিচাপে লাইমলাইটলৈ অহাৰ পিছৰে পৰা বিয়ন্সে বহুবাৰ নিজৰ শিল্পকলা আৰু ব্যক্তিত্বৰ জৰিয়তে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে। সেইবাবেই বিয়ন্সক এক অনন্য ‘আইকন’ হিচাপে উদযাপন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক