--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়ন্স। সম্পূৰ্ণ নাম- বিয়ন্স ন'লেছ-কাৰ্টাৰ। আধুনিক পপ সংগীতৰ সম্ৰাজ্ঞীগৰাকী বিশ্ববাসীয়ে ‘কুইন বি’ নামেৰে উল্লেখ কৰে। সংগীতৰ বাবেই অপাৰ জনপ্ৰিয়তা আৰু সাফল্য লাভ কৰিছে বিয়ন্সে।

সোমবাৰে গ্ৰেমী বঁটাৰ ইতিহাসত নিজৰ নাম খোদিত কৰিলে বিয়ন্সে। তাৰকা গায়িকাগৰাকীয়ে ৩২ সংখ্যক গ্ৰেমী বঁটা লাভ কৰি এক অভিলেখ গঢ়ি তুলিলে। বিগত ২০ বছৰ ধৰি এই নজিৰ হাংগেৰী-ব্ৰিটিছ অৰ্কেষ্ট্ৰা শিল্পী ছাৰ জৰ্জ ছল্টীৰ নামত আছিল। তেওঁ ৩১টা গ্ৰেমী বঁটা লাভ কৰি এক নজিৰ গঢ়ি তুলিছিল।

৬ ফেব্ৰুৱাৰীত গ্ৰেমীৰ মঞ্চত বিয়ন্সে সেই অভিলেখ ভংগ কৰিলে। পপ জগতৰ মহিলা সংগীতজ্ঞসকলৰ বাবে ই কম কথা নহয়! 
অনুপ্ৰেৰণা যোগালে এডেল, টেইলৰ চুইফটৰ দৰে নতুন তাৰকাসকলক।

জীৱনৰ প্ৰতিটো খোজতে বিয়ন্সে নিজৰ শিল্পকলা প্ৰদৰ্শন কৰি আহিছে। এটা সুন্দৰ কণ্ঠ, গীতৰ মৰ্মস্পৰ্শী কথাসমূহে শ্ৰোতাৰ হৃদয়ত দাগ কাটি যায়। তাৰলগতে থাকে এক শক্তিশালী পৰিবেশন।

সাংগিতীক মঞ্চসমূহত দুৰ্দান্ত প্ৰদৰ্শন কৰে বিয়ন্সে। কেৱল মঞ্চতে নহয়, মঞ্চৰ বাহিৰতো তেওঁৰ মনোমোহা ব্যক্তিত্বত অনুৰাগীসকল আপ্লুত হয়। তেওঁ নিজৰ খ্যাতি আৰু সৌভাগ্যৰে কেইবাটাও সামাজিক কুসংস্কাৰো ভাঙি পেলাইছিল।

২০১২ চনত প্ৰথম সন্তান ব্লু আইভী কাৰ্টাৰ জন্ম দিয়াৰ পিছত ২০১৭ চনত দ্বিতীয়টো গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল বিয়ন্সে। গৰ্ভাৱস্থাৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। কিছুমান ছবিত তাই কেৱল আণ্ডাৰৱেৰ পিন্ধিছে, কিছুমান ছবিত তাই সম্পূৰ্ণৰূপে উন্মুক্ত।

বিয়ন্সৰ এই সাহসী ফটোশ্বুটৰ বাবে প্ৰশংসা কৰা হৈছিল। সেই বছৰ গ্ৰেমীত সোণালী পোছাক পিন্ধি নিজৰ প্ৰুস্ফুটি গৰ্ভাৱস্থাৰ উদৰো প্ৰদৰ্শন কৰিছিল পপ তাৰকাগৰাকীয়ে।

ছ’চিয়েল মিডিয়াত এইসমূহে ধুমুহাৰ সৃষ্টি কৰিছিল। সমালোচকসকলে মন্তব্য কৰে যে এই ফটোশ্বুটটো গৰ্ভৱতী মহিলাৰ শৰীৰৰ বিষয়ে সামাজিক কু-সংস্কাৰ ভংগ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গৰ্ভাৱস্থাৰ নগ্ন ফটোগ্ৰাফীৰ অন্যতম মাইলৰ খুঁটি হৈ পৰিল বিয়ন্সৰ ফটো শ্বুট।

সংগীতজ্ঞ হিচাপে লাইমলাইটলৈ অহাৰ পিছৰে পৰা বিয়ন্সে বহুবাৰ নিজৰ শিল্পকলা আৰু ব্যক্তিত্বৰ জৰিয়তে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে। সেইবাবেই বিয়ন্সক এক অনন্য ‘আইকন’ হিচাপে উদযাপন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু