--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰৰ মঞ্চতে নহয়, এইবাৰ গ্ৰেমীৰ মঞ্চত অৱহেলিত সুৰ সম্ৰাজ্ঞী। গ্ৰেমী বঁটা ২০২২ৰ অনুষ্ঠানটো কিংবদন্তি সংগীত শিল্পী লতা মংগেশকাৰৰ প্ৰতি জ্ঞাপন কৰা নহ’ল শ্ৰদ্ধাঞ্জলি। বিশ্ব সমাদৃত অনুষ্ঠানৰ মঞ্চত অৱহেলিত সুৰ সম্ৰাজ্ঞী। ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে সচেতন নাগৰিক। একাংশই এনে কাৰ্যক লজ্জাজনক আখ্যা দিছে।

স্মৰ্তব্য যে, ভাৰতৰত্ন লতা মংগেশকাৰে চলিত বৰ্ষৰ ৮ জানুৱাৰীতে কৰ’নাত আক্ৰান্ত হৈছিল। পৰৱৰ্তী সময়ত কৰ’নাৰ লগতে কিংবদন্তি শিল্পীগৰাকীয়ে নিউমোনিয়াতো আক্ৰান্ত হোৱাৰ খবৰ আহিছিল। ৯২ বছৰীয়া শিল্পীগৰাকী মুম্বাইৰ ব্ৰিচ কেণ্ডী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ৬ ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে। 

১৯৫০ৰ দশকৰ পৰা কেইবা দশক ধৰি 'কোকিলকন্ঠী'ৰ গীতে বিমুগ্ধ কৰিছে দেশবাসীক। ‘আয়েগা আনেৱালা…’, ‘প্যাৰ কিয়া তো ডৰনা ক্যা…’, ‘আল্লা তেৰা নাম…’, ‘কহী দীপ জ্বলে…’ ইত্যাদি ’৬০, ’৭০ দশকৰ এই গীতবোৰে সেই সময়তে যি জনপ্ৰিয়তাৰ শীষৰ চুইছিল সেয়া আজিও অম্লান। তথাপি অস্কাৰৰ মঞ্চত লতা মংগেশকাৰৰ নাম এবাৰলৈও উচ্চাৰিত নহ’ল, গ্ৰেমীৰ মঞ্চতো প্ৰয়াত শিল্পীসকলৰ স্মৃতিচাৰণ অনুষ্ঠানতো উচ্চাৰিত নহ’ল লতা মংগেশকাৰৰ নাম। পৰৱৰ্তী সময়ত অৱশ্যে গ্ৰেমীৰ ৱেবছাইটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে একাংশ ভাৰতীয়।

‘অস্কাৰ আৰু গ্ৰেমী বঁটাসমূহে বৈচিত্ৰ্যৰ বিষয়ে নানা কথা প্ৰচাৰ কৰে, কিন্তু আশ্চৰ্যজনকভাৱে প্ৰয়াত শিল্পীসকলৰ স্মৃতিচাৰণ অনুষ্ঠানত কোনেও লতা মংগেশকাৰৰ নাম নল’লে।’ এনেকৈয়ে ক্ষোভ প্ৰকাশ কৰিছে একাংশই। সমগ্ৰ বিষয়টোক লজ্জাজনক আখ্যা দি এজনে কয় যে, ‘গ্ৰেমীৰ স্মৃতিত লতা মংগেশকাৰ নাই... এইটো অতি লজ্জাজনক! কেনেকৈ এজন বিশ্ববিখ্যাত সংগীত শিল্পীক এনেকৈ বাদ দিব পাৰে আপোনালোকে?’ 

সম্প্ৰতি টুইটাৰ টুইটেৰে ভৰি পৰিছে। কিংবদন্তি শিল্পীজনৰ নাম হৈ পৰিছে ট্ৰেণ্ডিং। ইফালে, ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গুনী শ্বাহে গ্ৰেমী মঞ্চত দৃষ্টি কাঢ়িছে সকলোৰে। চিলড্ৰেন মিউজিক বিভাগত ফাল্গুনীৰ এলবাম 'এ কালাৰফুল ৱৰ্ল্ড'-এ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু