--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰৰ মঞ্চতে নহয়, এইবাৰ গ্ৰেমীৰ মঞ্চত অৱহেলিত সুৰ সম্ৰাজ্ঞী। গ্ৰেমী বঁটা ২০২২ৰ অনুষ্ঠানটো কিংবদন্তি সংগীত শিল্পী লতা মংগেশকাৰৰ প্ৰতি জ্ঞাপন কৰা নহ’ল শ্ৰদ্ধাঞ্জলি। বিশ্ব সমাদৃত অনুষ্ঠানৰ মঞ্চত অৱহেলিত সুৰ সম্ৰাজ্ঞী। ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে সচেতন নাগৰিক। একাংশই এনে কাৰ্যক লজ্জাজনক আখ্যা দিছে।

স্মৰ্তব্য যে, ভাৰতৰত্ন লতা মংগেশকাৰে চলিত বৰ্ষৰ ৮ জানুৱাৰীতে কৰ’নাত আক্ৰান্ত হৈছিল। পৰৱৰ্তী সময়ত কৰ’নাৰ লগতে কিংবদন্তি শিল্পীগৰাকীয়ে নিউমোনিয়াতো আক্ৰান্ত হোৱাৰ খবৰ আহিছিল। ৯২ বছৰীয়া শিল্পীগৰাকী মুম্বাইৰ ব্ৰিচ কেণ্ডী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ৬ ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে। 

১৯৫০ৰ দশকৰ পৰা কেইবা দশক ধৰি 'কোকিলকন্ঠী'ৰ গীতে বিমুগ্ধ কৰিছে দেশবাসীক। ‘আয়েগা আনেৱালা…’, ‘প্যাৰ কিয়া তো ডৰনা ক্যা…’, ‘আল্লা তেৰা নাম…’, ‘কহী দীপ জ্বলে…’ ইত্যাদি ’৬০, ’৭০ দশকৰ এই গীতবোৰে সেই সময়তে যি জনপ্ৰিয়তাৰ শীষৰ চুইছিল সেয়া আজিও অম্লান। তথাপি অস্কাৰৰ মঞ্চত লতা মংগেশকাৰৰ নাম এবাৰলৈও উচ্চাৰিত নহ’ল, গ্ৰেমীৰ মঞ্চতো প্ৰয়াত শিল্পীসকলৰ স্মৃতিচাৰণ অনুষ্ঠানতো উচ্চাৰিত নহ’ল লতা মংগেশকাৰৰ নাম। পৰৱৰ্তী সময়ত অৱশ্যে গ্ৰেমীৰ ৱেবছাইটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে একাংশ ভাৰতীয়।

‘অস্কাৰ আৰু গ্ৰেমী বঁটাসমূহে বৈচিত্ৰ্যৰ বিষয়ে নানা কথা প্ৰচাৰ কৰে, কিন্তু আশ্চৰ্যজনকভাৱে প্ৰয়াত শিল্পীসকলৰ স্মৃতিচাৰণ অনুষ্ঠানত কোনেও লতা মংগেশকাৰৰ নাম নল’লে।’ এনেকৈয়ে ক্ষোভ প্ৰকাশ কৰিছে একাংশই। সমগ্ৰ বিষয়টোক লজ্জাজনক আখ্যা দি এজনে কয় যে, ‘গ্ৰেমীৰ স্মৃতিত লতা মংগেশকাৰ নাই... এইটো অতি লজ্জাজনক! কেনেকৈ এজন বিশ্ববিখ্যাত সংগীত শিল্পীক এনেকৈ বাদ দিব পাৰে আপোনালোকে?’ 

সম্প্ৰতি টুইটাৰ টুইটেৰে ভৰি পৰিছে। কিংবদন্তি শিল্পীজনৰ নাম হৈ পৰিছে ট্ৰেণ্ডিং। ইফালে, ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গুনী শ্বাহে গ্ৰেমী মঞ্চত দৃষ্টি কাঢ়িছে সকলোৰে। চিলড্ৰেন মিউজিক বিভাগত ফাল্গুনীৰ এলবাম 'এ কালাৰফুল ৱৰ্ল্ড'-এ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ